গ্ৰন্থ আলোচনা
৯৯ নিৰান্নবৈ
ৰূপা গগৈ
জয়া নগৰ,গুৱাহাটী
সাম্প্ৰতিক সময়ত কাব্য জগতৰ এটি চিনাকি নাম ---কবি নীলাভ সৌৰভ । বোধকৰোঁ তেওঁক নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই ।
কবিতা হ'ল মানুহৰ অন্তৰৰ সুক্ষ্ম আবেগ-অনুভূতিৰ চিন্তা-চেতনাৰ বৰ্হি প্ৰকাশ । কবিতাৰ কোনো পৰিসৰ নাই বা বাধ্যকতা নাই যে কবিতা একোটা নিদিষ্ট বিষয়বস্তু , আকাৰ -ধাৰণা বা সীমা থাকিব লাগিব । কবিতা নানান উৎসৰ পৰা নানান বিষয়কলৈ কাল্পনিক , বাস্তৱিক ৰূপ এজন কবিয়ে শব্দ , ছন্দ, উপমা , চিত্ৰকল্প , দৰ্শন আদি সাৱলীলভাবে উপযুক্ত ভাষাৰ প্ৰয়োগে কাব্যিক সৃষ্টি কৰিব পাৰে তাৰেই আভাস কবি নীলাভ সৌৰভৰ কবিতাসমূহ পঢ়িলে বুজা যায় । এইটো কথাও সত্য যে সকলো কবিতাতেই যে ছন্দ , উপমা বা চিত্ৰকল্প আৰু অন্যান্য আনুষংগিক ৰূপ নাথাকিবও পাৰে । কিছুমান কবিতা অলংকাৰবিহীনভাবেও পোনপটীয়াকৈ বা আওপকীয়াকৈ কথাৰ চলেৰে নাটকীয়ভাবে উপস্থাপনৰ জৰিয়তে কথা কবিতাৰ ৰূপত প্ৰকাশ কৰা হয় । এনে ধৰণৰ ভাবধাৰা নীলাভ সৌৰভৰ "৯৯ নিৰান্নবৈ" কাব্য গ্ৰন্থখনিত "পিতৃত্ব" কবিতাটিত প্ৰকাশ পাইছে ।
আজি ইমান দিনৰ মূৰত মই কান্দিবৰ বাবেই তুমি মৰিছা -!
নাজানো কবিতাটিত কবিয়ে কৈছে যে তেওঁ জীৱনৰ ব্যস্ততাৰ মাজত আপোনজনৰ মৰম-আদৰ, অভিমান-অভিযোগবোৰক আওকাণ কৰি গৈছিল। তেওঁৰ ওচৰত যেন আপোন মানুহগৰাকীক সময় দিবলৈ বা তেওঁৰ কথা ভাবিবলৈ সময় নাছিল বা সেই কথাৰ তেওঁৰ ওচৰত মূল্য নাছিল। কবি যেন ব্যস্ততাৰ অজুহাতত ক'ৰবাত হেৰাই গৈছিল ;পাহৰি গৈছিল তেওঁ হাঁহিবলৈ বা কান্দিবলৈ । আজি যেতিয়া তেওঁৰ আপোন কোনোবা তেওঁক এৰি গুছি গ'ল তেতিয়াহে তেওঁ উপলব্ধি কৰিছে "তেওঁক কন্দুৱাবৰ বাবেই আজি তেওঁৰ আপোনগৰাকীৰ মৃত্যু হৈছে। "
নিৰান্নবৈ বাৰ মৰি এশ বাৰ জীয়াই আছোঁ আৰু থাকিব লাগিব সকলোৱেই ।
কবিয়ে মাথোঁ এবাৰ জীয়াই থাকিবলৈ ৯৯ বাৰ মৃত্যু হ'ব লগা হৈছে তাকেই "৯৯ নিৰান্নবৈ" কবিতাটিৰ জৰিয়তে প্ৰকাশ কৰিছে।
কবি নীলাভ সৌৰভৰ কবিতা সমূহ বুজিলে সহজ নুবুজিলে জটিল। মানে কবিতা সমূহৰ শব্দৰ যি প্ৰকাশ ভংগী সেইয়া এক খুউব তীৰ্যক আৰু ব্যংগাত্মক। কবিয়ে সাম্প্ৰতিক সময়ত মানৱ সমাজত অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক সকলোতে চাৰিওফালৰ বৈষম্যৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি খুউব সুক্ষ্মভাৱে সংবেদনশীল মনটোৱে বাক্-সংযত কৰি কবিতাসমূহ লিখিছে বুলি মোৰ ধাৰণা। কবিয়ে ধাৰেৰে নহয় শব্দৰ গাদীৰে কবিতাত তেওঁ নিজকে ৰেপি ৰেপি কাটি টুকুৰা-টুকুৰ কৰি পুনৰ নিৰান্নবৈ বাৰ মৰি এশ বাৰ জী থকাৰ তাগিদাত কেতিয়াবা জুইত পুৰি কেতিয়াবা হাতুৰীয়ে কোবাই নিজক সোণৰ দৰে জিলিকাই তুলিব খুজিছে । কবি শব্দবোৰত ধাৰ আছে সেয়ে মেদহীনভাবে কিছু তীব্ৰ শব্দৰ বাক্যবাণ নিক্ষেপ কৰিছে। যিবোৰৰ দ্বাৰা কবিজনৰ অন্তৰ গহ্বৰত একুৰা বিদ্ৰোহৰ জুই জ্বলি থকাৰ উমান পোৱা গৈছে।
খোলাচপৰীয়া পিঠা এটাৰ বুকুত থাকে হাজাৰ খন মুখ / বিপৰীতে থাকে এখন পোৰা পিঠি ---
"পিঠা" নামৰ কবিতা দুশাৰীতে কবিয়ে এজন দায়িত্বশীল ব্যক্তিৰ ওপৰতে ঘৰ এখনৰ বহুজনে নিৰ্ভৰ কৰি চলে ; তেওঁৱেই সকলোৰে আশা-ভৰসাৰ থল। তেওঁ লাগিলে স্বামী বা পিতৃ , ককাই-ভাই , সন্তান যিয়েই নহওক তেওঁ বহু কষ্টৰে উপাৰ্জন কৰিলেহে সকলোৰে মুখ ভৰে তাকে বুজাইছে ।
কবিয়ে ব্যক্তি জীৱনৰ আৰু সমাজ জীৱনৰ প্ৰতি দায়বদ্ধ হৈ কেনেকৈ আৰ্থিক দৈন্যতাৰ লগত সংৰ্যষ কৰি মানুহে কৰ্তব্য আৰু নিজৰ দায়িত্ব পালন কৰিব লগা হয় সেই কথা" সাধাৰণ মানুহৰ গদ্য ---( দুই)" কবিতাটিয়ে এখন দুৰ্বিসহ জীৱনৰ ছবি দাঙি ধৰিছে আৰু " পিতৃত্ব" নামৰ কবিতাটিৰ জৰিয়তে এটি শিশু সন্তানৰ আশা-আকাংক্ষা আনহাতে সেই আশা-আকাংক্ষা সমূহ পিতৃৰ অক্ষমতাৰ বাবে দুয়োৰে মাজত হোৱা দ্বন্দ্ব-বিৰোধৰ মাজৰ এখনি অতি গভীৰ মৰ্মান্তিক ভাবে সহজ-সৰল কথকতাৰ মাজেৰে এখনি দুখৰ ছবি পাঠকৰ চকুৰ আগত দাঙি ধৰিবলৈ সক্ষম হৈছে। আনহাতে কবিয়ে মানুহৰ জীৱনত সকলো দুখ-যতনাৰ পৰা মুক্ত হৈ ক্ষন্তেকৰ বাবে প্ৰেমৰ সাগৰত ডুবি নিজকে প্ৰেমতে নিজক বিলীন কৰি দিব খুজিছে। পাৰ্থিৱ বাসনাৰ বিপৰীতে অন্তৰৰ নিভৃৰ্ত কোণত জাগ্ৰত হোৱা অতৃপ্ত কামনাবোৰ তেওঁ প্ৰেমৰ মাজেদিয়েই পূৰাবলৈ কবি কেতিয়াবা ৰোমাণ্টিক হৈ পৰে । কবিৰ কবিতা সমূহত সাম্প্ৰতিক সময়ত সমাজত সৃষ্টি হোৱা শোষণ , হিংসা, অপৰাধ-প্ৰৱণতা , আৰ্থিক দৈন্যতা এনে ধৰণৰ সামাজিক বিভিন্ন সমস্যা সমূহে তেওঁক ভাবুক কৰি তুলিছে আৰু তাৰে প্ৰতিক্ৰিয়া স্বৰূপে তেওঁ অন্তৰত গুজৰি-গুমৰি উঠা ক্ষোভৰ চিন্তাধাৰাবোৰ কবিতাৰ মাজেৰে নাটকীয় ভাবে , ব্যংগাত্মক ভাবে প্ৰকাশ কৰিছে । কবিতা সমূহ সাম্প্ৰতিক সময়ৰ একো একোখন জীয়া দলিল । সেয়ে কবিয়ে কৈছে যে" সময়ে এই কথা মনত ৰাখিব।
এগৰাকী সাধাৰণ পাঠকৰ দৃষ্টিভংগীৰে কওঁ --- কবি এজন দুচকুৱে দেখি যি কথা বুজে বা উপলব্ধি কৰে তাতোতকৈ বেছি বুজিব পৰা উপলব্ধি কৰিব পৰা শক্তি থাকিব লাগিব কবিজনাৰ আভ্যন্তৰীণ দৃষ্টিত আৰু যি দৃষ্টি কবি নীলাভ সৌৰভৰ ক্ষেত্ৰত বিদ্যমান ।
অৱশেষত কবিলৈ অলেখ শুভকামনাৰে আৰু ৰৈ যোৱা ভুল-ক্ৰটিৰ বাবে ক্ষমা প্ৰাথনাৰে...
সাধাৰণ পাঠক
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩
No comments:
Post a Comment