অসম ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ পাঠ্যক্রমবোৰৰ বিষয়ে
ড° বুলজিৎ বুঢ়াগোহাঁই
অসমৰ প্ৰথম ব্যক্তিগত বিশ্ববিদ্যালয় হ’ল - অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় (https://www.dbuniversity.ac.in)। অসম ডন ব’স্ক’ বিশ্ববিদ্যালয়ে কলা, বাণিজ্য, বিজ্ঞান, ব্যৱস্থাপনা , অভিযান্ত্ৰিক, ফাৰ্মাচী আদি বিভাগৰ বিভিন্ন বিষয়ত পি.এইচ.ডি., স্নাতকোত্তৰ , স্নাতক আদি পাঠ্যক্রম আগবঢ়ায় । এই পাঠ্যক্রমবোৰৰ বিষয়ে তলত উল্লেখ কৰা হৈছে ।
পি.এইচ.ডি. পাঠ্যক্ৰমসমূহ হ’ল : জৈৱ ৰসায়ন বিজ্ঞান (Biochemistry), জৈৱ প্ৰযুক্তিবিদ্যা (Biotechnology), উদ্ভিদ বিজ্ঞান (Botany), অণুজীৱবিজ্ঞান (Microbiology) , প্ৰাণীবিজ্ঞান (Zoology),ৰাসায়নিক বিজ্ঞান (Chemical Sciences),গণিত (Mathematics),পদাৰ্থ বিজ্ঞান (Physics),শিক্ষাতত্ব (Education),তুলনামূলক ধৰ্ম (Comparative Religion),ভাষা অধ্যয়ন (Language Studies),গণ যোগাযোগ (Mass Communication),উত্তৰ-পূব ভাৰত অধ্যয়ন (North East India Studies),দৰ্শন (Philosophy),মনোবিজ্ঞান (Psychology), ৰাজহুৱা প্ৰশাসন (Public Administration), ছ'চিয়েল ৱৰ্ক (Social Work), বাণিজ্য (Commerce),অৰ্থনীতি (Economics), ব্যৱস্থাপনা (Management),চিভিল ইঞ্জিনিয়াৰিং (Civil Engineering),কম্পিউটাৰ এপ্লিকেশ্যন (Computer Applications),কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং (Computer Science and Engineering), ইলেক্ট্রনিকেল এণ্ড ইলেকট্ৰনিকছ ইঞ্জিনিয়াৰিং (Electrical and Electronics Engineering),ইলেকট্ৰনিকছ এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং (Electronics and Communication Engineering) ,মেকানিকেল ইঞ্জিনিয়াৰিং (Mechanical Engineering) আদি ।
পি.এইচ.ডি. পাঠ্যক্রমত নামভৰ্তিৰ বাবে কমেও ৫৫% নম্বৰ বা ১০ স্কেলত ৬.০ চিজিপিএ সংশ্লিষ্ট বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী, এম টেক বা এম ফিল ডিগ্ৰীত লাভ কৰিব লাগিব আৰু বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা নাম ভৰ্ত্তি প্রৱেশ পৰীক্ষা আৰু/বা সাক্ষাত্কাৰ ভিত্তিত হয় ।
স্নাতকোত্তৰ আৰু স্নাতক পাঠ্যক্ৰমসমূহ হ’ল:
M.Tech. পাঠ্যক্রমত আগবঢ়োৱা বিভাগবোৰ হ’ল - চিভিল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ বিজ্ঞান আৰু ইঞ্জিনিয়াৰিং, ইলেকট্ৰনিকছ এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, আৰু বৈদ্যুতিক আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং।
M.Tech. পাঠ্যক্রমত নামভৰ্তিৰ বাবে অভিযান্ত্ৰিক বা বিজ্ঞান বিভাগৰ উপযুক্ত ক্ষেত্ৰত স্নাতক বা স্নাতকোত্তৰ পৰীক্ষাত কমেও ৬০% নম্বৰ লাভ কৰিব লাগিব ।
কম্পিউটাৰ প্ৰয়োগৰ স্নাতকোত্তৰ (এমচিএ) পাঠ্যক্রমত নামভৰ্তিৰ বাবে কম্পিউটাৰ এপ্লিকেচনত স্নাতক / কম্পিউটাৰ বিজ্ঞান অভিযান্ত্ৰিক স্নাতক(B.Tech) / B.Sc / B.Com ত নূন্যতম ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে ; +২ বা স্নাতক পৰ্যায়ত গণিত বিষয়সহ উত্তীৰ্ণ হ’ব লাগিব আৰু প্ৰাৰ্থীসকলে বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা নাম ভৰ্ত্তি প্রৱেশ পৰীক্ষা আৰু সাক্ষাত্কাত বহিব লাগিব ।
কম্পিউটাৰ প্ৰয়োগত স্নাতক (বিচিএ) পাঠ্যক্রমত নামভৰ্তিৰ বাবে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত (বা সমতুল্য) যিকোনো শাখাত নূন্যতম ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে আৰু সাক্ষাত্কাত বহিব লাগিব । যিসকলে দ্বাদশ শ্ৰেণীত গণিতত অধ্যয়ন কৰিছে তেওঁলোকৰ অগ্রাধিকাৰ দিয়া হয় ।
BTech পাঠ্যক্রমত নামভৰ্তিৰ বাবে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত (বা সমতুল্য) ৫০% আৰু পদাৰ্থ বিজ্ঞান, গণিত আৰু ৰসায়ন বিজ্ঞান/কম্পিউটাৰ বিজ্ঞানৰ বিষয়ত ৫০% (aggregate)লৈ উত্তীৰ্ণ হ’ব লাগে আৰু জে ই ই (মেইনছ), যিকোনো ৰাজ্যিক প্ৰৱেশ পৰীক্ষা বা ডন বস্কো বিশ্ববিদ্যালয়ৰ স্নাতক প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে ।
BTech - Lateral Entry পাঠ্যক্রমত নামভৰ্তিৰ বাবে অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ কোনো শাখাত কমেও ৬০% নম্বৰ লৈ ডিপ্লমা পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে অথবা ইউজিচিৰ সংজ্ঞা অনুসৰি স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰীত কমেও ৫০% নম্বৰ আৰু ১০+২ ত গণিত বিষয় হিচাপে লৈ পৰীক্ষা উত্তীৰ্ণ হ’ব লাগে ।
বিজ্ঞান শাখাত স্নাতক (বি.এছ.চি.) : পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিতত সন্মানসহ বিজ্ঞান শাখাত স্নাতক পাঠ্যক্রমত নামভৰ্তিৰ বাবে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত (বা সমতুল্য) পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিত বিষয়ত কমেও ৫০% নম্বৰ লৈ উত্তীৰ্ণ হ’ব লাগে ।
বিজ্ঞান শাখাত স্নাতকোত্তৰ (MSc) : পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত বিষয়ত স্নাতকোত্তৰ পাঠ্যক্রমত নামভৰ্তিৰ বাবে পদাৰ্থ বিজ্ঞান/ৰসায়ন বিজ্ঞান/গণিত বিষয় হিচাপে লৈ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰীত কমেও ৫০% নম্বৰ লৈ উত্তীৰ্ণ হ’ব লাগে । সন্মানসহ পদাৰ্থ বিজ্ঞান/ ৰসায়ন বিজ্ঞান/গণিত বিষয়ৰ প্ৰাৰ্থীয়ে অগ্রাধিকাৰ লাভ কৰিব ।
বিজ্ঞান শাখাত স্নাতক (বি.এছ.চি.) : উদ্ভিদ বিজ্ঞান আৰু প্ৰাণীবিজ্ঞান স্নাতক পাঠ্যক্রমত নামভৰ্তিৰ বাবে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ (বা সমতুল্য) উদ্ভিদ বিজ্ঞান, প্ৰাণীবিজ্ঞান আৰু ৰসায়ন বিজ্ঞান বিষয়ত ৫০% নম্বৰসহ উত্তীৰ্ণ হ’ব লাগে ।
বিজ্ঞান স্নাতকোত্তৰ (MSc) : জৈৱ প্ৰযুক্তি, জৈৱ ৰসায়ন, উদ্ভিদ বিজ্ঞান, অণুজীৱবিজ্ঞান আৰু প্ৰাণীবিজ্ঞান বিষয়ত স্নাতকোত্তৰ পাঠ্যক্রমত নামভৰ্তিৰ বাবে জীৱন বিজ্ঞানৰ যিকোনো বিষয়ত ৬০% (উদ্ভিদ বিজ্ঞানৰ বাবে ৫০%) আৰু ৰসায়ন বিজ্ঞান বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰী লাভ কৰা। স্নাতক ডিগ্ৰীত জৈৱ প্ৰযুক্তি/জৈৱ ৰসায়ন/উদ্ভিদ বিজ্ঞান/অণুজীৱবিজ্ঞান/ প্ৰাণীবিজ্ঞানৰ বিষয়ৰ প্ৰাৰ্থীয়ে অগ্রাধিকাৰ লাভ কৰিব ।
মনোবিজ্ঞানত বি এ (অনাৰ্ছ) পাঠ্যক্রমত নামভৰ্তিৰ বাবে বাবে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত (বা সমতুল্য) যিকোনো শাখাত নূন্যতম ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে ।
মনোবিজ্ঞানত এম এছ চি পাঠ্যক্রমত নামভৰ্তিৰ বাবে বাবে যিকোনো শাখাত নূন্যতম ৫০% নম্বৰ সৈতে স্নাতক ডিগ্ৰী লাভ কৰিব লাগে। Social Work / Psychology / Education/ Sociology / Home Science / Human Resource Management আদি বিষয়ৰ প্ৰাৰ্থীয়ে অগ্রাধিকাৰ লাভ কৰিব ।
ইংৰাজীত বি এ (অনাৰ্ছ) পাঠ্যক্রমত নামভৰ্তিৰ বাবে যিকোনো শাখাত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত (বা সমতুল্য) ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে আৰু ইংৰাজী বিষয়ত ৫০% নম্বৰ লাভ কৰিব লাগে ।
ইংৰাজীত এম এ পাঠ্যক্রমত নামভৰ্তিৰ বাবে যিকোনো শাখাত নূন্যতম ৫০% নম্বৰ সৈতে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিব লাগে ।
গণসংযোগ বিষয়ত বি এ (অনাৰ্ছ) পাঠ্যক্রমত নামভৰ্তিৰ বাবে বাবে যিকোনো শাখাত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত (বা সমতুল্য) ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে আৰু ইংৰাজী বিষয়ত ৫০% নম্বৰ লাভ কৰিব লাগে ।
গণসংযোগ বিষয়ত ত এম এ পাঠ্যক্রমত নামভৰ্তিৰ বাবে যিকোনো শাখাত নূন্যতম ৫০% নম্বৰ সৈতে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিব লাগে । গণসংযোগ, সাংবাদিকতা, ফটোগ্ৰাফী আদি বিষয়ৰ প্ৰাৰ্থীয়ে অগ্রাধিকাৰ লাভ কৰিব ।
অৰ্থনীতিত বি এ (অনাৰ্ছ) পাঠ্যক্রমত নামভৰ্তিৰ বাবে বাবে যিকোনো শাখাত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত (বা সমতুল্য) ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে আৰু
অৰ্থনীতি/ গণিত / পৰিসংখ্যা আদি বিষয়ৰ প্ৰাৰ্থীয়ে অগ্রাধিকাৰ লাভ কৰিব । ত H.S.L.C বা সমতুল্য পৰীক্ষাৰ ইংৰাজী আৰু গণিত বিষয়ৰ নম্বৰ বিবেচনা কৰা হয়।
অৰ্থনীতিত এম এ পাঠ্যক্রমত নামভৰ্তিৰ বাবে নূন্যতম ৫০% নম্বৰ সৈতে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰিব লাগে । পৰিসংখ্যা আৰু গণিত বিষয়ৰ প্ৰাৰ্থীয়ে অগ্রাধিকাৰ লাভ কৰিব ।
পাব্লিক এডমিনিষ্ট্ৰেচনত বি এ (অনাৰ্ছ) পাঠ্যক্রমত নামভৰ্তিৰ বাবে যিকোনো শাখাত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত (বা সমতুল্য) ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে ।
পাব্লিক এডমিনিষ্ট্ৰেচন এম এ পাঠ্যক্রমত নামভৰ্তিৰ বাবে নূন্যতম ৫০% নম্বৰ সৈতে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰিব লাগে । পাব্লিক এডমিনিষ্ট্ৰেচন, ৰাজনীতি বিজ্ঞান আৰু ব্যৱস্থাপনা বিষয়ৰ প্ৰাৰ্থীয়ে অগ্রাধিকাৰ লাভ কৰিব ।
দৰ্শনত বি এ (অনাৰ্ছ) পাঠ্যক্রমত নামভৰ্তিৰ বাবে যিকোনো শাখাত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত (বা সমতুল্য) ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে ।
ছ'চিয়েল ৱৰ্কত স্নাতকোত্তৰ (MSW) পাঠ্যক্রমত নামভৰ্তিৰ বাবে নূন্যতম ৫০% নম্বৰ সৈতে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিব লাগে । Social Work / Psychology / Education/ Sociology / Home Science / Human Resource Management বিষয়ৰ প্ৰাৰ্থীয়ে অগ্রাধিকাৰ লাভ কৰিব ।
শিক্ষা বিষয়ত বি এ (অনাৰ্ছ) পাঠ্যক্রমত নামভৰ্তিৰ বাবে যিকোনো শাখাত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত (বা সমতুল্য) ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে ।
শিক্ষা বিষয়তত এম এ পাঠ্যক্রমত নামভৰ্তিৰ বাবে নূন্যতম ৫০% নম্বৰ সৈতে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিব লাগে ।
ব্যৱস্থাপনা বিষয়ত স্নাতক (বিবিএ) পাঠ্যক্রমত নামভৰ্তিৰ বাবে যিকোনো শাখাত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত (বা সমতুল্য) ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে ।
বাণিজ্য বিষয়ত স্নাতক পাঠ্যক্রমত নামভৰ্তিৰ বাবে বাণিজ্য শাখাত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত (বা সমতুল্য) ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে ।
বাণিজ্য বিষয়ত স্নাতকোত্তৰ পাঠ্যক্রমত নামভৰ্তিৰ বাবে বাণিজ্য বিষয়ত স্নাতক পাঠ্যক্রমত ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে ।
ব্যৱসায় প্ৰশাসনৰ স্নাতকোত্তৰ (এম বি এ) পাঠ্যক্রমত নামভৰ্তিৰ বাবে নূন্যতম ৪৫-৫০% নম্বৰ সৈতে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিব লাগে । স্নাতক হোৱাৰ পিছত পূৰ্ণকালীন কৰ্ম অভিজ্ঞতাৰ এটা নিৰ্দিষ্ট সময়সীমা থকা প্ৰাৰ্থীসকলক নামভৰ্তিৰ বাবে অগ্রাধিকাৰ লাভ কৰিব ।
হস্পিটেলিটি আৰু হোটেল এডমিনিষ্ট্ৰেচনত বি এছ চি পাঠ্যক্রমত নামভৰ্তিৰ বাবে বাণিজ্য শাখাত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত (বা সমতুল্য) ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে ।
ফাৰ্মাচীত স্নাতক (৪ বছৰ) আৰু ফাৰ্মাচীত ডিপ্লমা (২য় বছৰ) পাঠ্যক্রমত নামভৰ্তিৰ বাবে নূন্যতম ৫০% নম্বৰ সৈতে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱবিজ্ঞান/ গণিতত বিষয়সহ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত (বা সমতুল্য) উত্তীৰ্ণ হ’ব লাগে ।
অনলাইন আৰু দূৰ শিক্ষা পাঠ্যক্ৰমসমূহ হ’ল- কলাত স্নাতক (দৰ্শন) [Bachelor of Arts (Philosophy)], ব্যৱসায় প্ৰশাসনত স্নাতক [Bachelor of Business Administration],
বাণিজ্য শাখাত স্নাতক [Bachelor of Commerce], কম্পিউটাৰ প্ৰয়োগত স্নাতক[Bachelor of Computer Applications],বিজ্ঞানত স্নাতকোত্তৰ (তথ্য প্ৰযুক্তি) [ Master of Science (Information Technology)], ব্যৱসায় প্ৰশাসনত স্নাতকোত্তৰ [Master of Business Administration], কলা স্নাতকোত্তৰ (দৰ্শন) [ Master of Arts (Philosophy)],স্নাতকোত্তৰ
কম্পিউটাৰ প্ৰয়োগৰ স্নাতকোত্তৰ [Master of Computer Application], কলা স্নাতকোত্তৰ (শিক্ষা) [ Master of Arts (Education)], কলা স্নাতকোত্তৰ (মানৱ অধিকাৰ) [ Master of Arts (Human Rights)], কলা স্নাতকোত্তৰ (গণ যোগাযোগ) [Master of Arts (Mass Communication)],মাষ্টাৰ অৱ কমাৰ্চ [ Master of Commerce], মাষ্টাৰ অৱ ছ’চিয়েল ৱৰ্ক [Master of Social Work] আদি ।
অসম ডন ব’স্ক’ বিশ্ববিদ্যালয়ে আগবঢ়োৱা বিভিন্ন পাঠ্যক্রমত আসনৰ সংখ্যা , নামভৰ্তিৰ পদ্ধতি, মাচুল , বৃত্তি আঁচনি আদিৰ সবিশেষ জানিবৰ বাবে আগ্রহীসকলে ৱেবছাইট https://www.dbuniversity.ac.in , www.dbim.ac.in , www.dbuniversity.ac.in/dbuglobal চাব পাৰে ।
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com
বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে ,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩
No comments:
Post a Comment