গ্ৰীষ্মৰ শেষত
স্বপ্নালী কলিতা
কোনোবা এটা উদগ্ৰ গ্ৰীষ্মৰ
পহিলা দিনত
প্ৰথমখিলা পাত জ্বলিবলৈ লওতেই
মই হেনো ভূমিস্থ হৈছিলোঁ
সেই তাহানিৰে পৰা
প্ৰতিটো গ্ৰীষ্মই সাৰ-পানীৰে
মোৰ শৰীৰটো
যেনেকৈ নিটোল কৰিছে;
তেনেকৈয়ে...
ছেগ বুজি দানী হোৱাৰ
শিকাইছে মহামন্ত্ৰ
আৰু মই অবালচন্দে
বিনা প্ৰতিবাদে
মোৰ শৰীৰৰ এটা এটা অংগ
চুৰিকাঘাট কৰি
গ্ৰীষ্মৰ জ্বলন্ত কুণ্ডত
আহুতি দিছোঁ।
আজি গ্ৰীষ্মৰ শেষৰটো দিন
মই বহি আছোঁ
ককৰ্শ শব্দৰ মৰ্মৰনিত
এখিলা এঙেৰুৱা
অংগহীন
পাত হৈ
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩
No comments:
Post a Comment