কান্দুৰী অ, কান্দচোন এবাৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, May 1, 2023

কান্দুৰী অ, কান্দচোন এবাৰ

 


কান্দুৰী অ, কান্দচোন এবাৰ


অসমী গগৈ বৰুৱা

নাজিৰা


চোতালখনৰ সোঁকাষে এজোপা শিৰীষ গছ আছিল। ফুল ফুলা দিনতে হওক বা আন সময়তে হওক গছৰ পাতবোৰ সৰি চোতালখন লেতেৰা কৰা কামটোৱে মানুহজনীক বৰ অশান্তি দিয়ে। আহলবহল চোতালখন ফু মাৰি ভাত খাব পৰা কৰিবলৈ যাওঁতে শেষৰফালে মানুহজনীৰ ককালটো ঠাহ মাৰি ধৰে। ঘামে ধোওঁৱা মুখখনত অলকা কেইডাল আৰু ৰঙা ফোঁটটোৱে বাৰুকৈয়ে লেটি লয়। যি হ'লেও চোতালখন পূৰাকৈ নসৰালৈকে মানুহজনীৰ মনটোৱে নসহে। সাৰি অতাঁই চোতালৰ একা বেকা আঁচবোৰলৈ চাই মানুহজনী চোতালত দেও দি ফুৰা ঘৰচিৰিকাজনী হয়গৈ প্ৰায়ে।

ল'ৰালিলৈ মনত পৰি এপুখুৰী পানীৰে চপচপীয়া হৈ পৰে দুচকু। তাতে বাঢ়নিটাৰ লাগি মৰা কেচু কুমতিলৈ জগা সমবেদনাবোৰ থাকেই। এনেয়েও অৱশ্যে মানুহজনীৰ দুচকুৰে গংগা যমুনা বৈ থাকে বুলি কলেও ভুল কোৱা নহ'ব। সেয়ে মানুহজনীয়ে পোৱা কান্দুৰী নামটোৱে পোচাকী নামটো গৰকি থাকে নিতৌ।

           শিৰীষ গছে দিয়া অশান্তিবোৰ আপোন হৈ থাকোতেই বিয়া সবাহ পাতিলে ৰভা পৰলা দিবলৈ অসুবিধা হোৱাৰ অজুহাতত গছজোপা এদিন কাটি পেলোৱা হ'ল। কেইবাদিনো মানুহজনীৰ চকুৰ পানী নাকৰ পানী একাকাৰ হৈ থাকিল। মেচিন লগাই কটা গছ জোপাৰ মুঢ়াটো থমথমকৈ বহি থাকি এখন  টেবুলৰ কাম গ'ল। কোনোবাই কেতিয়াবা মোজাযোৰ ধুই শুকাবলৈ দিয়ে, কোনোবাই পানী পৰা বহী কিতাপ শুকুৱায়, মলঙা চাউল, আচাৰ, নিমখত দিয়া আমলখি, শিলিখা আদি ৰ'দাবলৈ শিৰীষ গছৰ মুঢ়াটোতকৈ সুচল ঠাই ঘৰখনত আৰু নাই যেনেই হৈছেগৈ এতিয়া। মানুহজনীৰহে এইবোৰ দেখি শোক উথলি উঠি চকুৰ বান্ধ ভাগে। কেতিয়াবা তেনেকৈ গছৰ মুঢ়াটোলৈ চাই থাকোতে এপৰ কাটে মানুহজনীৰ। পাছ মুহুৰ্ততে পোৱালি মেলা কামবোৰ সামৰিবলৈ টাকুৰী ঘূৰাদি ঘূৰিবলৈ ধৰে । পুৱা চকু মেলাৰ পৰা নিশা চকু মুদালৈকে ঘৰখনৰ ভিতৰতে ঘূৰি ঘূৰি কৰা কামবোৰৰ কোনোদিনেই শেষ নহয়। ঘূৰি থাক আৰু কৰি থাক, কালি আজি আৰু কাইলৈও…

         আজি পিছে কথাবোৰ কালিৰ দৰে হৈ থকা নাই। ঘৰৰ পৰৰ মানুহৰ অহা যোৱা ওলোৱা সোমোৱাৰে সতেজ হৈ থকা ঘৰখনত আজি কিবা এটাৰ অভাৱ। গোমা গোমা ভাব এটাই ঘেৰি আছে ঘৰখনৰ চৌদিশ। মানুহবোৰ অহা আহিছে আৰু যোৱা গৈছে। কিন্তু চোতালৰ গছৰ মুঢ়াটোৰ দৰেই ঘৰখনৰ মানুহজনী বহি আছে থমথমকৈ, ভাৱলেখহীন এখন মুখ লৈ। মানুহজনীক জনা মানুহবোৰৰ অবাক চাৱনিবোৰে মানুহজনীক চেলেকি থাকিল অহৰহ।

           কথাই প্ৰতি, হকে বিহকে, সকলো সময়তে মানুহজনীয়ে বুকুত কঢ়িয়াই লৈ ফুৰিছিল এবুকু সহমৰ্মিতা। সেয়া লাগিলে ঘাঁহডালেই হওক বা চৰাইয়ে হওক বা মানুহৰ বাবেই হওক । অনবৰতে মৰম ভালপোৱাৰে আন্তৰিকতা, আদৰ সাদৰেৰে উথল পাথল কৰি থকা হৃদয়খনেৰে মানুহজনী ঘূৰি ফুৰে ঘৰে বাহিৰে, সাৱধানেৰে অতি সাৱধানেৰে। গছকত যাতে পৰুৱা এটাও নমৰে, তেনেকৈ। বিয়াৰ পাছত এদিন দুৱাৰৰ চেপাত মৰি শুকাই কৰ্কৰীয়া মৰা জেঠীটো দেখি মানুহজনীয়ে ফেকুৰি ফেকুৰি কন্দা কথাষাৰে নতুন ঘৰখনত বেচ হাঁহিৰ খোৰাক যোগাইছিল।

 "সি চাগে কিমান কষ্ট পাই মৰিল!"

পাছলৈ আগৰ ঘৰখনৰ দৰেই নতুন ঘৰখনৰ মানুহবোৰেও গম পাইছিল যে নিজে ৰোৱা গোলাপজোপা ফুলাৰ আনন্দতো আৰু বুঢ়া পাতখিলা সৰা দুখতো মানুহজনীয়ে কান্দিব পাৰে। আলহীক ভালকৈ খোৱাব নোৱাৰিলোঁ বুলিও কান্দিব পাৰে বা তৃপ্তিৰে এসাঁজ খোৱাব পৰাৰ আনন্দতো মানুহজনীয়ে কান্দিব পাৰে। মানুহজনে বিচৰা বস্তুটো লগে লগে দিব নোৱাৰিলে ব্যৰ্থতাৰ বেদনাতো দুচকু ভৰে মানুহজনীৰ। তেনেকৈয়ে  মাকৰ ঘৰৰ কান্দুৰী নামটোৱে এইখন ঘৰতো মানুহজনীক ঘেৰি থাকিল।

আনকি মাত ফুটাৰে পৰা অনবৰতে চকুলো নিগৰি থকা মাকজনীক এদিন ল'ৰাটোৱেও "কান্দুৰী মা" বুলি কব পৰা হ'ল। হয়ো, ল'ৰাটো উবুৰি হ'ব পাৰিছে বুলিও কান্দোন, হাঁহিছে বুলিও কান্দোন, অসুখ বুলিও কান্দোন, থিয় হ'ব পাৰিছে বুলিও কান্দোন, দুৱাৰৰ চৌকাঠত খুন্দা খাই উঠা টেমুনাটো দেখি যে কি কান্দোন! ল'ৰাটোৱে প্ৰথমবাৰ "মা" বোলা দিনাখন যে মানুহজনীৰ মন মগজু আনকি পেটতো ঘূৰি থাকিল শব্দটো, ভাতেই নোসোমাল পেটত মানুহজনীৰ…

           পাছলৈ পিছে ল'ৰাটোৱে চকুপানী নিগৰি থকা মাকক কথাই প্ৰতি কোৱা হ'ল… কিনো কান্দি থাকা সব কথাতে, লগৰবোৰৰ আগত আজি লাজেই পাইছোঁ… হয়ো, লগৰীয়াৰ লগত ওলাই যাবলৈ লোৱা চফল ডেকাটো দেখি বুকু ভৰি যোৱা মাকৰ চকুৰ সৰি পৰা চকুলোৰ  কথা আজিৰ যন্ত্ৰ যুগৰ ল'ৰা ছোৱালীয়ে কেনেকৈ অনুভৱ কৰিব! 

          নকৰে নকৰে, ল'ৰা কি বাপেকেও নকৰে। আলফুলীয়া মনৰ মানুহজনীৰ বুকুত তোলপাৰ লগাই থকা কথাবোৰ কোনেও অনুভৱ নকৰে। নাভাবেই একো। কি সুখতনো কান্দে মানুহজনীয়ে বা কি দুখতনো কান্দে বা কি বিষাদ যন্ত্ৰণাই চেপি থাকে মানুহজনীক! নহ'লেনো দেখি শুনি থকা ঘটনাবোৰে দুৰু দুৰুকৈ কপাই থকা বুকুৰে, চকুৰপানীৰে দুগাল তিয়াই কৰা মিনতিক আওকাণ কৰি বাপেকে পুতেকক লগত লৈ ওলাই যায়নে! ঘূৰি আহি মুখত মিঠাই এটা গুজি দি বাপেকে মাকক কব পাৰেনে "… খোৱা খোৱা, তোমাৰ ল'ৰা বাইক চলাই কলেজ যাব পৰা হ'ল। পিছে তাৰ আগত কান্দি নেদেখুৱাবা। সি বৰ হেঁপাহ কৰি আছিল বাইকখনলৈ… ভালেই হ'ল বুজিছা, আমি বুঢ়া বুঢ়ীও কেতিয়াবা ঘূৰিব পাৰিম… শোক এটাই মুচৰি পেলোৱা বুকুখন ভেদি ওলাই অহা চকুপানীখিনি মানুহজনীয়ে গিলি পেলাইছিল সেইদিনা। কেৱল সেইদিনাই নহয়, ল'ৰাটো বাইকখন লৈ ওলাই যোৱা প্ৰতিটো মুহুৰ্ততে বব খোজা চকুপানীবোৰ সামৰি থৈছিল মানুহজনীয়ে।

     তেনেদৰেই সামৰি সামৰি ভিতৰি শিল হোৱা মানুহজনী আজি বহি আছে গছৰ মুঢ়াটো হৈ। সকলোৰে চকু মানুহজনীৰ ওপৰত। কান্দুৰী মানুহজনীৰ কাণত একো পৰাই নাই নেকি, ভাবি থাকিল সবেই। নতুন বাইক লৈ অতি তীব্ৰ বেগত কাহানিও ঘূৰি নহা বাটেৰে গুচি যোৱা ল'ৰাটোৰ খবৰটোৱে কন্দুওৱা সকলো মানুহৰ মনত এটাই ভাৱ… কান্দুৰীয়ে আজি কিয় কন্দা নাই! সৰু বৰ সুখ দুখ সকলো কথাতে কান্ধি থকাৰ বাবে অশান্তি পোৱা সকলৰো মনত এষাৰ কথা… কান্দ অ কান্দুৰী, কান্দচোন এবাৰ… কপাল চপৰিয়াই, হিয়া ঢাকুৰি কান্ধ… এবাৰলৈ হ'লেও কান্ধ…


Doksiri দকচিৰি, মে, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages