পকা দাড়ি
ধন দাস
কবিতা লিখা আঙুলিকেইটাই চাই আছে
পক ধৰা দাড়িবোৰলৈ
এইখিনিতেই আপোনাৰ পৰা তুমিলৈ আহোতে
হঠাৎ দুৰ্ঘটনা জিভাত
দাঁত কামুৰ খাই বিষত কেঁকাই-গেথাই
আঙুলিকেইটাই লিখিলে প্ৰেম হয়তো এনেকুৱাই
পকা দাড়িবোৰৰ মাজে মাজে আঙুলিকেইটাই
কি বিচাৰিছিল নাজানো
ভাবি ভাবি ভাৰাক্ৰান্ত
কবিতা জানো লিখিব পৰা যায় হোৱাই-নোহোৱাই
ঠিক একেই কথা এষাৰ
'ভাল পাঁও বুলিলেই ভাল পাব নোৱাৰি '
কিম্বা সহজ মুঠেও নহয়
আপুনিৰ পৰা তুমিলৈকৰা অহা-যোৱা
পক ধৰা দাড়িৰ দৰেই
প্ৰেমতো পক ধৰে
আজি সন্ধিয়া
ফাপৰে খোৱা ফাগুন অলপ মুখত সানি
কথা পাতিলো আপোনাৰ সৈতে
আংলে'চ-বাংলে'চ ঢেৰ কথা
আপুনি ক'লে বুকুখন থকাসৰকা
মই ক'লো একো নুবুজাকে আগলৈ গৈ থাকা
ঘপহ্কৈ দুটা আঙুলিয়ে দাড়ি এডাল
উভালি আনিলে
ভ্ৰম নে উদ্ভ্ৰান্ত
পকা বুলি কেঁচাকে আঁজুৰিছে
আপুনি বৰ অমায়িক হৈ ক'লে --
আকৌ ঠন ধৰি নুঠিম চাগে কোনোদিন
ভাগি টুকুৰা টুকুৰ হোৱা আইনাত মোৰ টুকুৰাবোৰ বিচাৰি ফুৰিছোঁ ।।
একোৱেই সহজ নহয় বাবেই জীয়াই থকাৰ আমোদ বেছি
অথচ কোনেও নাজানে কাইলৈ কি হ'ব
কোনে কাক হেৰুৱাব
কোনে ক'ত খান্দি থাকিব
কোনে ক'ত কান্দি থাকিব ----
পকা দাড়িবোৰত আঙুলিকেইটাই আঁকিব বিচাৰে
সময় শিল্প জীৱনৰ
কিন্তু নোৱাৰে ৰৈ যায় বহু শিল প্ৰলাপ !!
(অঞ্চলভেদে কথিত শব্দ "আংলেচ-বাংলেচ")
Doksiri দকচিৰি, মাৰ্চ, ২০২৩
No comments:
Post a Comment