মোৰ কবিতাৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, March 1, 2023

মোৰ কবিতাৰ

 


মোৰ কবিতাৰ 

যতীন মিলি


মাউণ্ট এভাৰেষ্টৰ পৰা দুটা স্তন 

ছিঙি আনি 

শিৰোনাম কৰিলোঁ 

মোৰ কবিতাৰ 


আকাশৰ দুহাত কাটি আনি

অৱগুণ্ঠিকা কৰিলোঁ

মোৰ কবিতাৰ 


নদীৰ নাভিৰ পৰা নৈপৰীয়া 

নিনাদ এটি বুটলি কণ্ঠ কৰিলোঁ

মোৰ কবিতাৰ 


বাটমেলা পথাৰখনৰ পৰা 

সেউজীয়া উশাহ এটা টানি 

হাওঁফাওঁ কৰিলোঁ 

মোৰ কবিতাৰ 


শিলৰ কলিজা পিন্ধাই গছক ক'লোঁ 

নিৰৱে চাই থাক অ-

নিৰৱে চাই থাক


এদিন মোৰ কবিতাই তোৰ ডালে-পাতেও বগাব 

হৃদয়ৰ বাসন্তী বতাহ এজাক উৰুৱাই 

নীলিমাৰ নীলাভ চুমিব ...!


Doksiri দকচিৰি, মাৰ্চ, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages