নিৰ্জন অৰণ্যত
ভূমিকা দাস
নিৰ্জন অৰণ্যৰ শব্দবোৰ
নিৰিবিলি পৰত
বুকুত ৰু ৰুৱাই বাজে
বুভক্ষু মানুহৰ ছবিবোৰ ভাঁহি উঠে
আভিজাত্যৰ ধামখুমীয়াত
সন্ধিয়া ওলাই গৈ থাকোঁতে কান তালমাৰি ধৰা কিৰিলিবোৰত
উজুটি খোৱাৰ ভয়
আঘোণীয়ে কোৱা কথাষাৰি
হিচাপৰ পইচাখিনিৰে ৰাতিৰ সাজটো হয়
ঘিটমিটিয়া আন্ধাৰ বিনাশিবলৈ চাকি টো জ্বলাবলৈ
নহয়..
কথাষাৰি বুকুত ৰু ৰুৱাই বাজে
নৈৰ মাজত ডুব যাব ধৰা বেলিটোয়ে ক'লে
দুখুনীৰ দুখৰ গধুৰ বোজাটো
কঢ়িয়াই লৈ গৈ থাকোঁতে
অনুভৱ কৰা বিষটোত এচমকা
পুৱাৰ ৰেঙণি পৰিছিল...
বেলি লহিওৱা পৰত উক দিয়া বিষবোৰত
ৰ'দৰ প্ৰলেপ দিয়া হৈছিল
প্ৰলেপৰে উপশম কেতিয়াও নহয়
বৰং বাঢ়িহে গৈছিল বিষবোৰ
মনৰ বিষবোৰ.....
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩
No comments:
Post a Comment