এই সময়ত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 2, 2023

এই সময়ত

 


কাৰ্বি কবিতাৰ অনুবাদ


এই সময়ত 


মূল: ক্লিনছন ৰংফাৰ

অনুবাদ: কিশোৰ কুমাৰ দাস


এতিয়া অসুস্থ মোৰ কৰ্ম জীৱন

উৰ্ধতনসকলে মোক চিঞৰি উঠে


মোৰ ওপৰত মোৰ দায়িত্বহীনতাৰ বাবে 

কম নিষ্ঠাৰে কাম কৰাৰ বাবে


কেতিয়াবা মই যেন ভিৰৰ মাজত এজন অচিনাকি মানুহ 

কেতিয়াবা মই যেন বহুত বেছি গৌৰৱান্বিত 


শেষলৈকে খোজ কাঢ়ি গৈ আছে জীৱন

কোনেনো কয় সময় এজন ভাল বন্ধু?


মই নিজকে দোষ দিওঁ 

একদৰে নাথাকিবলৈ 

সম্ভাৱ্য পোহৰকণ ব্যৱহাৰ নকৰাৰ বাবে


নিস্তব্ধতাৰ পিছত আহে কিছু প্ৰতিফলন 

এটা ইচ্ছা 

মোৰ সমৰ্পণ বৃদ্ধি কৰিবলৈ

মোক চিৰন্তন জ্বলাই ৰাখিবলৈ 


এতিয়া বিচৰা নাই কোনো আৰাম

আদৰণি জনাইছো শ্ৰমক 

এই সময়ছোৱা পাৰ হ’বলৈ নিজলৈকে উপকাৰ কৰোঁ।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages