বৃষ্টি
নৱজ্যোতি বৰা
ক'ৰ এজাক সপোন যেন বৰষুণ
ধূলিৰ ওৰণি ঠেলি
ভাহি আহে, ভাহি আহে…..
তাইৰ জন্মৰ সময়ত বহুত বৰষুণ দিছিল হেনো। তাইৰ লগতে তাইৰ মাকে বৰষুণ বৰ ভিল পায়। সেই বাবে সেই সময়তে মাকে থিক কৰিলে যদি মোৰ ছোৱালী হয় তাইৰ নাম থ'ব বৃষ্টি । সেই বাবে তাইৰ নাম হ'ল বৃষ্টি ।সি যেতিয়া আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ত পঢ়ি আছিল সেই সময়তে তাৰ বন্ধু ভাস্কৰ , ডিম্পল , লক্ষী , সমীল , ৰাজীৱ , তন্ময় , দেৱজীৎ , ৰিতুপৰ্ণহতৰ মুখেৰে আজি এটা বাক্য শুনা পালো নয়ন ' বৃষ্টি আহিছে ' , বৃষ্টি আহিছে । সিহঁত কিতাৰ কথা শুনি সি ভাবিলে এতিয়া দেখোন বতৰটো ভালেই আছিল । হঠাৎ ক'ৰ পৰা বৃষ্টি আহিল । চেহ আজি ছাতিটোও অনা নহল ।সি কলেজৰ বাৰান্দাখনৰ ফালে লৰ মাৰিব ধৰি ইফালে-সিফালে চাই দেখিলে সকলো দেখোন থিকে আছে বৃষ্টিও অহা নাই । কথাটো ভাবি আচৰিত হৈ বন্দ্বুকেইজনৰ মুখলৈ চাই ৰৈছিলে অজলাটোৰ দৰে । সিহঁতে তাক আজি এপ্ৰিল ফুল বনালে বৃষ্টি অহা বতৰাটো দি ।
মোৰ এই অৱস্থাটো দেখি সিহঁতকিতাই ঢেক-ঢেকিই হাঁহিছিল ।কাৰন মই একো বুজি পোৱা নাছিলোঁ তেতিয়ালৈকে । ডিম্পলে আগবাঢ়ি আহি মোৰ ওচৰ পাই আঙুলিয়াই দেখোৱালে ।মইও সি আঙুলিয়াৰ ফালে চাই দেখিলো কোনোৱা এখন সুন্দৰ কেনভাছ মোৰ ওচৰলৈ আহি আছে ।মেঘবোৰৰ দৰে ঢৌ খেলি থকা তাইৰ চুলিকোছাৰ পৰা আমালৈ সিঁচি দিছিল বৰষুণসদৃশ কেইটোপালমান সুগন্ধি ।সেই সুগন্ধিতে মই ঠাইতে তিতি জুৰুলি-জুপুৰি হলোঁ আৰু তাইৰ হাঁহিতো এজাক জেন উজ্বল বিজুলি । সেয়িই আছিল আমাৰ প্ৰথম লগপোৱা । তাৰ পাছতো কেইবাবাৰু তাইক লগ পাইছিলো ।সিদিনা আমাৰে ক্লাছৰ মনালিছা বৰুৱাৰ লগত কথা পাতি থকাৰ সময়তে তাইৰ ডালিমগুটীয়া দাঁতৰ ফাঁকেৰে ছিটিকি ওলোৱা কথাবোৰ বৰষুণ বন্ধ হোৱাৰ পিছত বতাহজাকত গছপাতৰ আগেৰে সৰি পৰা একো একোতা জলমুকুতা ।যিয়ে মোক প্ৰতিবাৰেই দি গৈছিল এজাক বৰষুণৰ মাদকতা ।তাইৰ চকুৰ চাৱনিত নিগৰা শীতল বতাহজাকে মোৰ চন পৰি থকা হ্নদয়খনক বহুবাৰ জীপাল কৰি তুলিছিল ।
বৃষ্টি…. মোৰ আজন্ম প্ৰেমিক ।তোমাক প্ৰথম দেখিৰ পৰা মোৰ হ্নদয় বননিত যৌৱনৰ বসন্তৰ কুলি-কেতেকিৰ সুৰীয়া মধুৰ ৰস সিৰাই-উপসিৰাই বৈছিল ।তোমাৰ প্ৰেমৰ আসক্তিৰে সৃষ্টি প্ৰতিজাক বৰষুণে মোক উন্মাদ কৰি তুলিছিল ।যোৱা সোমবাৰে ব্ৰাক্ষণগাওঁ বাষ্ট স্থানৰ পৰা কলেজলৈ আহি থাকোতে এজাক কিনকিনীয়া বৰষুণ দিছিল ।সেই বৰষুণ জাকত কলেজলৈ বুলি তোমাৰ পাছে পাছে মইও আহি আছিলো ।সেইদিনা তোমিও ছাতি অনা নাছিলা আৰু ময়ো ।সেইবাবেই আমি তিতিয়েই কলেজ পাবলগীয়া হৈছিল ।কলেজ পায়েই তুমি তোমাৰ বান্ধৱী মনালিছা বৰুৱাক সুধিছিলা ---" বৰষুণত তিতি কিমান ভাল লাগে তুমি জানানে মনালিছা ? " মনালিছাই নাজানো বুলি কোৱাত --বৃষ্টিয়ে ধমক দি ক'লে --আচলতে ৰোমাঞ্জৰ নামত তুমি এটা মস্তু ঘূনে ধৰা বাকচ ।সেই যে কথা কিতাই মোৰ হ্নদয়ত শেলে বিন্ধাৰ দ্বৰে লাগিছিল ।তেতিয়াই মই নিজৰ মনৰ ভিতৰতে নিজে কৈ উঠিছিলোঁ-- ' চোৱা বৃষ্টি মই বৰষুণত তিতিব জানো ;বৰষুণৰ প্ৰতিটো টোপালতেই মই ৰোমাঞ্চিত হওঁ । সেই বাবে মই বাৰে বাৰে বৰষুণত তিটো ।তোমাৰ লগত চিনাকী হ'ম বুলি হোৱাই নহল ।আৰু সৌ সিদিনা তোমাৰ পিছে পিছে জীৱনৰ অন্তিমজাক বৰষুণত তিতাৰ সৌভাগ্য মোৰ হ'ল ।তাৰ পাছত…..!! এতিয়া মোৰ হ্নদয়খন শুকাৱ ধৰিছে ।তোমাক নেদেখা হোৱাৰ আশংকাত….।
বৃষ্টি সেই যে বৰষুণজাক গুচি গ'ল আৰু মোৰ জীৱনলৈ বৰষুণ নাহিল ।হ্নদয়খনো জেঠ মহিয়া শুকাই চকলা চকলে ফাট মেলো মেলো অৱস্থা ।সপোনৰ কঠীয়া পাৰিবলৈ মোৰ হ্নদয় পথাৰত এতিয়া জীপাল মাটি এডৰা নাই ।ছাৰ্টৰ বুটামটো খুলি নেহেৰুবালি লাভাৰ ব্ৰীজৰ পৰা বৰষুণত তিতি তিতি ঘৰলৈ যোৱাৰ ইচ্ছা মোৰ আজিও থাকি গ'ল মনত । ডাৱৰ কিছুমান বহু দিন লগ হৈছিল মোৰ আকাশত ।আশাৰে বাট চাই ৰলোঁ বহুৱাৰ ।বৰষুণ নহ'ল ।তোমাৰ লগত তিতা সেই বৰষুণজাক শেষ বৰষুণ হৈ ৰ'ল মোৰ জীৱনত ।তোমাৰ সুন্দৰতাই যেন আঁতৰাই লৈ গ'ল তোমাৰ লগতে সকলো জলকনা ।বৃষ্টি আজি তুমি কাৰ হ্নদয় সেউজীয়ি কৰিছা মোৰ জনাৰ প্ৰয়োজন নাই । তথাপি মনটোৱে মোৰ….!! বৃষ্টি তুমি এই বহাগত আকৌ এবাৰ বৰদৈচিলাজনী হৈ আহিবাচোন মোৰ জীৱনলৈ ।জাক জাক বৰষুণ দিবা মোৰ হ্নদয়ত সেই বৰষুণে ধুৱাই নিৱ জেঠৰ চিৰাল ফাট মেলা হ্নদয়খন । গছ-লতাবোৰ আকৌ সেউজীয়া হ'ব । ব্ৰাক্ষণগাঁৱৰ চাৰিআলিৰ মোৰ দোকানৰ মূখত থকা কৃষ্ণচূড়াজোপা পুনৰ ৰঙা হৈ ফুলিব আৰু ফুলবোৰৰ কেশৰত লাগি ধৰা বৰষুণৰ মুকুতাবোৰ মই আলফুলে চুই দিম আৰু কাণে কাণে ক'ম মোৰ হ্নদয়খন এতিয়া সম্পূৰ্ণ জীপাল । কাৰন এতিয়া মোৰ কাষত বৃষ্টি আছে ।এতিয়া জাক জাক বৰষুণ মই কাৰো অনুমতি নোলোৱাকৈ সৃষ্টি কৰিব পাৰোঁ । তিতিব পাৰোঁ দেহ মন শাঁত পেলায় । ছাৰ্টৰ বুটাম নুখুলিলেও আজি বৰষুণৰ টোপালে মোৰ হ্নদয় চুৱেগৈ ।
বৃষ্টি…. আহিবানে আকৌ এৱাৰ শাওনত ? বৃষ্টি তুমি বাৰু কোন চপৰা কলীয়া ডাৱৰৰ পাখিত গুঁজি দিলে মোৰ হ্নদয়ৰ চিঠিখন পাবা ? তুমি চিঠি খন পোৱাৰ লগে লগে কলীয়া ডাৱৰৰ বোকোচাত আহি মোৰ মৰহা হ্নদয় দলিচাত ৰিমঝিম ৰিমঝিম বৰষুণ দিৱা ।সেই বৰষুণ জাকত মই হেপাহঁ পলোৱাই তিতিম আৰু মই তিতা বৰষুণজাকে তোমাকো ৰোমাঞ্চিত কৰিবনে এবাৰ।
No comments:
Post a Comment