পবিত্ৰ ভাদ মাহৰ তাৎপৰ্যঃ চমু অৱলোকন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

পবিত্ৰ ভাদ মাহৰ তাৎপৰ্যঃ চমু অৱলোকন

 

পবিত্ৰ ভাদ মাহৰ তাৎপৰ্যঃ চমু অৱলোকন


শিৱ প্ৰসাদ ৰাভা হাদু

ছাটাবাৰী, গোৱালপাৰা


“জয় গুৰু শংকৰ   সৰ্বাগুণাকৰ

       যাকেৰি নাহিকে উপাম,

তাহেৰি চৰণকু    বেণু শত কৌটি

         বাৰেক কৰহু প্ৰমাণ৷”

  অসমীয়া সমাজ জীৱনৰ এটি পবিত মাহ হ’ল ভাদ মাহ আৰু এই ভাদ মাহত অসমৰ ইমুৰৰ পৰা সিমুৰলৈ নামঘৰে নামঘৰে শংক, ডবা, কাঁহৰ শব্দেৰে মুখৰিত হৈ ভক্তি ভাৱেৰে বুৰ গৈ থাকে অসমীয়া সমাজে৷অসমীয়া লোকজীৱন সমাজত ভাদ মাহক পবিত্ৰ জ্ঞান কৰা হয় আৰু এই মাহত মঠ,মন্দিৰ,নামঘৰ,সত্ৰ আদিত চৈধ্য প্ৰসংগ নাম কীৰ্তনেৰে মুখৰিত হৈ থকাৰ বাবে প্ৰতিজন অসমীয়াই নাম প্ৰসংগ শুনি মুৰ দোখাই সেৱা শৰাই আগবঢ়াই পৰিয়াল তথা দহজনৰ মঙ্গলাৰ্থে৷এই সময় চোৱাত উপাসনাস্থলীত নাম প্ৰসংগেৰে ৰজনজনাই থকাৰ বাবে ভক্তই ভক্তি ভাৱেৰে ভগৱানক আধ্যাত্মিকতাৰে নাম প্ৰসংগ চৰ্চা কৰাৰ উপৰি গুৰুদুজনাৰ তিৰোভাৱ তিথি আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী দিনা উলহমালহেৰে জন্মাষ্টমী উদযাপন কৰা হয়৷

    পবিত্ৰ ভাদ মাহৰ তাৎপৰ্য:জনবিশ্বাস আৰু পৰম্পৰা অনুযায়ী অসমীয়া বাৰ মাহৰ প্ৰতিটো মাহৰেই স্বকীয় বৈশিষ্ট্য আছে। প্ৰতিটো মাহে প্ৰকৃতিৰ সৈতে একাত্ম হৈ আত্মবৈশিষ্ট প্ৰতিফলনেৰে সৌন্দৰ্য্যমণ্ডিত আৰু অসমীয়া সমাজ জীৱনত ইয়াৰ প্ৰভাৱো সুদুৰপ্ৰসাৰী। শাওন আৰু ভাদ মাহৰ সংক্ৰান্তিৰ দিনাৰে পৰা আৰম্ভ হোৱা ভাদ মাহ অসমীয়া বছৰৰ পঞ্চমটো মাহ। শৰৎ ঋতুৰ অন্তৰ্গত এই ভাদ মাহৰ ভাদ নামৰ উৎপত্তি হৈছে ‘পূৰ্বভাদ্ৰপদʼ নামৰ নক্ষত্ৰৰ পৰা।

   অসমীয়া কৃষিজীৱি মানুহে ভাদ মাহত কৃষি কৰ্মৰ পৰা আহৰি পায়। এই মাহৰ ৰোহিনী নক্ষত্ৰৰ অষ্টমী তিথিত পৰম ব্ৰহ্ম ভগৱান শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱ হৈছিল। শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱৰ সময়ত এক উজ্জ্বল জ্যোতিয়ে প্ৰকৃতিৰ ৰূপ অতুলনীয় কৰি তুলিছিল।শ্ৰীকৃষ্ণ লীলাই সকলোৰে হৃদয়ত স্থান লৈছিল।তেওঁক আৱৰ্ত কৰিয়েই গঢ় লৈ উঠিছিল নৱবৈষ্ণৱ ধৰ্ম আৰু অসমীয়া সংস্কৃতিৰ এটি নৱ যুগ।অসমত নৱ বৈষ্ণৱ ধৰ্ম বা একশৰণ নাম ধৰ্মৰ বীজ ৰোপণ কৰিছিল শ্ৰীমন্ত শংকৰদেৱে। তেখেতৰ এই ৰসময়ী ভক্তিময়ী ধাৰাই অসমীয়া সমাজ জীৱনক সুপ্ৰতিষ্ঠিত কৰি বৰ্ণ ভেদা-ভেদ নিৰ্মুল কৰি সুশৃংখল ৰূপে গঢ়ি তুলিবলৈ প্ৰতিষ্ঠা কৰিছিল সত্ৰ আৰু নামঘৰ। ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত জগতগুৰু মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱৰ লগতে তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱৰো তিৰোধান তিথি।সেয়ে এই ভাদ মাহ অসমীয়া লোকসমাজৰ অতি পবিত্ৰ মাহ।অসমৰ প্ৰতিখন সত্ৰ,নামঘৰতে এই গোটেই মাহ ধৰি চলি থাকে হৰি নামৰ শ্ৰৱণ, কীৰ্তন আৰু স্মৰণ।জন বিশ্বাস মতে এই শ্ৰৱণ,কীৰ্তন আৰু স্মৰণৰ জড়িয়তেই লাভ কৰিব পাৰে বৈকুণ্ঠ।আয়তিৰ নাম প্ৰসংগৰে মুখৰিত হৈ থাকে নামঘৰৰ মজিয়া।ভাদ মাহৰ অষ্টমী তিথিত অতি উলহ মালহ আৰু ভক্তি ভাৱেৰে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম তিথি জন্মাষ্টমী পালন কৰা হয়।জন্মাষ্টমীৰ পাছদিনা নন্দোৎসৱ পতা হয়।ভাদ মাহত শ্ৰীকৃষ্ণই জন্ম লাভ কৰিছিল বাবেই এই মাহটো হিন্দু ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ মাহ হিচাপে গণ্য কৰে।সেয়ে ভক্তপ্ৰাণ লোকে পৰিয়ালৰ মংগল কামনাৰে এই মাহতে মাহ-প্ৰসাদ,ফল-মূল আদিৰে শৰাই আগবঢ়াই সেৱা জনাই আৰ্শীবাদ লয়। গুৰুজনাৰ অৱদান নাম-কীৰ্তনৰ ধ্বনিয়ে সকলোৰে মনলৈ ভক্তি ভাৱ আনে।সেয়ে ভাদ মাহ এটা পৱিত্ৰ পুণ্যৰ মাহ।

  লোকবিশ্বাস আৰু পৰম্পৰাঃভাদ মাহৰ লগত অসমীয়া সংস্কৃতিৰ বহু লোকবিশ্বাস বা লোকাচাৰ জড়িত হৈ আছে।এনে এক পবিত্ৰ মাহত সন্তান জন্ম হ’লে জাতক তেজস্বী,ধনবান হয় বুলি বিশ্বাস কৰে।আকৌ ভাদ মাহত কোনো লোকৰ মৃত্যু হ’লে পৰিয়ালৰ বাবে অমংগল বুলি ভবা হয়।ভাদ মাহত ক’লা ৰঙৰ গৰুৱে পোৱালি জন্ম দিলে অশুভ বুলি ভাৱি হোমযজ্ঞ কৰে৷সেই গৰুৰ গাখীৰ কোনো শুভ কামত ব্যৱহাৰ নকৰে।এই মাহত বিয়া-বাৰু নাপাতে।আনকি কলগছও নোৰোৱে। এই মাহত খাদ্য বিচাৰো মন কৰিবলগীয়া।ভাদ মাহত সৰিয়হ বটা,ওলকচু খাব লাগে।ঔ টেঙাৰ সৈতে সৰু মাছৰ জোল খালে মানুহ নিৰোগী আৰু দীৰ্ঘজীৱী হয় বুলি বিশ্বাস কৰে।তাৰোপৰি ভাদ মাহৰ প্ৰখৰ ৰʼদত বাকচৰ কাপোৰ ৰʼদত উলিয়াই দিয়ে।তেতিয়া উঁই পোক পৰুৱা আদিয়ে নষ্ট কৰাৰ ভয় নাথাকে।

   পৌৰাণিক আখ্যান মতে ভাদ মাহৰ শুক্লা নৱমী তিথিত মহামুনি শুকদেৱে শাপগ্ৰস্ত পৰীক্ষিতক সাতদিন সাতৰাতি ভাগৱত পাঠ কৰি শুনাইছিল। সেয়ে অসমীয়া সমাজত অতি ভক্তিভাৱেৰে, বিশ্বাসেৰে অখণ্ড ভাগৱত পাঠ বৰ্তমানেও কৰা দেখা যায়।পবিত্ৰ ভাদ মাহত সত্ৰ,নামঘৰ হৰিনামৰ ধ্বনি,হাত চাপৰিৰে মুখৰিত হৈ থাকে। এনে হৰি ভক্তি আৰু হৰি নামৰ শ্ৰৱণ কীৰ্তন আৰু স্মৰণে জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে একতাৰ দলেৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছে৷পৰিশেষত এটি দিহা নামেৰে মুখনি মাৰিব বিচাৰিছোঁ-

  “ ৰাম নামেই সাৰ হৰি ৰাম নামেই সাৰ

    ৰাম নামেই কৰি আছে জগত উদ্ধাৰ৷” 

                 আৰু

‘’ হৰি নাম ৰসে   বৈকুণ্ঠ প্ৰকাশে

           প্ৰেম অমৃতৰ বাণী,

শ্ৰীমন্ত শংকৰে     পাৰ ভাঙি দিলে

         বহে ব্ৰহ্মাণ্ডক ভেদি৷ (নামঘোষা-৩৭১)

(বিঃদ্ৰঃ Wikipediaৰ বন্দিতা শৰ্মা কন্দলীৰ প্ৰবন্ধৰ সহায়ত যুগুতোৱা হৈছে- লিখক) 


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages