সময়ৰ আহ্বান - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, March 1, 2023

সময়ৰ আহ্বান



 সময়ৰ আহ্বান

মিনু হাজৰিকা


ময়ে আমাক সদায় সকিয়াই তাৰ সদব্যৱহাৰ কৰিবলৈ কিন্তু সময়ৰ কথাত আমি অত্যাধুনিক মানুহবোৰে কানসাৰেই নকৰোঁ ৷ যোৱা কেইটামান দিন অসমৰ বহু অঞ্চল বিশেষে সৰু ডাঙৰকৈ ধুমুহাই বৰকৈ থেকেঁচা খুৱালে ৷ বৰদৈ চিলা অহা প্ৰবাদ মতে আমি অসমীয়া খিনিয়ে যেনিবা নিজকে বুজাইবঢ়াই ল’ম যে বহাগত এনেকুৱা বতৰ হোৱাটো স্বাভাৱিক ৷ 

      অফিচত যোৱাৰ সময়ত বৌ বুলি মতা এগৰাকী দুজনী ছোৱালীৰ মাকে মোক বৰ সহজ ভাৱে এষাৰ গুৰুত্বপূৰ্ণ কথা ক’লে ৷ যাক মই সহজভাৱে এতিয়ালৈকে মানি ল’বই পৰা নাই ৷ যোৱা কালি সন্ধিয়াৰ ধুমুহাই গোৱালপাৰা চহৰৰ বিস্তৰ ক্ষতি কৰিলে ৷ তেনেস্থলত সম্পূৰ্ণ ভাৱে বিজুলী যোগানৰ ব্যৱস্থাত যতি পৰিল ৷ পৰাটো একোৱেই অস্বাভাৱিক নহয় ৷ 

      ইমানদিনে বৌৰ ছোৱালী দুইজনীয়ে মাকৰ লগত একেবাৰেই ঘৰুৱা হওঁক বা বাহিৰাই হওঁক এটা কথাও পাতি নাপালে ৷ এই অৱস্থা কেৱল বৌৰ ক্ষেত্ৰতেই  নহয় আজিৰ যুগৰ প্ৰতি গৰাকী পৰিয়ালৰ একেই অৱস্থা ৷ তাৰ মূল কাৰণ হ’ল “ মোবাইল“ নামৰ হাতৰ মুঠিত থকা ইলেকট্ৰনিক বোমটো ৷ 

সন্ধিয়া বৌৰ লগত নানান কথা দুইজনীয়ে আলোচনা কৰিলে ৷ ৰাতি খোৱাবোৱাৰ পিছত বাচনবৰ্তন ধোৱাৰ সময়ত এজনীয়ে মাকক মম দেখুৱাই আছে ৷ আজি মাকে ভাৱি পোৱা নাই দুইজনী ছোৱালীৰ ইমান পৰিবৰ্তন কিহৰ বাবে ! ৰাতি দুই জনীয়ে মাকক সাৱটি বিচনাত শুৱলৈ গৈ ক’লে “ মা ’ আজি তোমাৰ কাহিনী কোৱা বিয়াৰ আগত বিহুত কি কি কৰিছিলা ! মাকে আচৰিত হ’ল  ! যি ছোৱালীৰ এদিন ওচৰত বহাৰ কথা পতাৰ সময় নাছিল আজি ইমান ওচৰত আহি মোৰ লগত কথা পাতিছে , কামত সহায় কৰিছে , ইয়াৰ অন্তৰালত কি ৰহস্য আছে !  ৰাতিটো ৰসাল কথাৰে পাৰ হ’ল ৷

     দুপৰীয়া যেনিবা বিজুলী সৰবৰাহ হ’ল আৰু আৰম্ভ হ’ল মোবাইল চাৰ্জত দিয়া দৌৰা ধপৰা ৷ আজি কিন্তু বৌ আগৰ দৰেই অকলশৰীয়া ৷ কাৰণ মোবাইল চাৰ্চ হ’ল ৷ জীয়ৰী দুইজনীয়ে মোবাইলৰ দুনীয়াত ব্যস্ত ৷ 

       তেতিয়াহে বৌয়ে বুজিলে ওৰহী গছৰ ওৰটো অইন ক’তো নহয় , মোবাইলৰ  বাবেহে ৷ বৌ গৰাকীয়ে আক্ষেপতে মোক ক’লে ৷ যদি বছৰত চাৰিবাৰ মান এনেদৰে ধুমুহা আহে আৰু বিজুলী সৰবৰাহ বন্ধ হৈ থাকে বৰ ভাল হ’ল হেতেন ৷ অন্তত নিজে জন্ম দিয়া সন্তান বোৰক বুকুৰ কাষত ৰাখি আৰু সুখদুখৰ ঘৰুৱা কথাবোৰ পাতি পাতি টোপনি  যাব পাৰিলোঁ হয় বছৰত আঠাইশ দিন হ’লেও !

    মই ভাৱো,   বৌয়ে ভৱাৰ দৰেই   যদি হোৱাহেঁতেন মানুহ ভীৰৰ মাজতো অকলশৰীয়া হৈ নাথাকিলে হেতেন ৷ ইজনে সিজনৰ মাজত কথাপাতি পাৰিবাৰিক সুখ পালেহেঁতেন । ক্ষতি মোৰ কাম্য নহয় ৷ তথাপিতো ভাৱো “ ধ্বংসই সৃষ্টিৰ মূল“ ৷ মোবাইলে আমাক গোটেই পৃথিৱীৰ লগত সংযোগ কৰাই কিন্তু বিচ্ছিন্ন কৰে তাৰ বাবদ সৰুবৰ সাংসাৰিক সুখৰ অনাবিল আনন্দৰ পৰা ।৷


Doksiri দকচিৰি, মাৰ্চ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages