ফাগুন
লক্ষী প্ৰসাদ ৰেগন
এই বাটে নাযাবি দুষ্ট ফাগুন গৈছে
এই বাটে নাহিবি উতনুৱা ফাগুন আহিছে
শিমলু জোপাই দেহৰ আৱৰণ খুলি
ভিতৰৰ পৰা হাঁহি মাৰিছে
বতৰৰো চেৰেকী পাক
ঢপলীয়াই ফুৰিছে ইচাট বিচাট কৰি
ফাগুনৰ প্ৰথম জাক বৰষুণ বুলি সকলোৱে বাট চাই আছে
Doksiri দকচিৰি, মাৰ্চ, ২০২৩
No comments:
Post a Comment