অসমীয়া জনজীৱনলৈ
মিচিংসকলৰ অৱদান
সীতাৰাম দলে
মানৱ সমাজৰ জ্ঞান, বিশ্বাস, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, নৈতিকতা, উৎসৱ-অনুষ্ঠান, আইন-কানুন, শিল্পকলা আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ আন দিশবোৰ সামৰা সামগ্ৰিক ৰূপেই হৈছে সংস্কৃতি৷ ‘‘যি শিল্পকৰ্মত সম্যক সৃজনশীলতা আছে, সৌন্দৰ্য আছে, মানৱতা আছে, সিয়েই সংস্কৃতি’’- ডঃ লীলা গগৈ৷ সুনীতি কুমাৰ চট্টোপাধ্যায়ে কৈছে, ‘‘একাধাৰে সভ্যতা--তৰুৰ পুষ্প আৰ তাৰ আভ্যন্তৰ প্ৰাণ বা মানসিক অনুপ্ৰেৰণা যা, তাই হচ্চে Culture’’[অস. সংস্কৃতি]৷ প্ৰকৃতাৰ্থত এক সুন্দৰ সমাজ ব্যৱস্থাত সভ্যতা আৰু শালীনতাৰ ভেঁটিত মানৱিক মূল্যবোধক আগুৱাই লৈ যোৱাই হৈছে সংস্কৃতি৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহণীয়া সংস্কৃতিৰ সংমিশ্ৰণেৰে অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে৷ ই এক যৌগিক সংস্কৃতি--সমন্বয়ৰ সংস্কৃতি৷ ই কোনো নিৰ্দিষ্ট জনগোষ্ঠীৰ সংস্কৃতি নহয়৷ কিৰাতþ, আৰ্য, নিষাদ, দ্ৰাবিড় আদি সকলো জনগোষ্ঠীৰ সংস্কৃতিৰে উপাদান সংমিশ্ৰিত হৈ বহুযুগৰ বিৱৰ্তনৰ ফলস্বৰূপে অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে৷ অসমীয়া সংস্কৃতি ভিন ভিন ধুনীয়া ধুনীয়া ৰঙীন ফুলেৰে সুশোভিত হৈ থকা এখনি মনোৰম ফুলনিৰ দৰে৷ বিভিন্ন ৰঙৰ অনন্যসুন্দৰ ফুলবোৰে ফুলনিত যেন ৰূপতে ৰং চৰায়৷
অসম আৰু অসমীয়া জাতীয় জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ অৰ্থাৎ বৰ্ণাঢ্য অসমীয়া সংস্কৃতিলৈ মিচিংসকলে ভালেখিনি অৱদান আগবঢ়াইছে৷ তেওঁলোকে আগবঢ়োৱা অৱদানে অসমীয়া জাতি আৰু সাহিত্য-সংস্কৃতিক গতিশীলতা প্ৰদান কৰাত বিশেষ ভূমিকা পালন কৰিছে৷ এই প্ৰসংগত প্ৰথমেই এই কথা কৈ থওঁ যে মিচিংসকল স্বকীয় পৰিচয়সম্পন্ন এটা জাতি হ’লেও অসমৰ আন আন জাতি-উপজাতিৰ দৰেই তেওঁলোকো বৃহত্তৰ অসমীয়া জাতিৰ অন্তৰ্ভুক্ত এটা প্ৰধান জনগোষ্ঠী৷ অসমী আইৰ সন্তান, কায়মনোবাক্যে অসমীয়া৷ গতিকে তেওঁলোকৰ স্বকীয় সংস্কৃতিও অসমীয়া সংস্কৃতি৷ মিচিংসকল কেৱল একক সংস্কৃতি পালন-পোষণেৰে চহকী হোৱা নাই; তেওঁলোকে বৃহত্তৰ অসমীয়া সমাজৰ অনেক সাংস্কৃতিক সমল গ্ৰহণ কৰি আৰু একক মিচিং সংস্কৃতিৰ বিভিন্ন উপাদান অসমীয়া সংস্কৃতিত জীণ নিয়াই বৃহত্তৰ অসমীয়া সাংস্কৃতিক পথাৰখন জীপাল, বহল, বৰ্ণাঢ্য আৰু চহকী কৰিছে৷
বৰ্ণাঢ্য অসমীয়া সংস্কৃতিলৈ মিচিংসকলৰ অৱদানৰ কথা উল্লেখ কৰিলেই পোন প্ৰথমে মনতপৰে বিহুৰ কথা--বিশেষকৈ ৰঙেৰে ৰঙালী ব’হাগ বিহুৰ কথা৷ বিহু অসমীয়াৰ জাতীয় উৎসৱ যদিও প্ৰাক স্বাধীনতা কালত গুণাভিৰাম বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন সমন্বিতে এচাম মধ্যবিত্ত অসমীয়াই বিহুক অশ্লীল সংস্কৃতি, ইতৰ মানুহৰ উৎসৱ, বিহুনামক অশ্লীল বনৰীয়া নাম আৰু কামোদ্দীপক নাম বুলি অভিহিত কৰিছিল৷ বিহুনৃত্যক কামোদ্দীপক নৃত্য বুলি কৈ বিদ্ৰূপ কৰিছিল৷ বিহুগীত আৰু নৃত্যক একপ্ৰকাৰ তুচ্ছ-তাচ্চিল্য কৰিছিল৷ সেয়ে বৃটিছ শাসিত অসমত অসমীয়া মধ্যবিত্ত পৰিয়ালৰ ডেকা-গাভৰুৱে বিহুৰ বতৰত একেলগে নৃত্য-গীত পৰিৱেশন কৰাৰ নিদৰ্শন পোৱা নাযায়৷ এইক্ষেত্ৰত মিচিংসকল আছিল সম্পূৰ্ণ ব্যতিক্ৰম৷ তেওঁলোকে তাহানিৰে পৰা আলিঃ-আঃয়ে লৃগাং আৰু পঃৰাগ উৎসৱ পাতি আৰু চোতাল ধেমালি অনুষ্ঠিত কৰি ডেকাই-গাভৰুৱে একেখন চোতালত একেলগে নাচ-গান কৰি আহিছে৷ অসমীয়া সংস্কৃতিৰ সংস্পৰ্শলৈ অহাৰ সময়ৰ পৰাই ব’হাগ বিহু, কাতি বিহু আৰু মাঘ বিহু পালন কৰি একেলগে নাচি-বাগি স্ফূৰ্তি কৰি আহিছে৷ অসমীয়া বিহুৰ প্ৰাচীন ৰূপ স্বৰূপ ঢকুৱাখনাৰ ‘ফাটবিহু’ আহোম ৰজাসকলৰ দিনৰে পৰা মিচিংসকলে জীয়াই ৰাখিছে৷ [বৃহত্তৰ অসমীয়া জাতি গঠনত মিচিং জনগোষ্ঠীৰ অৱদান- ইছমাইল হুছেইন, স্মৃতিগ্ৰন্থ, গোগামুখ]৷ ডেকা-গাভৰু বা পুৰুষ-স্ত্ৰীয়ে সৌ সিদিনালৈকেই একেলগে নাচ-গান কৰাটোক কল্পনা কৰিব নোৱৰা ৰক্ষণশীল অসমীয়া সমাজত মিচিংসকলৰ প্ৰভাৱতে ডেকা-গাভৰুৱে একেলগে নাচ-গান কৰাটোক গ্ৰহণ কৰিব পৰা হ’ল বুলি ভাবিব পাৰি৷ অসমীয়া বিহুনৃত্যৰ বৰ্তমানৰ যি পৰিশুদ্ধ ৰূপ বা একে নিয়মত বন্ধা ছেও আৰু ভংগী সিয়ো মিচিং বিহুনৃত্যৰ অনুকৰণত গঢ় লৈ উঠাৰ কথাটো নুই কৰিব নোৱাৰি৷ পূৰ্বে অসমীয়া বিহুনৃত্যৰ নৃত্যৰতা নাচনীয়ে একেখন মঞ্চতে যিয়ে যেনেকৈ পাৰে নাচিছিল; নৃত্যত একক ৰূপ দেখা পোৱা নগৈছিল৷ কোনোবা নাচনীয়ে কঁকালত হাত দি নাচিলে কোনোবাগৰাকীয়ে ওপৰলৈ হাত দাঙি নাচিছিল৷ কোনোবাই সোঁফালে ঘূৰালে আন কোনোবাই বাওঁফালে ঘূৰি নাচিছিল৷ আনহাতে মিচিং নৃত্যশৈলীৰ প্ৰধান বৈশিষ্ট্য্যই হৈছে এক বা সমৰূপতা৷ গতিকে অসমীয়া বিহুনৃত্যৰ বৰ্তমানৰ যি সমৰূপতা তাক মিচিংসকলৰ অৱদান বুলি ক’ব পৰাৰ থল আছে৷ দুয়োখন হাত আগফালে আনি সোঁহাতেৰে বাওঁহাতৰ আঙুলি ধৰি পানীৰ ঢৌ খেলোওৱাৰ দৰে দেখুওৱা মিচিং নৃত্যশৈলীৰ এটি ছেও অসমীয়া বিহুনৃত্যত গ্ৰহণ কৰি তাৰ নাম ৰাখিছে ‘মিৰি ছেও’৷ মিচিং অইনিঃতমৰ সুৰ আৰু অসমীয়া বিহুগীতৰ সুৰেও পৰস্পৰে পৰস্পৰক প্ৰভাৱান্বিত কৰিছে৷ অসমীয়া বিহুগীতত মিচিং অইনিঃতমৰ সুৰ সঞ্চাৰ হোৱা পৰিলক্ষিত হৈছে৷ তেনেদৰে মিচিং অইনিঃতমতো অসমীয়া বিহুগীতৰ সুৰ সোমাই পৰিছে৷ ক’বলৈ গ’লে অসমৰ বিহু উৎসৱক বিভিন্ন জাতি-জনগোষ্ঠীৰ সংস্কৃতিৰ সংমিশ্ৰণৰ ফল বুলিব পাৰি৷ বৃটিছ আমোলত অসমৰ এচাম অগ্ৰগণ্য ব্যক্তিৰ অৱহেলা, কটু সমালোচনা আৰু অনীহাত পেলনীয়া, ঘৃণনীয়, ইতৰ মানুহৰ উৎসৱ বুলি মৰহি যাবলৈ দিয়া বিহুক বিশেষকৈ ব’হাগৰ ৰঙালী বিহুক মিচিংসকলে বুকুৰ উম দি জীয়াই ৰাখিছিল৷ গতিকে দেখা যায় যে আহোমৰ দিনত পৰিস্ফুট হৈ বৃটিছৰ দিনত মৰহি যাব ধৰা বিহুক সাৰ-পানী যোগাই জীয়াই ৰখাত মিচিংসকলে যথেষ্ট বৰঙনি যোগাইছে৷
অসমৰ অনেক সত্ৰৰ সৈতেও মিচিংসকলৰ এৰাব নোৱৰা সম্পৰ্ক আছে৷ লক্ষ্মীমপুৰ জিলাৰ ঢকুৱাখনাৰ ওচৰৰ বাসুদেৱ থানৰ সত্ৰখন এজন মিচিং লোকে স্থাপন কৰিছিল বুলি কোৱা কথাটো এই ক্ষেত্ৰত বিশেষ প্ৰণিধানযোগ্য৷ সপ্তদশ শতিকাৰ শেষছোৱাৰপৰা বৈষ্ণৱ গোসাঁইসকলৰ প্ৰভাৱত মিচিংসকল ক্ৰমান্বয়ে বৈষ্ণৱ ধৰ্মলৈ দীক্ষিত হ’বলৈ ধৰে৷ মিচিঙৰপৰা বৈষ্ণৱ ধৰ্মলৈ দীক্ষিত হোৱাসকলক ‘ভকতীয়া’ বুলি কোৱাৰ বিপৰীতে দীক্ষা নোলোৱাসকলক ‘অভকতীয়া’ বুলি কোৱা হয়৷ গতিকে অসমৰ বৈষ্ণৱ সমাজত ভকতীয়া-অভকতীয়া পদ বা অভিধাৰ উদ্ভৱ মিচিঙৰ বৈষ্ণৱ ধৰ্ম গ্ৰহণৰ ফলশ্ৰুতি যেন লাগে৷ মিচিং মুৰং ঘৰৰ আৰ্হিতে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে মণিকূটৰ বাদে মূল নামঘৰৰ নক্সা দিয়া বুলি কোৱা শুনা যায়৷ মাত্ৰ চাংঘৰৰ ঠাইত মাটি-ভেঁটিৰ ঘৰ কৰা বুলি ক’ব পাৰি৷ আধুনিক যুগৰ অসমৰ ৰাজহুৱা গৃহ, ক্লাব ঘৰ আদিবোৰকো মুৰংঘৰৰ আৰ্হিতে নিৰ্মাণ কৰা যেন লাগে৷ উল্লেখ্য যে মিচিং ভকত বা শিষ্যসকলে স্বেচ্চাই গুৰুকৰ দি সত্ৰৰ অৰ্থনৈতিক দিশটো টনকিয়াল কৰাত পাৰ্যমানে সহায় কৰিছিল৷ এনেদৰেই সত্ৰৰ বাকৰিত সোমাই মিচিংসকলে অসমৰ জাতীয় জীৱনক চহকী কৰিছিল বা কৰিছে৷
বৃহত্তৰ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত মিচিংসকলৰ সংমিশ্ৰণৰ ইতিহাস বিশেষ লেখত ল’বলগীয়া৷ বিশেষকৈ আহোম আৰু চুতীয়া জনগোষ্ঠীৰ সৈতে মিচিঙৰ সংমিশ্ৰণে অসমৰ সমাজ জীৱনৰ সমন্বয় আৰু সংহতিৰ ধাৰাটো সবল আৰু সমৃদ্ধি কৰিছে৷ চুতীয়া আৰু আহোমৰ সৈতে মিচিংসকলৰ আন্তঃবিবাহৰ সম্পৰ্ক গঢ় লৈ উঠিছিল৷ এই তিনি জনগোষ্ঠীৰ সংমিশ্ৰণৰ ফলত পূৰ্বে মিৰি চুতীয়া আৰু চুতীয়া মিৰি থকাৰ দৰে মিৰি আহোম আৰু আহোম মিৰি পৰিয়ালো আছিল৷ এতিয়া অৱশ্যে মিৰিৰ পৰা চুতীয়া আৰু আহোম হোৱাসকল সম্পূৰ্ণৰূপে চুতীয়া আৰু আহোম হৈ পৰিল৷ তেনেদৰেই চুতীয়া আৰু আহোমৰ পৰা মিৰি হোৱাসকলো মিচিং জাতিত বিলীন হ’ল৷ দুটামান উদাহৰণ দিওঁ-- ....‘‘বাল্টাপাৰৰ কোষত চাওপাংবণ্ডুক বুলি মিৰি মানুহ এঘৰ পালে৷ চাওপাংবণ্ডুকৰ পুতেক ত্যাওকাংবণ্ডুক, তাৰে জীয়েক হিঙ্গুলী৷ হিঙ্গুলীক আনি ৰজাদেৱে বৰকুঁৱৰী পাতিলেহি৷ .... সেইবেলা ত্যাওকাংবণ্ডুকৰ জী হিঙ্গুলী কুঁৱৰীয়ে বোলে, মোৰ পুথাওকে হাতী দিয়ক, বৰগোহাঁয়ো পাতক৷ মোৰ পুথাওৰ সাত পুতেকৰ সাতজনী বোৱাৰীয়েক৷ বোৱাৰীয়েকহঁতে গাইপতি ঘাঁহ দুমুঠাকৈ আনিলেও চৈধ্য মুঠা হ’ব৷ এই কথা শুনি মহাৰাজই চাওপাংবণ্ডুকক গোহাঁই পাতিলে৷ বৰগোহাঁইৰ হাতীকো দিলে৷ ইঘৰক মিৰি বৰগোহাঁই বোলে [আহোমৰ দিন--হিতেশ্বৰ বৰবৰুৱা, পৃষ্ঠা-২১ আৰু ২৫]৷ ’’ স্মৰ্তব্য যে ৰজাজন আছিল আহোমসকলৰ তৃতীয় ৰজা চুবিনফা৷ ....‘‘স্বৰ্গদেৱ চুহুংমুঙে নৰা ৰজাক যুদ্ধত ঘটোৱা ত্যাও চুংলুং চুংৰিণক থাওমুং-মুংতাও নাম দি সকলোৰে আগত বহিব দিলে৷ জাতত এইঘৰ মানুহ মিৰি৷ ’’ [ ঁসৰ্বানন্দ ৰাজকুমাৰ বিৰচিত ‘ইতিহাসে সোঁৱৰা ছশটা বছৰ’, পৃষ্ঠা- ৫৫]৷ , ... ‘‘আৰু বুঢ়া ৰজাদেৱৰ দিনত বাৰুকৰপৰা বৰগোহাঞি পৰিয়া ভোকোলা গোহাঁইক ঘৰ ফালি আনি দিহীঙত পাতিলে৷ তেওঁ অপুত্ৰক আছিল৷ পাছে মিৰিৰ ল’ৰা পো বধাকৈ তুলিলে, তাৰ নাম দিলে মিৰি সন্দিকৈ৷ তাৰে পো-নাতিকেহে বোলে এতিয়াও মিৰি সন্দিকৈ৷ ’’ [ইতিহাসে সোঁৱৰা ছশটা বছৰ- সৰ্বানন্দ ৰাজকুমাৰ, পৃষ্ঠা-৫৬]৷ তেনেদৰে তুলি লোৱা সমস্ত মিচিং লোক আৰু তেওঁলোকৰ সতি-সন্ততি আহোম জাতিত জীণ গ’ল৷ এনে উদাহৰণ বিচাৰিলে আৰু বহুত পোৱা যাব৷ শৰাইঘাটৰ যুদ্ধৰ প্ৰধান আহোম সেনাপতি মহাবীৰ লাচিত বৰফুকনৰ সোঁহাতস্বৰূপ পানীফুকনৰ বাহিৰেও আহোম সৈন্যবাহিনীত আন বহু মিচিং ৰণুৱা আছিল বুলি কোৱা হয়৷ সেই সময়ত বহুত মিচিঙে চমুৱা, কাড়ী, বৰুৱা, ফুকন, শইকীয়া আদি বাব পাইছিল৷ ¸ বহুতে মেধি বা সদাসৰ, পাটগিৰি, সাতোলা আদি বিষয়বাবো লাভ কৰিছিল৷ সেইবিলাকৰ কিছুমান আহোম অথবা বৃহত্তৰ অসমীয়া সমাজৰ লগত মিলি থাকিল আৰু মিলিব নোৱৰাখিনি মিচিং সমাজলৈ অহাৰ বাবেই তেনে উপাধিধাৰী লোকো মিচিং সমাজত আছে৷ মিচিং আৰু চুতীয়াৰ সম্পৰ্ক সন্দৰ্ভত মিচিং সমাজৰ ‘দঃপৃন মিগাং’ [বুৰঞ্জীবিদ] খ্যাত ডাঃ নোমল চন্দ্ৰ পেগুদেৱে তেখেতৰ ‘‘The Mishings of the Brahmaputra Valley’’ নামৰ গ্ৰন্থত চুতীয়াৰ সৈতে মিচিংসকলৰ সামাজিক, ৰাজনৈতিক আৰু আন্তঃ-বৈবাহিক সম্পৰ্কৰ উল্লেখ কৰি কৈছে যে আহোম সৈন্যৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ চুতীয়া সৈন্যই ওচৰ-পাঁজৰৰ মিচিং গাঁৱত আশ্ৰয় গ্ৰহণ কৰি আন্তঃবিবাহৰ মাজেৰে মিলি যোৱা লোকসকলেই ‘মিৰি চুতীয়া’ বা ‘চুতীয়া মিৰি’ৰূপে জনাজাত৷ সেই সময়ত চুতীয়া ৰাজ্যৰ উত্তৰে ওচৰা-উচৰিকৈ মিচিংসকল বসবাস কৰি থকা সূত্ৰে তেওঁলোকৰ মাজত বৈবাহিক সম্পৰ্ক গঢ় লৈ উঠাটো একো আচৰিত কথা নহয়৷ অসমৰ অন্যতম জনজাতি জনগোষ্ঠী দেউৰীসকলৰ মাজতো মিচিঙৰ কেতবোৰ উপাধি দলে, পেগু, কুটুম, পাইত আদি আছে বুলি কোৱা কথালৈ চাই দেউৰী জনগোষ্ঠীৰ সৈতেও মিচিঙৰ সংমিশ্ৰণ ঘটিছিল বুলি অনুমান কৰিব পাৰি৷ উল্লিখিত জাতি-জনগোষ্ঠীসমূহৰ উপৰি অসমৰ আন আন জাতি-জনগোষ্ঠীৰ সৈতেও মিচিংসকলৰ বৈবাহিক সম্বন্ধ স্থাপন হৈছে৷ এইদৰেই বৃহত্তৰ অসমীয়া জাতি গঠনতো মিচিংসকলে উল্লেখযোগ্য অৰিহণা আগবঢ়াইছে৷
অতীজৰে পৰা মিচিং সমাজত বিধৱাৰ পুনৰ্বিবাহ প্ৰথা চলি আহিছে আৰু বাল্য-বিবাহৰ প্ৰচলন নাই৷ অসমীয়া সমাজৰ ব্ৰাহ্মণ আৰু কায়স্থ সম্প্ৰদায়ত বাল্য-বিবাহৰ প্ৰচলন অতীততো আছিল আৰু বৰ্তমানেও চলি থকা দেখা যায়৷ আনহাতে ব্ৰাহ্মণ সমাজত এতিয়াও বিধৱা বিবাহৰ প্ৰচলন নাই৷ ব্ৰাহ্মণ ব্যতিৰেকে আন অসমীয়া সমাজত বিধৱা বিবাহৰ প্ৰচলন থকাৰ প্ৰমাণ পোৱা যায়৷ লক্ষণীয় যে ভাৰতৰ আন ঠাইৰ তুলনাত অসমীয়া ব্ৰাহ্মণ সমাজত বিয়াবাৰুৰ ক্ষেত্ৰত থকা গোড়ামি বহু পৰিমাণে কমিছে৷ বহুতো উদাৰ আৰু আধুনিক চিন্তাধাৰাৰে পৰিপুষ্ট ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোকে বিধৱা বিবাহ সমৰ্থন কৰিবলৈ লৈছে৷ গতিকে বিয়াবাৰুৰ ক্ষেত্ৰত অতীতৰে পৰা মিচিং সমাজত চলি থকা উদাৰ দৃষ্টিভংগীয়ে অসমীয়া সমাজৰ ৰক্ষণশীল চামৰ ওপৰত প্ৰভাৱ পেলোৱাৰ কথা নুই কৰিব নোৱাৰি৷ মিচিঙৰ কন্যাঘৰত খাটি দি বিয়া কৰা প্ৰথাৰ প্ৰভাৱত অসমীয়া চপনীয়া প্ৰথাৰ প্ৰচলন হয় বুলিও ভাবিব পাৰি৷ বিয়াৰ আগতে পাত্ৰ-পাত্ৰীয়ে মিলা-মিচা কৰাৰ সুযোগ মিচিং সমাজত অতীজৰেপৰাই আছে যিটো অসমীয়া সমাজত পূৰ্বে বৰ দুৰ্লভ আছিল৷ মিচিং সমাজত অতীতৰ পৰাই নাৰী-পুৰুষ উভয়েই ইচ্চামতে জীৱন সংগী বাছি ল’ব পৰাৰ পৰম্পৰা আছে৷ অসমীয়া সমাজত আগতে বহু ক্ষেত্ৰত থকা ৰক্ষণশীলতা মিচিংসকলৰ প্ৰভাৱতে শিথিল হ’ব পাৰে৷ মিচিং সমাজত পৰ্দা প্ৰথা নাই৷ কিন্তু অসমীয়া সমাজত বিবাহিতা তিৰোতাই ওৰণি লোৱাটো সাধাৰণ ৰীতিৰ দৰে৷ পিছে আজিকালি সিয়ো শিথিল হোৱা দেখা গৈছে৷ মিচিং সমাজ ব্যৱস্থাৰ প্ৰভাৱে এনে শিথিলতাত ক্ৰিয়া কৰিব পাৰে বুলি অনুমান কৰিব পাৰি৷ মিচিংসকলৰ মাজত প্ৰচলিত বিবাহযোগ্যা কন্যাক পলুৱাই নি বিবাহ কৰা, বলপূৰ্বক ধৰি নি বিয়া কৰোৱা আদি কাৰ্যও অসমীয়া সমাজত সোমাই পৰা পৰিলক্ষিত হৈছে৷ মূলতঃ জড়োপাসক বুলি ক’ব পৰা মিচিং জনগোষ্ঠীৰ জড়বাদ [Fetishism]ৰ ধাৰণাটো তেওঁলোকৰ মাজৰপৰাই অসমীয়া সমাজলৈ আহিছেনেকি ইও ভাবিবলগীয়া৷
মিচিং সমাজৰ গামৰ ভূমিকা, ডেকা চাং, গাভৰু চাং আৰু চাঙত থকা ডেকা-গাভৰুসকলে সমূহীয়াভাৱে ৰাইজৰ কাম কৰা প্ৰথাবোৰে বৈষ্ণৱ যুগৰ অসমীয়া সমাজত যথেষ্ট প্ৰভাৱ পেলাইছিল৷ মিচিংসকলৰ কৗবাং, বাঃনৗ কৗবাং আৰু বাংকে কৗবাং আদি বিচাৰসভাৰ আৰ্হিৰপৰা সমল আহৰণ কৰি আধুনিক পঞ্চায়ত পদ্ধতি গঢ় দিয়াৰ কথা ডঃ ৱেৰিয়াৰ এলইনে উল্লেখ কৰিছে৷ মিৰিজিম কাপোৰ অসমীয়া সাজ-পোছাকৰ ক্ষেত্ৰত মিচিংসকলৰ এক মূল্যৱান অৱদান৷ মিচিংসকলৰ পৰম্পৰাগত সাজ-পোছাক ভমকাফুলীয়া ‘এগে-গাচৰ’ [ৰিহা-মেখেলা] এতিয়া বৃহত্তৰ অসমীয়া সমাজৰ পোছাক হৈ পৰিছে৷ অতিকৈ ধুনীয়া পলাশ-মদাৰ-শিমলু ফুল হেন ৰক্তিম মিচিং ‘অৗৰ্কগ’ [গলাবান্ধ] অসমীয়া সমাজে আদৰি লৈছে৷ ৰঙা, ক’লা, হালধীয়া ৰং কাপোৰত ব্যৱহাৰ কৰি চুকীয়া, কোণীয়া, বাহুযুক্ত চৰাই, পশু আদি চিত্ৰৰ চানেকি তোলা আৰ্হি মিচিঙৰপৰা অহা৷ এইবোৰ বাদ দিও অসমীয়া সমাজৰ সপোনৰ মংগল-অমংগল বিশ্বাস, যাত্ৰা প্ৰকৰণ, সামাজিক সম্বন্ধৰ জেওৰ, সূৰ্যক সাক্ষী কৰি শপত খোৱা আৰু বৰ্ণহীন বা শ্ৰেণীবিহীন সমাজ-পদ্ধতিবোৰতো মিচিং সমাজ পদ্ধতিৰ প্ৰভাৱ পৰিলক্ষিত হয়৷ মিচিং সমাজ অতীজৰেপৰাই গণতান্ত্ৰিক সমাজবাদৰ ওপৰত প্ৰতিষ্ঠিত: আনকি গাঁৱৰ বিচাৰসভাৰ মুৰব্বী গামো সৰ্বেসৰ্বা নাছিল৷ তেওঁলোকৰ মাজত উচ্ছ-নীচৰ ভেদাভেদ নাই, জাত-পাতৰ বিচাৰ নাই৷
অসমৰ বিভিন্ন ভাষাভাষী লোকৰ ভাষাৰ সমষ্টিয়েই অসমীয়া ভাষাৰ মূল উৎস৷ অসমীয়া ভাষাটো মূলতঃ আৰ্যভাষা সম্ভূত হ’লেও এই ভাষাৰ লগত কিৰাত বা মঙ্গোলীয়, দ্ৰাবিড়, নিষাদ আদি গোষ্ঠীৰ লোকৰ মাত-কথা আৰু শব্দ-বাক্যৰ মিশ্ৰণ ঘটি অসমীয়া ভাষাৰ সৃষ্টি হৈছে৷ আন আন জনগোষ্ঠীৰ শব্দ সম্ভাৰ গ্ৰহণ কৰাৰ দৰে মিচিং ভাষাৰ শব্দকো অসমীয়া ভাষাত জীণ নিয়াইছে৷ মিচিঙৰ ‘পটোম’ অসমীয়াত ‘টোম হৈ পৰিব পাৰে৷ সম্ভৱতঃ তেনেদৰেই মিচিঙৰ ‘মৃঃদুম’ আৰু ‘কেঃজৗং’ অসমীয়াত মূধচ্ আৰু কেজেং হ’ল৷ আকৌ মিচিঙৰ ‘কাৰৗ’ আৰু ‘মুৰং’ অসমীয়াত কাৰেং, মংঘৰ হৈ পৰিব পাৰে৷ মিচিঙৰ ‘কুৰুংকাৰাং’ অসমীয়াতো একেই৷ মিচিঙৰ ‘গংগাব’ আৰু ‘চৗব্গাব’ অসমীয়াত গবা মাৰি ধৰা আৰু চেপি ধৰা হ’ল বুলি মিচিং সমাজত ‘অই আপ্পুন’ খ্যাত দৰদী কণ্ঠশিল্পী গণেশ পেগুৱে তেখেতৰ ‘ৰহনীয়া মিচিং সমাজ আৰু ভাষ-সংস্কৃতিৰ গতিবিধি’ শীৰ্ষক গ্ৰন্থত উল্লেখ কৰিছে৷ স্থানবাচক মিচিং শব্দ মুৰ্কংচেলেক, নাম্চিং, তৗঃলামঞ্ছতেলাম, পাচিঘাট, মিংমাং, জাম্জিং, আৰ্কেপ, ৰিগ্বি আদি শব্দ অসমীয়া ভাষাতো ব্যৱহাৰ হৈছে৷ নদীবাচক শব্দ ‘চি’ [পানী] চিয়াং, চিচেৰী, চিচি, চিলে, চিয়ম, চিলুক, চিলাসুঁতি, চিমেন আদি শব্দ একপ্ৰকাৰ অসমীয়া ভাষাৰ শব্দ হৈ পৰিছে৷ একেই নদীবাচক শব্দ দিহিং, দিচাং, দিক্ৰং, দিবং বা দিবাং আদি শব্দতো মিচিং শব্দৰ যোগসূত্ৰ বিচাৰি পাব পাৰি৷ কিছুমান অসমীয়া শব্দ যিবোৰৰ মূল অসমীয়াত নাই কিন্তু মিচিঙত ধাতুৰূপৰ অৰ্থ আছে সেইবোৰো মিচিঙৰপৰা অসমীয়ালৈ অহা বুলি সন্দেহ কৰিব পাৰি৷ যথাঃ--অসমীয়া আতাই জ্ৰ মিচিং আতাই, অসমীয়া ককাই জ্ৰ মিচিং কাই, অসমীয়া বাদেউজ্ৰমিচিং বাই, অসমীয়া জেঙাজ্ৰমিচিং আজেং, অসমীয়া টোকোনজ্ৰ মিচিং তুকুন, অসমীয়া লাজ্ৰ মিচিং লাং, আলাং, গছৰ ৰস, পৰুৱাই গছৰ ডালত গোটোৱা ৰস আদি৷ তেনেদৰে তৰপজ্ৰতৰৗপ, শলখজ্ৰচিঃলগ, বাদুজ্ৰগাদু, বাদু-কঠালৰ বাদুৰ দৰে কোমল নোম থকা জিম কাপোৰ, বাৰীজ্ৰবাঃৰি, বাঃজ্ৰদিঃবাংঞ্চবাঁহ, ৰি ঞ্চঘেৰা, পাৰিজ্ৰপাঃৰি, কাপোৰৰ পাৰি ইত্যাদি৷
মিচিং ভাষাত মধ্য-পশ্চ ‘ও’ নাই৷ উচ্ছ-পশ্চ ‘উ’ আছে৷ গতিকে ও-কাৰযুক্ত শব্দ মিচিঙে উচ্ছাৰণ কৰোঁতে উ কৰে৷ যেনে- দোকান- দুকান, আপোন- আপুন আদি৷ উজনি অসমৰ বহু অসমীয়া-ভাষী মানুহৰ মুখত দুকান, আপুন উচ্ছাৰণ শুনা যায়৷ সেইদৰে মিচিঙত অ আছে অ’ নাই৷ ফলত দ’ল জ্ৰদল, হ’লজ্ৰহল, গ’লজ্ৰগল উচ্ছাৰণ কৰে৷ এই উচ্ছাৰণ প্ৰভাৱো উজনিৰ বহু অসমীয়া-ভাষীত পৰিছে৷ সেইদৰে বে’দজ্ৰবেদ, কে’শজ্ৰকেশ এইবিলাকো মিচিং উচ্ছাৰণৰ প্ৰভাৱ৷ [অধ্যাপক নাহেন্দ্ৰ পাদুন, মিচিং ভাষাৰ জন্ম, বিকাশ আৰু অসমীয়া ভাষা-সংস্কৃতিত ইয়াৰ প্ৰভাৱ, পৃষ্ঠা-৩৮, প্ৰবন্ধ গুচ্চ]৷ মূল আৰ্য ভাষাত নিৰ্দিষ্টতাবাচক প্ৰত্যয় ব্যৱহাৰ দেখা নাযায়৷ অসমীয়াত নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ সম্ভৱতঃ মিচিং বা তেনে তিব্বত-বৰ্মী ভাষাৰপৰা আহিছে৷ মিচিং ভাষাত সম্বোধন আৰু প্ৰসঙ্গ এই দুটা সম্বন্ধবাচক ৰূপ পোৱা যায়৷ যেনে-
বাঃবু / বাঃব্ [দেউতা] আবু [দেউতাক]
কাঃকৃ [মোমাই] আকৃ [মোমায়েক] ইত্যাদি৷
অসমীয়া ভাষাত মিচিং ভাষাৰ সম্ভাৱ্য প্ৰভাৱৰ আৰু এটা উদাহৰণ দিওঁ-
ৰ৷ [ক] ক’ত যায়? [খ] চিলং যাওঁ৷
ব্যাকৰণগতভাৱে এই বাক্য দুটা হ’ব লাগিছিল এনে ধৰণৰ-
২৷ [ক] ক’লৈ যাৱ? [খ] চিলঙলৈ যাওঁ৷
ইয়াৰ ৰ৷ [ক] বাক্যত চতুৰ্থী বিভক্তিৰ ঠাইত সপ্তমী বিভক্তি বহিছে আৰু ২৷ [খ] বাক্যত বিভক্তি নোহোৱাকৈ ব্যৱহৃত হৈছে৷ সাধাৰণতে এনে ধৰণৰ বাক্য মিচিং ভাষাতহে ব্যৱহাৰ হয়৷ যেনে- [ক] অকল গৃয়েন? , [খ] চিলং গৃয়ে৷
ইয়াৰ [ক] বাক্যৰ ‘অকল’ শব্দৰ ‘ল’ সপ্তমী বিভক্তি৷ চতুৰ্থী বিভক্তি ‘লঃপৗ’ৰ ব্যৱহাৰ হোৱা নাই৷ সেইদৰে [খ] বাক্যত বিভক্তি যোগ হোৱা নাই৷ হ’ব লাগিছিল ‘চিলংপৗ’ [চিলঙলৈ]৷ কিন্তু মিচিং ভাষাত বিভক্তি নোহোৱাকৈ বাক্যটো ব্যৱহাৰ কৰিব পাৰি৷ ৰ৷ [ক] [খ] ধৰণৰ বাক্যবোৰ অসমীয়া ভাষাত মিচিং ভাষীয়ে ব্যৱহাৰ কৰে আৰু সঘনাই ব্যৱহাৰ কৰাৰ ফলত সম্ভৱতঃ অসমীয়া-ভাষীয়েও ব্যৱহাৰ কৰিবলৈ লৈছে৷ [দ্ৰষ্টব্য ঃ অধ্যপক নাহেন্দ্ৰ পাদুনৰ মিচিং ভাষাৰ জন্ম, বিকাশ আৰু অসমীয়া ভাষা-সংস্কৃতিত ইয়াৰ প্ৰভাৱ শীৰ্ষক প্ৰবন্ধৰ পৃষ্ঠা-৬২]৷
অসমীয়া সাহিত্য জগতলৈ মিচিং লেখকৰ বৰঙনি বিশেষ লেখত ল’বলগীয়া৷ মিচিংসকলৰ বেছিভাগ লেখকেই নিজ মাতৃভাষাৰ যোগেদি লালিত-পালিত হৈয়ো অসমীয়া ভাষাক নিজৰ মাতৃভাষাৰ মৰ্যাদা দি এই ভাষাৰ জৰিয়তে সাহিত্য সৃষ্টি কৰিছে৷ মিচিং লেখকসকলে তেওঁলোকৰ স্বকীয় বৈচিত্ৰ্য্যময় সামাজিক, সাংস্কৃতিক দিশৰ কথা অসমীয়া ভাষাত পৰিৱেশন কৰি অসমীয়া সাহিত্যৰ বিষয়বস্তুৰ বিচিত্ৰতা বৃদ্ধি কৰিছে, অসমীয়া ভাষা-সাহিত্যৰ গতিময়তা প্ৰদান কৰাত অৱদান যোগাইছে৷ ভাৰতীয় সংস্কৃতিত যিদৰে বৈচিত্ৰ্য্যৰ মাজত ঐক্য লক্ষ্য কৰা যায় অসমীয়া সংস্কৃতিতো সেইদৰে বৈচিত্ৰ্য্যৰ মাজত ঐক্য বিদ্যমান৷ সাহিত্য ৰচনাৰ যোগেদি অসমীয়া ভাষা-সাহিত্যলৈ অৰিহণা যোগোৱা মিচিং লেখকৰ নাম তেখেতসকলে ৰচনা কৰা গ্ৰন্থৰ নামসহ দিবলৈ যত্ন কৰা হৈছে৷ সেইবোৰ তলত দিয়া হ’ল ঃ
সোণাৰাম পাঞাং কটকী- মিৰি জাতিৰ বুৰঞ্জী, মিৰি দোৱান, মিৰি অইনিঃতম৷ তৰুণ চন্দ্ৰ পামেগাম- গল্প লেছেৰি, কবিতা লেছেৰি, পাহাৰপুৰী, অগ্নিযুগৰ ফিৰিঙতি, শিবিৰৰ শেষৰাতি, পপীয়া তৰা, সেতু, পৰাচিত, খদমদম আদি৷ ভৃগুমুনি কাগ্য়ুং- কবিতা কলি, কবিতা কুসুম, মন বননিৰ জুই, মিচিং কৃষ্টিৰ আভাস, জনজাতীয় সমস্যা৷ ডাঃ নোমল চন্দ্ৰ পেগু- সাত সাগৰ তেৰ নদী, মিচিং জনজীৱনৰ ৰূপৰেখা, মিচিংসকলৰ ইতিবৃত্ত আৰু সংস্কৃতি৷ টাবুৰাম টাইদ- একুঁকি নিবন্ধ, মিচিং ভাষাৰ বানান পদ্ধতি৷ ড॰ দুৰ্গেশ্বৰ দলে আৰু সৰ্বেশ্বৰ পেগুৱে সমাজ শাস্ত্ৰ বিষয়ক অসমীয়া আৰু ইংৰাজী ভাষাত লিখা গ্ৰন্থ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে৷ ড॰ যতীন মিপুন-মিক্চিজিলি, কাংকানৰ পৃথিৱী, দুপৰ নিশাৰ বাঁহী৷ অই আপ্পুন গণেশ পেগু- ৰহনীয়া মিচিং সমাজ আৰু ভাষা-সংস্কৃতিৰ ৰূপৰেখা, মোৰ জীৱন যৌৱনৰ ৰং-ৰূপ৷ পুৰণি চাম লেখকৰ ভিতৰত চাৰুচন্দ্ৰ দলে, চক্ভাল কাগ্য়ুং, ৰত্নেশ্বৰ পৗৰ্মে, কাৰ্কচন্দ্ৰ দলে, মহীধৰ পেগু, ডিম্বেশ্বৰ পায়েংগাম, ডিম্বেশ্বৰ দলে, বক্সিৰাম মৰাং, বিভীষণ পেগু, টঙ্কেশ্বৰ লয়িং, সুৰেন দলে, জলেন্দ্ৰ মৰাং আদিৰ নাম ল’ব পাৰি৷
অসমীয়া সাহিত্যত অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক প্ৰধান কবি-সাহিত্যিক অধ্যাপক নাহেন্দ্ৰ পাদুনক নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই৷ অসমীয়া ভাষাত তেখেতে ৰচনা কৰা পুথিসমূহৰ অন্যতম হৈছে- মিচিং ভাষাৰ লিপি ঃ এক পৰীক্ষামূলক আঁচনি, মিচিং-অসমীয়া পাঠ, মিচিং লোকসাধু, মিচিং ভাষাৰ আভাস, সাহিত্যতত্ত্ব আৰু সমালোচনাতত্ত্ব, সুৰ সনা কবিতা, অচিন অনুৰাগ আদি৷ ডিৰাম কুম্বাং- মোৰ দৃষ্টিত ইংলেণ্ডৰ সমাজ, কি মায়াৰ কবলত, বিলাতৰ বিলাতী মেমৰ চিঠি, চেনাঙই বাকৰা৷ কৃষ্ণৰাম মিলি- স্বপ্নজ্যোতি, নাম যাৰ দিচৈ ধনশিৰি, তিৱা সংস্কৃতিৰ ৰেহৰূপ, মিচিং ধৰ্মৰ ধাৰা আৰু ধৰ্মীয় লোকাচাৰ আদি৷ ইন্দ্ৰেশ্বৰ পেগু [খেৰকটামুখ]- মিবু, মিচিং সমাজ আৰু সংস্কৃতি, খেৰকটা পাৰৰ গান, ¸ মন আৰু চিন্তা৷ শাৱন্তী পেগু- পাঁহিৰ প্ৰেম, কঢ়া নৈৰ আৰ্তনাদ, জীৱন নদীৰ পাৰে পাৰে, কপৌ ফুলৰ সুবাস৷ খগেন পেগু- অই-নিঃতম, হাতীপটি, ক্ৰান্তিকাল, ৰঙা আপেল, ঈশ্বৰৰ অস্তিত্ব, মিচিং ভাষা আৰু সাহিত্য৷ ভৱেন পেগু- ঐয়াও, জীয়াঢলক ভেঁটিব কোনে৷ ড॰ বসন্ত কুমাৰ দলে- মিচিং সমাজ-সংস্কৃতিৰ সমীক্ষা, সাম্প্ৰতিক সময়ৰ দস্তাবেজ, মন পখিলাৰ পাখি৷ ড॰ গণেশ পেগু- পঃপৃৰ, মিচিং ভাষাৰ আদিপাঠ, মিচিং জনসংস্কৃতিৰ আঁহে আঁহে৷ হৰেন্দ্ৰনাথ দলে- নৈপৰীয়া মিচিং সমাজ আৰু বিশ্বায়ন, য়াকিলিৰ অতনু সুৰভি৷ খগেশ্বৰ পেগু- গোষ্ঠী সংঘাতত বিপৰ্যস্ত অসমীয়া জাতিসত্ত্বা, কুমাৰী অৰণ্যৰ সন্ধানত, হৃদয়ৰ অনুৰাগ, মৃতপ্ৰায় নদীৰ পাৰত৷ ডাঃ জৱাহৰজ্যোতি কুলি- মিচিং সংস্কৃতি ৰম আৰু ২য় খণ্ড, কাম্পতি, ৰৗঙাদ, তুৰ্ক’বৗলাম৷ তুলেশ্বৰ পেগু- ৰাজনৈতিক ৰহস্য, মানৱতাৰ চকুলো, বUS৷ গোবিন্দ টাইদ- তানি আগম, অই-নিঃতম৷ কালিনাথ পাংগিং- আয়াং আবুং, নৈপৰীয়াৰ ইটো-সিটো৷ ডঃ দীপক কুমাৰ দলে- মিচিং ভাষা আৰু সংস্কৃতি, এখন গাঁও আছিল, অম্মউ৷ নগেন মিলি- হৃদয় নদীৰ ঢৌ৷ উৰ্মিলা দলে- গুৱাহাটী ইউনিভাৰচিটি৷ ডাঃ ঘনকান্ত দলে- জোনাকৰ দেশলৈ গুচি যাওঁ, সুখ দুখৰ উপত্যকা, নৈ পাৰৰ সুহুৰি আদি৷ বিজু বৰি- অশান্ত অসম, মাওবাদৰ ইতিহাস, সংগ্ৰাম আৰু অন্যান্য৷ কমলা দলে পেগু- মাজুলীয়ে ৰিঙিয়াই৷ ডঃ পবিত্ৰ কুমাৰ পেগু- মিচিং সমাজ-সংস্কৃতিৰ ৰেঙণি৷ ৰয়েল পেগু- সমাজ সংস্কৃতি আৰু অন্যান্য৷ সীতাৰাম দলে- গুটিদিয়েক ভাবৰ বুৰ্বুৰণি, মিচিং ৰৗঙাম, পৰীক্ষা আৰু স্বীকাৰোক্তি৷ অৰিন্দম প্ৰিন্স পাংগিং- প্ৰেমৰ উপত্যকা, শব্দ সম্ৰাট৷ জুৱেল পেগু- মিচিং সমাজ সংস্কৃতি আৰু পৰম্পৰা৷ তথ্যৰ অভাৱত আটাইবোৰ লেখকৰ নাম আৰু তেখেতসকলে ৰচনা কৰা আটাইবোৰ গ্ৰন্থৰ নাম দিব পৰা নগ’ল৷ লগতে নিবন্ধ বেছি দীঘলীয়া হোৱাৰ ভীতিটো আছেই৷
অসমীয়া কাব্য-সাহিত্যলৈ মিচিং লেখকৰ অৱদান বিশেষভৱে উল্লেখযোগ্য বিবেচিত হৈছে৷ আজিৰপৰা কেইবছৰমান আগত প্ৰথিত্যশা সাহিত্যিক-সাংবাদিক হোমেন বৰগোহঞিয়ে ‘বৰলুইত’ নামৰ আলোচনী এখনত এইদৰে লিখিছিল- ‘‘এতিয়া অসমীয়া সাহিত্যত- বিশেষকৈ কবিতাত চলিছে মিচিঙৰ যুগ৷ জাকি মাৰি উৰি অহা পখিলাৰ দৰে একে সময়তে এজাক মিচিং কবিয়ে হঠাৎ দেখা দি অসমীয়া কবিতাৰ এখন আহল-বহল ঠাই দখল কৰি লৈছে আৰু অসমীয়া কবিতাত যোগ দিছে এক অভিনৱ কাব্য-ভাষা আৰু কাব্য-ভাৱনা...৷ ” বৰগোহাঞিদেৱৰ মন্তব্যৰপৰাই অসমীয়া কবিতাত মিচিং কবিৰ অৱস্থান সম্পৰ্কে পাঠকসকলে নি(য়কৈ অনুমান কৰিব পাৰিছে৷ অসমীয়া কাব্য-জগতলৈ উল্লেখনীয় বৰঙনি যোগোৱা মিচিং কবিসকলৰ ভিতৰত নাহেন্দ্ৰ পাদুন, ভৃগুমুনি কাগ্য়ুং, ড॰ যতীন মিপুন, ইন্দ্ৰেশ্বৰ পেগু, জীৱন নৰহ, খগেশ্বৰ পেগু, গংগামোহন মিলি, অনিল পাংগিং, অৱনী মিলি, হৰেন দলে, ডাঃ বিদ্যেশ্বৰ দলে, ডঃ দীপক কুমাৰ দলে, গজেন মিলি, যোগেন টাইদ, ত্ৰিৰঞ্জন টাইদ, বিমান দলে, ৰন্জন ৰেগন, ৰঘুনাথ কাগ্য়ুং, জুৱেল পেগু, মৃণালিনী কাগ্য়ুং আদিৰ নাম বিশেষভাৱে ল’ব পাৰি৷
ওপৰৰ আলোচনাৰ পৰা এইটো স্পষ্ট হৈছে যে মিচিংসকলৰ প্ৰথম সাহিত্যিক পেন্সনপ্ৰাপ্ত লেখক তৰুণ চন্দ্ৰ পামেগামদেৱে সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত বিচৰণ কৰি অসমীয়া সাহিত্যলৈ প্ৰভুত বৰঙনি আগবঢ়াইছে৷ তেখেত আছিল একাধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, নিবন্ধকাৰ আৰু অভিনেতা৷ বৰেণ্য সাহিত্যিক তৰুণ চন্দ্ৰ পামেগামে অসমীয়া ভাষা-সংস্কৃতিলৈ যোগোৱা বৰঙনিৰ বাবেই অসম সাহিত্য সভাৰ উপ-সভাপতিৰ পদ প্ৰদান কৰি ধন্য কৰা হৈছিল৷ অসমীয়া ভাষা-সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে আন এজন বৰেণ্য সাহিত্যিক অধ্যাপক নাহেন্দ্ৰ পাদুনেও অসম সাহিত্য সভাৰ দৰে মহান অনুষ্ঠানৰ প্ৰধান সম্পাদকৰ দৰে সন্মানীয় পদত আসীন হ’বলৈ সক্ষম হৈছিল৷ অসমৰ শিক্ষা জগতৰ এগৰাকী নমস্য ব্যক্তি তথা সুসাহিত্যিক অধ্যাপক টাবুৰাম টাইদক অসমৰ শিক্ষা আৰু সাহিত্য জগতলৈ আগবঢ়োৱা বৰঙনিৰ স্বীকৃতি স্বৰূপে সন্মানীয় চ্যুকাফা বঁটাৰে সন্মানিত কৰিছে৷ এইসকল নমস্য ব্যক্তিৰ বাহিৰেও বিভিন্ন বিষয়ৰ মূল্যৱান প্ৰবন্ধ ৰচনা কৰি অসমীয়া ভাষা-সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা ভীমলাল দলে, ৰূপনাথ পেগু, জগন্নাথ পেগু, হেমচন্দ্ৰ দলে, কেশৱ পাইত, মাণিক দাৱ, নেহেৰু পেগু, সুবোধ পেগু, বিজয় বৰি আদি খ্যাত-অখ্যাত লেখকৰ নাম ল’বই লাগিব৷
অসমীয়া কলা-সংস্কৃতিলৈও মিচিংসকলৰ অৱদান কম নহয়৷ অসমীয়া কথাছবি জগতত বহু মিচিং শিল্পীয়ে বিচৰণ কৰিছে৷ অসমীয়া কথাছবিত বিক্ৰমসিং য়েইন আৰু কণ্ঠশিল্পী গণেশ পেগুৱে প্ৰায় সমসাময়িকভাৱেই অভিনয়ত ভূমুকি মাৰিছিল৷ তাৰপিছত অভিনয় জগতলৈ আহে ৰহান দলে, ড॰ যতীন মিপুন, ডাঃ ভূপেন্দ্ৰ কামান, ৰাজীৱ দলে, তৃষ্ণা পেগু, পুষ্পধৰ মিচং, সীতাৰাম দলে, ললিত পায়েং, তৰুলতা কুটুম, ভানুমতী দলেকে আদি কৰি আন বহু শিল্পী তথা কলা-কুশলী৷ অসমীয়া, হিন্দী, মিচিং আৰু ইংৰাজী ভাষাৰ পূৰ্ণদৈৰ্ঘ্য কথাছবি আৰু ধাৰাবাহিক ছবি নিৰ্মাণৰ ক্ষেত্ৰত বিশেষভাৱে ডাঃ ভুপেন্দ্ৰ কামানৰ নাম ল’ব লাগিব৷ মিচিং আৰু অসমীয়া ভাষাত বোলছবি নিৰ্মাণ কৰি দিলীপ দলেয়ে ৰাষ্ট্ৰীয় বঁটা আঁজুৰি আনিছে৷ তৰুলতা কুটুমেও মিচিং আৰু অসমীয়া ভাষাত ভালেমান ভিডিঅ’ ছবি নিৰ্মাণ কৰি অসমীয়া ছবি জগতলৈ বৰঙনি আগবঢ়াইছে৷ তৰুলতা কুটুমে ভালেমান অসমীয়া বিহুগীত আৰু আধুনিক গীততো কণ্ঠদান কৰিছে৷ আন বহুগৰাকী মিচিং কণ্ঠশিল্পীয়েও অসমীয়া গীতৰ সভা শুৱনি কৰিছে৷ সম্প্ৰতি দীপ্তিৰাণী মেদক পেগু আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া আধুনিক গীতৰ নিয়মীয়া কণ্ঠশিল্পী৷ এনেদৰেই অসমৰ অন্যতম সংস্কৃতিৱান জনগোষ্ঠী মিচিংসকলে বিভিন্ন দিশত বৰ্ণাঢ্য অসমীয়া সংস্কৃতিলৈ অসমীয়া জনজীৱনলৈ বহুমূলীয়া অৱদান আগবঢ়াইছে৷ সামাজিক সংমিশ্ৰণ, বৈবাহিক সম্পৰ্ক, ভাষা-সাহিত্য-সংস্কৃতিৰ সাধনা আদিৰ মাজেৰে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়ালৈ নিৰালস্য অৱদান আগবঢ়াই গৈছে৷ সমন্বয়ৰ খনিকৰ সংগীতসূৰ্য ডঃ ভূপেন হাজৰিকাদেৱে কৈছিল- ‘‘মিচিংসকল হৰিণাৰ দৰে সুন্দৰ আৰু সৰল৷ মিচিং কৃষ্টি অসমীয়া সংস্কৃতিৰ হেমহাৰৰ এটি উজ্জ্বল বাখৰ৷ ’’ সুসাহিত্যিক বিপিন বৰগোহাঁইদেৱে কৈছে- ‘‘পৃথিৱীত এনে গীত আছেনে যে যি গীতত মিচিং অই-নিঃতমত প্ৰথমে ‘অই-য়া’- বুলি টনা টানটোৰ দৰে ইমান মিঠা সুমধুৰ গীতৰ চানেকি পোৱা যায়৷ মিচিং ঢুলীয়াই নাচনী গাভৰুক নাচিবলৈ ঢোলৰ ছেৱেৰে আঁঠুকাঢ়ি আহ্বান জনোৱা পদ্ধতি পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ নৃত্যাহ্বান আমাৰ অসমীয়া সংস্কৃতিলৈ মিচিংসকলৰ অমূল্য অৱদান৷ ’’
Doksiri দকচিৰি, জুন, ২০২৩
No comments:
Post a Comment