কাইলৈ উত্তৰপুৰুষে আমাক কি বুলি ক'ব - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 2, 2023

কাইলৈ উত্তৰপুৰুষে আমাক কি বুলি ক'ব


 কাইলৈ উত্তৰপুৰুষে আমাক কি বুলি ক'ব


খগেন পেগু 


     ৱশেষত এটা কথা স্পষ্ট হ'ল৷ সেইটো হ'ল, ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে সেউজ সঙ্কেত দিয়া সত্ত্বেও ৰাজ্য চৰকাৰৰ তেনে সদিচ্ছা নাই৷ ফলত খুব সোনকালে মিচিং, তিওৱা, ৰাভা, দেউৰী আদি মাতৃভাষাসমূহ শিক্ষাৰ মাধ্যম হৈ নুঠিবগৈ৷ আজি অত দিনে এনেই গাই-বাই থাকিল৷ কোনোবা যিমানেই যি নকওক কিয়, সেইকথা ঠিকযে ওপৰৱালাই ইচ্ছা নকৰিলে কোনেও বেজিৰ খোচ এটাৰ সমানো লৰাব নোৱাৰে৷

     দেখা গৈছে, এনে কৰিলে কি বা হয় বুলি ভাবি থকাত কিবা এটা কাম কৰাৰ সাহসকণো যেন একেবাৰেই হেৰুৱাই পেলাইছে৷ এগৰাকী বিভাগীয় মন্ত্ৰীৰ নিজস্ব কিছুমান আঁচনি ল'ব পৰাৰ এক্টিয়াৰ আছে৷ তেওঁৰ সেই আঁচনিসমূহ ৰূপায়ণ কৰাৰ অধিকাৰো আছে৷ তাৰ বাবে তেওঁ সংশ্লিষ্ট বিভাগক পথ দেখুৱাই বলিষ্ঠভাৱে আগুৱাই নিব পাৰে; আৰু সংশ্লিষ্ট বিভাগৰ হতুৱাই আঁচনি কাৰ্যকৰী কৰিবও পাৰে৷

     বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্বশৰ্মাই বিভাগীয় মন্ত্ৰী হৈ থকা অৱস্থাত তেনেকুৱা বহুতো বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল; আৰু বিভিন্ন বিভাগত সেইবিলাক কাৰ্যকৰী কৰি বাস্তৱত পৰিণতো কৰিছে৷ তাৰ উদাহৰণ, টেট শিক্ষকৰ নিযুক্তি, লোক নিৰ্মাণ বিভাগৰ দ্বাৰা বিভিন্ন আঁচনিৰ কাৰ্যকৰীকৰণ; অৰ্থাৎ গৃহ নিৰ্মাণ, পথ আৰু দলং নিৰ্মাণ, NRHM আৰু NHMৰ দ্বাৰা কৰা বিভিন্ন চিকিৎসালয় নিৰ্মাণৰ লগতে বিভিন্ন বিভাগত দিয়া নিযুক্তি৷ তাকে নকৰি কিবা এটা কৰিলে ওপৰৱালাই বেয়া পাব পাৰে বুলি যদি মনত ভয় ভাব ৰাখে তেন্তে তেওঁ নিষ্কৰ্মা হ'ব৷ পৰমুখাপেক্ষী তেওঁৰ দ্বাৰা উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ একো এটা কামেই হৈ নুঠিব৷ ফলত তেওঁ কাৰোবাৰ কাৰণেতো খেলৰ পুতলা হ'বই; আনকি নিজৰ সমাজৰ কাৰণেও হ'ব "আছে গৰু নেবায় হাল, থকাতকৈ নথকাই ভাল৷" 

      কোনোবা U-Tuberক দিয়া সাক্ষাৎকাৰৰ কথা সকলোৱে শুনিলে৷ সেইমতে বিভিন্ন মহলত এতিয়ালৈকে বহুত ক্ৰিয়া-প্ৰতিক্ৰিয়াও হৈ গৈছে৷ সকলোৱে যি কথা ভাবিছিলে সেয়া আচলতে কিবা ফুটুকাৰ ফেনতহে যেন পৰিণত হ'ব৷ আমাৰ মতে, ইয়াতকৈ পৰিতাপৰ বিষয় আৰু কি হ'ব পাৰে? একপ্ৰকাৰ প্ৰায় সকলোখিনিয়ে যেন বুমেৰাং হ'ল৷ নিজৰ মানুহটোৰ দিনতে মিচিং ভাষা, সংস্কৃতি আৰু সমাজৰ কিবা এটা হওক বুলি ভবাটো একেবাৰেই যেন নস্যাৎ হ'বলৈ গৈ আছে৷ এইক্ষেত্ৰত অধিক ক'বলৈকে একপ্ৰকাৰ আমাৰ ভাষা নোহোৱা হৈছে৷

      সিদিনা মিচিং আগম কৌবাঙে লিখিত স্পষ্টীকৰণ দিলে৷ তেনেকৈ কিবা এটা কৰিবলৈ চেষ্টা নকৰি অসম চৰকাৰৰ অধীনত মিচিং ভাষাৰ কোনো শিক্ষক পদ নাই বুলি কোৱাটো একপ্ৰকাৰ মাহী আইৰ চকু নহৈ অন্য কি বুলি ক'ব পাৰি?

     এতিয়াৰ পৰা দেশৰ সুৰ-সুৰা মাতৃভাষাবোৰ প্ৰাথমিক বিদ্যালয়ৰ পঞ্চমমান শ্ৰেণীলৈকে Medium of instruction, অৰ্থাৎ শিক্ষাৰ মাধ্যম কৰা হ'ব বুলি 2020 চনৰ NEP, অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ঘোষণা কৰিছিল৷ উল্লেখযোগ্যযে সেই ঘোষণা স্বয়ং দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে কৰিছিল৷ 2021 চনৰ বিধানসভাৰ প্ৰথম অধিবেশনত মিচিং ভাষাক শিক্ষাৰ মাধ্যম কৰাৰ সম্পৰ্কত মাননীয় বিধায়ক ভৰত চন্দ্ৰ নৰ ডাঙৰীয়াই সোধাত তেওঁৰ প্ৰশ্নৰ উত্তৰ দি অসমৰ মাননীয় শিক্ষামন্ত্ৰীয়ে স্পষ্টকৈ কৈছিল—"আমি মিচিং ভাষাক Medium of instruction(শিক্ষাৰ মাধ্যম) নকৰোঁ বুলি কোৱা নাই৷ মিচিং, তিওৱা, ৰাভা আৰু দেউৰী ভাষাক প্ৰাক প্ৰাথমিকত Medium of instruction কৰাৰ প্ৰচেষ্টা চলাই থকা হৈছে৷" 

    সেইমতে অসম জনতা ভৱনত থকা বিত্ত বিভাগৰ প্ৰেক্ষাগৃহত 2022 চনৰ সাত ফেব্ৰুৱাৰীত বিভিন্ন জনগোষ্ঠীয় সাহিত্যসভাৰ লগত অসমৰ মাননীয় শিক্ষামন্ত্ৰীয়ে এখনি গুৰুত্বপূৰ্ণ ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছিল৷ সভাৰ উদ্দেশ্য ব্যাখ্যাৰ পিছত বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভাবোৰে খিলঞ্জীয়া জনগোষ্ঠীবিলাকৰ ভাষা-শিক্ষাৰ ওপৰত নিজৰ নিজৰ বক্তব্য আগবঢ়ায় আৰু সেইবোৰ ভাষা শিক্ষাৰ মাধ্যম(Medium of instruction) হিচাপে অনতিপলমে স্বীকৃতি দি সেই সেই জনগোষ্ঠীয় অধ্যুষিত অঞ্চলবোৰত পঢ়োৱাৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনায়৷ 

       এই সংক্ৰান্তত SCERTৰ সঞ্চালকে ৰাজ্যখনৰ বিভিন্ন ভাষা-শিক্ষাৰ বিষয়ত বিভিন্নজনৰ দাবী আৰু প্ৰশ্নৰ পুংখানুপুংখ বিশ্লেষণ কৰি প্ৰত্যোত্তৰ আগবঢ়ায়৷ উক্ত বৈঠকত চৰকাৰে দুহেজাৰ বিশ বৰ্ষৰ নতুন শিক্ষানীতি প্ৰয়োগৰ লক্ষ্য দোহাৰে; আৰু সকলো জনগোষ্ঠীয় ভাষাকে দুহেজাৰ বিশ বৰ্ষৰ নতুন শিক্ষানীতিৰ আধাৰত সমানে গুৰুত্ব প্ৰদান কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে৷ 

      পিছে শেহতীয়াকৈ দেখা গৈছে, অসম চৰকাৰৰ শিক্ষা বিভাগৰ যেন তেনে সদিচ্ছা নাই৷ ভাষা এটাক শিক্ষাৰ মাধ্যম কৰাটো সিমান সহজ কথা নহয়; তাৰ বাবে অমুক কৰিব লাগিব, তমুক কৰিব লাগিব; আৰু সেইবোৰৰ বাবে সময় লাগিব বুলি লটকাই থোৱাৰ গোপন যোজনাহে কৰা যেন লাগিছে৷ আমি ভাবো, চৰকাৰৰ সদিচ্ছা থাকিলে, জনগোষ্ঠীয় মাতৃভাষাবোৰক প্ৰাক প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ মাধ্যম কৰাৰ বলিষ্ঠ পদক্ষেপ এতিয়াৰ পৰাই জোৰদাৰ কৰি দিব পাৰে৷

      উল্লেখযোগ্য, 2022 চনৰ 7 ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা ৰুদ্ধদাৰ বৈঠকৰ অন্তত নিম্নলিখিত গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ গ্ৰহণ কৰা হৈছিলঃ('আশাৰ বতৰা' শীৰ্ষক আমাৰ বৃহস্পতিবাৰৰ স্তম্ভলেখন দ্ৰষ্টব্য৷)

        এক, ভাষা শিক্ষাৰ ক্ষেত্ৰত SCERT সঞ্চালকালয়, অসমে প্ৰস্তুত কৰা শিক্ষা পদ্ধতিত অনুমোদন জনোৱা হয়৷

         দুই, মিচিং, তিওৱা, ৰাভা আৰু দেউৰী ভাষাক পঞ্চমমান শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম কৰা হ'ব৷

    তিনি, কাৰ্বি ভাষাটো অষ্টমমান শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম কৰা হ'ব; আৰু তাৰ পিছত বিষয়ভাষা(Subject language) হিচাপে পঢ়োৱা হ'ব৷

         চাৰি, জিমাচা ভাষাটো বিষয় ভাষা হিচাপে থাকিব৷

       পাঁচ, যিবিলাক ভাষা ইতিমধ্যে পঞ্চমমান শ্ৰেণীলৈ শিক্ষাৰ মাধ্যম হৈছে, সেইবোৰ শিক্ষাৰ মাধ্যম হিচাপে আঞ্চলিক ভাষালৈ উন্নীত কৰা হ'ব আৰু সেইবোৰ প্ৰয়োজন অনুপাতে অন্যান্য ভাষা হিচাপে ষষ্ঠমান, সপ্তমমান আৰু অষ্টমমান শ্ৰেণীৰ ওপৰলৈকে পঢ়োৱা হ'ব৷ তাৰ পিছত ঐশ্চিক বিষয়(Elective subject) হিচাপে নৱম আৰু দশম শ্ৰেণীত পঢ়োৱা হ'ব৷

      ছয়, জনগোষ্ঠীয় সাহিত্যসভা বা ভাষা সংস্থাসমূহে সেইবোৰ ভাষা ক'ত ক'ত(অৰ্থাৎ কোন কোন অঞ্চলত) শিক্ষাৰ মাধ্যম হিচাপে পঢ়োৱা হ'ব তাৰ তালিকা চৰকাৰৰ ওচৰত জমা কৰিব লাগিব৷

        সাত, সমগ্ৰ শিক্ষা, অসমে খিলঞ্জীয়া জনগোষ্ঠীয় ভাষা শিক্ষা চলা স্কুলবিলাকৰ তালিকা প্ৰস্তুত কৰিব লাগিব৷

     আঁঠ, খিলঞ্জীয়া জনগোষ্ঠীয় ভাষা শিক্ষাৰ বাবে ভাষা শিক্ষকৰ নিযুক্তি দিয়া হ'ব; আৰু তেওঁলোকৰ দৰমহাৰ বাবে PABত বাজেট প্ৰস্তুত কৰিব সমগ্ৰ শিক্ষা, অসমে৷

      ন, অৰ্হতা অনুযায়ী ভাষা শিক্ষকৰ নিযুক্তি হ'ব৷ তাৰ বাবে জনগোষ্ঠীয় সাহিত্য সভাবিলাকে ইচ্ছুক প্ৰাৰ্থীসকলক প্ৰশিক্ষন দিয়াৰ ব্যৱস্থা কৰিব লাগিব যাতে তেওঁলোকে টেটৰ যোগ্যতা অৰ্জন কৰে৷

     দহ, বিভিন্ন ভাষাক শিক্ষাৰ মাধ্যম আৰু বিষয়ভাষা হিচাপে অৱতাৰণা(Introduce) কৰিলেও শিক্ষকক বহুভাষিক পেদাগজি(Pedagogy)ৰে শিক্ষিত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব৷

    এঘাৰ, Language-1(ভাষা-1) আৰু ইংৰাজীত শিক্ষকৰ সক্ষমতা গঢ়ি তোলা হ'ব৷ ভাষা-1 আৰু ইংৰাজীত ছাত্ৰ-ছাত্ৰীৰ সক্ষমতাও প্ৰথমমান শ্ৰেণীৰ পৰা আগলৈকে গঢ়ি তুলিবলৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব৷

    বাৰ, SCERT অসমৰ সঞ্চালকে জনগোষ্ঠীয় সাহিত্য সভাবিলাকক তেওঁলোকৰ সংশ্লিষ্ট ভাষা-শিক্ষা দিয়াৰ ক্ষেত্ৰত SCERTক সহায়-সহযোগেৰে সমৰ্থন কৰিবলৈ অনুৰোধ জনায়৷

     উপৰিউক্ত ন নম্বৰ সিদ্ধান্তত কোৱা হৈছে, অৰ্হতা অনুযায়ী ভাষা-শিক্ষকৰ নিযুক্তি হ'ব৷ তাৰ বাবে জনগোষ্ঠীয় সাহিত্যসভা সমূহে ইচ্ছুক প্ৰাৰ্থীসকলক প্ৰশিক্ষন দিয়াৰ ব্যৱস্থা কৰিব লাগে, যাতে তেওঁলোকে টেটৰ যোগ্যতা অৰ্জন কৰে৷ গতিকে মিচিং আগম কৌবাঙে মিচিং ভাষাৰ পৰীক্ষা কিয় পাতিছে, সেইকথা মিচিং আগম কৌবাঙেহে জানিব; আৰু অসম চৰকাৰৰ অধীনত মিচিং ভাষাৰ কোনো শিক্ষক পদ নাই বুলি Jonai Todayত মাননীয় মন্ত্ৰীয়ে কোৱাটো নিঃসন্দেহে নিৰাশাজনক৷

      এতিয়া চৰকাৰী বন্ধৰ তালিকাৰ পৰা আলি আই লৃগাঙৰ বন্ধ নাইকীয়া হ'ল; অৰ্থাৎ চৰকাৰী বন্ধৰ তালিকাত মিচিঙৰ নাম নুমাই গ'ল(আগৰ Restricted holidayটোও এই চৰকাৰৰ দিনত নাইকীয়া হৈ গ'ল)৷ জনগোষ্ঠীটোৰ ফালৰ পৰা এগৰাকী মন্ত্ৰী আৰু চাৰিগৰাকী জনপ্ৰতিনিধি থকা স্বত্বেও কোনেও একো এটা মাত নামাতিলে; বৰঞ্চ গুণোৎসৱৰ দিন আলিয়াই লৃগাং উদযাপনৰ দিনত ঘোষণা কৰি নিজে বিভাগীয় মন্ত্ৰী হৈয়ো মিচিং সমাজখনক অস্থিৰতাত পেলালে৷ হয়তো সেই কথা পাহৰি পেলাইছে যে এটা সময়ত মিচিঙৰ বাবে আন্দোলনৰ নেতৃত্ব দি তেওঁলোকে নিজকে আজি ৰাজনৈতিক নেতা হিচাপে প্ৰতিষ্ঠা কৰিছে৷ জাতিৰ আবেগক মূলধন হিচাপে লৈ নিজকে ইমান দূৰলৈ আগুৱাই নিয়া মানুহজনেও আজি মাহী আইৰ দৃষ্টি পেলালে৷ সেয়া কেনেকুৱা হিতে বিপৰীত কথা? অন্ততঃ নিজৰ মানুহ মন্ত্ৰী-বিধায়ক হৈছে; গতিকে তেওঁলোক থাকোঁতে আমাৰ ভাষা তথা সমাজখনৰ কিবা এটা উন্নতি হ'ব বুলি সমাজে আশা কৰাটো কিবা ভুলেই আছিলনেকি? নে নামটো লৈ সুবিধা আদায় কৰি নিজৰ স্বাৰ্থ আৰু গাদী ৰক্ষাৰ বাবে সমাজখনক তথা জাতিটোক বলিৰ পাঠা বনাব? 

         এতিয়া দেখ দেখকৈ অসমত মিচিং জাতিৰ অস্তিত্ব বিপন্ন হৈ গৈ আছে৷ এপদ-দুপদকৈ সকলো ন্যায্যপ্ৰাপ্যবোৰ যেন নাইকীয়া হ'বলৈ ধৰিছে৷ মিচিংসকলক ছিক্স ছিড'ল নালাগে বুলি ক'লেই৷ তাৰ পিছত অসমৰ চৰকাৰী বন্ধৰ তালিকাৰ পৰা আলি আই লিগাং নোহোৱা হ'ল; অৰ্থাৎ মিচিং জাতিৰ নাম নুমাই গ'ল৷ সিদিনাৰ পৰা গুণোৎসৱে কিমানযে আমনি কৰি আছে! এতিয়া আকৌ একেবাৰে অজ্ঞজনৰ দৰে কৈছে, মিচিং ভাষাৰ বাবে অসম চৰকাৰৰ অধীনত কোনো শিক্ষক পদ নাই৷ 230 জন ভাষা-শিক্ষক আৰু দুজন উপ-পৰিদৰ্শকৰ পদবীবোৰ কি, অসম চৰকাৰে দিয়া নহয়নেকি?

     তদানীন্তন মাননীয় শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীয়েই দেখোন অতখিনি কৰি গ'ল! পিছে নিজৰ মানুহ হৈ লোকৰ মানুহতকৈও বহুত বেয়াকৈ ভাষ্য দিলে আমাৰ, অৰ্থাৎ মিচিং সমাজৰ জানো বেয়া নালাগে? কিয় বাৰু লোকৰ মানুহৰ দৰে বাৰে বাৰে নিজৰ মানুহৰ দিনতেই এনে লাঞ্ছনা? এনেকৈ সমাজখনৰ তথা জাতিটোৰ উন্নতি কেনেকৈ সম্ভৱ হ'ব? 

        হয়তো কোনোবাই মিচিং জাতিৰ আবেগ(Sentiment)ক বৰ বেয়াকৈ পৰীক্ষা কৰি আছে; কিন্তু কোনো মাতোঁতা নাই; বৰঞ্চ সভা-সমিতি আৰু নাচ-গানত বিভোৰ৷ এনেবোৰ প্ৰেক্ষাপটত যি হৈছে, তাৰ সুদূৰপ্ৰসাৰী প্ৰতিক্ৰিয়া হিচাপে কাইলৈ উত্তৰপুৰুষে আমাক কি বুলি ক'ব? 


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages