এমুঠি সুখ এমুঠি ভোগ
ডাঃ ৰশ্মিতা শইকীয়া
পুহমহীয়া ফেৰফেৰীয়া বতাহজাক পশ্চিমমুৱা হৈ বলিছে। বান্দৰ টুপীটোৰে নাকটোও ঢাকি কেৱল চকুকেইটাহে ওলিয়াই লৈ আলিবাটৰপৰা নামি পথাৰেদি খোজ ল'লো। মাজৰআটিলৈ আধাফাৰ্লংমান চমু হয় পথাৰেদি পোনালে। গোবাটটোতে গোবিন্দ ৰৈ থাকিব। দুখন তামোলখোৱাৰ বাট তাৰ ওচৰ পাবলৈ। এবাৰ ঘূৰি চালোঁ। কুঁৱলীৰ চাদৰ এখনে আমাৰ গাওঁখন ঢাকি ৰাখিছে।
গাওঁখনৰ এমূৰে থকা তিনিকোঠলীয়া সৰু ঘৰটোতে পৰম শান্তিৰে এই মূহুৰ্তত শুই আছে মোৰ পত্নী নিৰলা আৰু আমাৰ এমহীয়া সন্তান। আনটো কোঠালিত 'বৌ' , বৌটি। আহিলে অহৰহ আহিয়েই থকা কাহ এটাই আমনি কৰি থাকে বাবে বৌটিয়ে গাঁওবুঢ়াৰ ঘৰৰপৰা খুজি অনা বালি এবাটি ভাজি টোপোলা কৰি বুকুত সেকি দি লৈহে টোপনি যায়। কাহৰ দৰৱ এচিচা আনিবলৈ ও যে অসমৰ্থ মই এতিয়া।
নিৰলাৰ বুকুৰ গাখীৰ কম পাইছে কেঁচুৱাটোৱে। দুৰ্বল সি। কেইবাদিনৰে পৰা তাই কেঁচুৱাই খোৱা পাওডাৰ গাখীৰৰ টেমা এটা আনিবলৈ কৈ আছে মোক। কেনেকৈনো পাৰোঁ? দামোতো কম নহ'ব চাগে। আগতে দুবাৰকৈ গা খহা নিৰলাৰ চকুৰ আকুলতাখিনিৰ ওচৰত মই অসহায় হৈ পৰোঁ।
মাঘ সোমাবলৈ আৰু দহদিন বাকী। দুখীয়াৰনো কিহৰ ভোগালী আকৌ? ভেটি মাটিৰ টুকুৰাটোৰ বাদে আন সম্পত্তি নাই মোৰ। যোৱাটো বছৰৰ প্ৰলয়ংকৰী বানত কপিলীখন যি এবাৰ বাৰীখনলৈ সোমাল ওলোৱাৰ নামেই নল'লে। এবিঘা মাটি তেনেই খহাই পেলালে। তাৰ আগে আগে বহাগত নিৰলাক আনি ঘৰ সোমোৱাইছিলোঁহে। গজালি এটা গোজ মাৰিলেই গালে গালে আলু, ওলকবি হোৱা মাটিডৰাক এনেকৈ কপিলীয়ে সামৰি ল'ব বুলি ভৱা নাছিলোঁ। পেটে ভাতে খাই থকাৰো মুদা মাৰিলে নৈখনে। সাঁচতীয়া টকাকেইটাৰে কেইদিন চলিমনো?
উপায়হীন হৈ দিন হাজিৰা কৰিবলৈ যাবলৈ ধৰিলোঁ।বানে সৰ্বস্বান্ত কৰা গাঁৱৰ সকলো মানুহ। কোনে হাজিৰাত মানুহ লগাব?
বহুদিনৰেপৰা গোবিন্দৰ লগত গুণা গঁথা কৰি এয়া আজি ওলাই আহিছোঁ। সি এইটো বৃত্তিত পাৰ্গত আগৰেপৰাই। এৰীয়া চাদৰখন ভালদৰে মেৰিয়াই লৈ খুপি খুপি আগুৱাই গ'লো পথাৰৰ আলিয়েদি। যদি গোবিন্দই কোৱামতে পইছাখিনি সঠিক ঠাইত পাওঁগৈ কিছুদিনলৈ চিন্তা কমিব। দুটকামান বচাই ৰাখি তামোলকেইথোক বিক্ৰী কৰি বলীনে বেচিম বুলি কৈ থকা গাইজনীও যদি কিনিব পাৰোঁ গাখীৰকণৰ চিন্তাটো নোহোৱা হ'ব। কেইসেৰমান বেচিবও পৰা যাব। কেইমাহমান পিছত যদি পদূলি মূৰতে দোকান এখনো দিব পাৰো। নিমখ , ৰংগুৰি, চেনি, দিয়াছলাই, ধেলা চাবোন, নীল, লুজনগুটি এনেকুৱা কেইটামান থাওকতে লগা বস্তুৰ কাৰণে গাঁৱৰ মানুহমখা আলিমূৰৰ যতীনৰ দোকানলৈ নগ'লেও হ'ব তেতিয়া। দুপদমান বস্তু বেছিকৈ মজুত ৰাখিলেই হ'ল। মই যেন পথাৰৰ আলিয়েদি নহয় সপোন এটাৰ মাজেৰেহে খেপিয়াই আগবাঢ়িছিলোঁ। খোজ খৰ হৈছিল মোৰ।
গোবিন্দ ৰৈ আছিল মোলৈ। এষাৰো কথাৰ বিনিময় নোহোৱাকৈ মই তাৰ পিছে পিছে গ'লো। গাঁৱৰ মূল পথেৰে নগৈ মানুহৰ ঘৰৰ পিছফালৰ বাৰীয়ে বাৰীয়ে গ'লো। কনক ঠিকাদাৰৰ ঘৰলৈ বুলিয়েই আহিছোঁ।ঘৰৰ সকলো মিতিৰৰ বিয়া খাবলৈ গৈছে। কোনোবা এটাক ৰখীয়া থৈ গৈছে বুলি জানে গোবিন্দই। সন্ধিয়াতে মন্ত্ৰপূত মৰটোপনি অহা পানী অকণ জাৰি ছটিয়াই থৈ গৈছে ঠিকাদাৰৰ পদূলিত। সেইকণ পানীৰ ওপৰত তাৰ অগাধ বিশ্বাস। আহি আহি এইবাৰ মানুহ এঘৰৰ পিছচোতাল পালোঁহি। আৰু দুঘৰ পাৰ হৈয়েই ঠিকাদাৰৰ ঘৰ। কিছুসময় মানুহঘৰৰ চোতালতে ৰৈ উশাহটো দীঘলকৈ টানি ল'লো। এই ঠাণ্ডাটো ঘামিছোঁ মই ।
ঘৰখনৰ পৰা মুনিহ তিৰোতা এহালৰ চেপা মাত শুনিলো। এই সময়ত গাঁৱৰ মানুহ শুই নিঃপালি দিয়ে। এইকেইটাইনো কি কৰিছে ইমান দেৰিলৈকে? গোবিন্দই ঘৰটোৰ ওচৰলৈ টানি নিলে মোক। এই ঘিটমিটিয়া আন্ধাৰতো নিষিদ্ধ কিবা এক দেখা নাপালেও শুনাৰ আগ্ৰহতে মই আৰু গোবিন্দই জহি খহি যোৱা বেৰখনৰ বাহিৰফালে কাণ ঊণালো।
"চহৰৰ ডাক্তৰে কৈছে মামৰ লগা টিনে কটা কাৰণে সোণৰ ভৰিখনতো মামৰ লগাৰ দৰেই ঘা লাগিছে। ঘাঁডোখৰ নাকাটিলে ভৰিখনো পচি যাব। ৰূপ দহকুৰিমানৰ যোগাৰ লাগিবই বোলে। কেনেকৈনো কৰোঁ বাৰু হয়নে? প্ৰভু ভগৱন্তই কৃপা কৰিলেহে কৰা আৰু। বিহুৰ আগতেই মাতিছে ডাক্তৰে টকাৰ যোগাৰ কৰি।"
"কনক ঠিকাদাৰৰ ওচৰলৈ যাওঁতে ভেটিৰ মাটিকণৰ কথাই ক'লেচোন। বন্ধকত মাটিকণ থোৱা মানেই ঠিকাদাৰক চমজাই দিয়াই হ'ব। কৃপা কৰা বাসুদেৱ!"
গোবিন্দই আন্ধাৰতেই মোলৈ এপাক ঘূৰি চালে। দুয়ো আকৌ আগবাঢ়ি ঠিকাদাৰৰ ঘৰৰ পিছচোতাল পালোঁগৈ । কেঁচীবাটাম দিয়া বহুকোঠলীয়া নতুন ঘৰটোৰপৰা চূণ তেল আলকাতৰাৰ গোন্ধ ওলাই আছে। ভঁৰালৰপৰা অহা নতুন ধানৰ গোন্ধৰে মলমলাই আছে চোতাল। ধনীৰ গোন্ধ এয়া। নখোৱা ডাঙৰকৈ পাতে ঠিকাদাৰে। এৰা ধনীৰহে ভোগ আৰু ভোগালী।
গোবিন্দই মোলৈ চালে, হাঁহিলে, একো নুসুধিলে।
মইয়ো সি বুজি পোৱা বুলিয়েই নক'লো যে টকা দহকুৰি ভগা বেৰৰ জলঙাৰে ঢুকি পোৱা প্ৰভু ভগৱন্তৰ থাপনা এখনত থৈ আহিছোঁ মই। ঘাঁ এডোখৰ বাঢ়ি শৰীৰ আৰু বুকুবোৰত মামৰে নধৰক বুলিয়েই!
এইবাৰ ভোগালীত কোনোবাই পেটৰ ভোগকণ নাপালেও মনৰ সুখকণ পাওঁক বুলিয়েই!!
(গল্পৰ বৰ্ণনাকাল ৯০ দশকৰ)
ডাঃ ৰশ্মিতা শইকীয়া
(ফিজিঅ'থেৰাপিষ্ট)
কল্যাণপুৰ, কামপুৰ
No comments:
Post a Comment