শদিয়াৰ বিদৰ্ভ ৰাজ্য কুণ্ডিল নগৰত তানি গোষ্ঠীৰ পটভূমি
দিলীপ কমান
গোগামুখ কঠাল গুৰি
দিক্রং আৰু দিবাং নৈৰ মাজৰ শদিয়াৰ পৰা প্ৰায় বত্রিশ কিলোমিটাৰ উওৰে এটা দুৰ্গ,ইটাৰ টুকুৰাৰ ঢিপ আৰু চাৰিটা পুখুৰীৰ কুণ্ডিল নগৰৰ ভগ্নাৱশেষ আজিও দেখিবলৈ পোৱা যায়।ঐতিহাসিক বিদৰ্ভ ৰাজ্যৰ ৰাজধানী কুণ্ডিল নগৰ। বিদৰ্ভ ৰাজ্য হল আজিৰ ৰয়িং অঞ্চল। চেদি ৰাজ্য আজিৰ তেজু (অৰুনাচল)স্বৰ্নশিৰি নৈ,এই নৈখনেই হল, সোৱনশিৰি নৈ, তিৰ্ব্বতৰ ন্যাং-চু আৰু ড্ৰাক চু উপত্যকাৰ যত ন্যালচু আৰু জাৰচু দুই নৈৰ গাত আন এখন নৈ জাৰী-চুৰ সংগম ঘটিছে, সেয়াই তিব্বত লুনচে অঞ্চল।এই তিনিওখন নৈৰ মিলনেৰে নতুন নাম লৈ চিপাচা চু বৈ আহিছে লুনছেৰ পৰা দক্ষিনলৈ আৰু ভৈয়ামলৈ নামি আহি নাম লৈছে সোৱনশিৰি। বৃহদাকাৰ শিৱ লিংগ থকা ঠাইখন-বৰ্তমান পূৱ ছিয়াংৰ পাদু গাওঁ অঞল।চিয়ুংলা বৰ্তমান ভাৰত চীন সীমান্ত ৰ মেক মোহন লাইন অঞলৰ পৰা ভাৰতবৰ্ষৰ ফাললৈ আহিব পৰা এটা গিৰিপথ।মংকো আজিৰ ভাৰত চীন সীমান্তৱৰ্তী অঞল। ছিয়াং নৈ তিবতীয় ভূ খণ্ডৰ সো মাজেৰে পশ্চিমৰ পৰা পূৱলৈ বৈ অহা চাংপো নৈখনেই অৰুনাচল সোমোৱাৰ পৰা ছিয়াং নাম লৈছে।আৰু তললৈ দিহং পো নদী PO Tsangpo A Tributory of Tsangpo আদি সকলৰ তাৰো ছিয়াং।গেলিং আৰু গিৰিপথ কেপাং-লা কিলিং-কাংগে-মিচিংসকল ছিংয়াং উপত্যকাত সোমাই এলানি ওখ পাহাৰ ত বসবাস কৰিছিল।চিচাপ নৈৰ উৎসস্হলত আজিও কিলিং লিতুং আৰু কিলিং লিতাদ নামৰ দুটা গুহা আছে।আজিৰ অৰুনাচল প্ৰদেশৰ বাসিন্দা আবৰ বা আদি সকল পাদাম,পাচি,মিয়ং,গালং বৰি বকাৰ, পাংগিং, চিমং, আচিং দাংগা, ৰম, পাইলিব ইত্যাদি। তদুপৰি অঁকা, আপাতানি নিচি, চিলুং মিজি বগুম,ইদুমিচিমি দিগাৰু, চিংফৌ খামতি, মিচিং সকলোৰে ভাষাৰ ভেটি আৰু পূৰ্বপুৰুষ একে আৰু আদি মিচিংসকল ৰ একে ভাতৃগোষ্ঠী।এই সকল কোনোটোৱেই কোনো তিবতীয় মুলৰ বা হান চীন প্ৰজাতি ক প্ৰতিনিধিত্ব নকৰে। কিন্ত, এই জনজাতি বোৰ সকলো আহি বেলেগ বেলেগ পথেৰে দশম শতিকাৰ পৰা (তেতিয়াৰ কামৰূপ ৰাজ্যৰ উওৰ-পূৰ্বাংশ আৰু আজিৰ অৰুনাচলৰ)এই ভূখণ্ডত প্ৰায় অগা পিচাকৈ সোমাই বসবাস কৰিবলৈ লয়।আদি(আবৰ)জনগোষ্ঠীসকলেও আজিৰ অৰুনাচল ৰ ভূখণ্ডত আহি সোমোৱাৰ আগতে পেমাকুৰ পো-নদী (নামগং ছিয়াং বা তাৰো ছিয়াং)উপত্যকাত পেমাকুৰ পূৱ অঞলত বসবাস কৰিছিলেহি আৰু সেই ঠাইৰ নাম থৈছিল এংগো টাকাৰ (Lant of plenty) মিচিংসকল ৰ সাময়িকভাবে প্ৰায় পিছে পিছে ই হয়তো একে কাৰনতেই পেমাকুৰ পো নদী উপত্যকাৰ তাৰো দেশ ত্যাগ কৰি আদি সকলো আহি ছিয়াং উপত্যকাত পায়হি।
আদিসকল আহি এতিয়াৰ অৰুনাচল ৰ ভূখণ্ডত সোমোৱা বাট মিচিং সকলতকৈ বেলেগ আছিল। য়াংজে নৈৰ উৰ্দ্বাংশৰ পৰা ইৰাৱতী আৰু চিন্দ উইন নৈক অনুসৰন কৰি আহি ৰিমা পায়হি।ৰিমাৰ পৰা জায়ুল নৈক অনুসৰন কৰিবলৈ লয়। এই জায়ুল নৈ লোহিত ৰ এখন উপ নৈ।জায়ুলেৰে আগুৱাই আহি তেওঁলোক দছিয়ংলা পৰ্বতত উঠেহি।দছিয়ংলা গিৰিপথেৰে ডিগাৰুবোৰো আহি সোমাইছিলহি। তাৰ পৰা মিচিং সকলৰ মিলি, পাতিৰ, কোম্বাং খেলবোৰ ৰেগাম পাৰ্বতেৰে পাইত পাৱ আদি খেলবোৰ জগিং তৰনৌ পথেদি আৰু তায়ো তায়ে টাইদ সকলে বাপি পাহাৰ কমান, মেদক, কাৰ্দং, চিন্তে, পগাগ, নৰহ, পাঞাং খেলবোৰে পেছাং পাৰ্বতেৰে পাৰ হৈ অথাৎ পাংগিং পাছিঘাট পথেৰে সোমাইহি। তিবতীয় লুনছে, অঞ্চলৰ পৰা দক্ষিন লৈ বৈ অহা চিপাচা-চু নৈ, যিখন ভৈয়ামলৈ বৈ আহি পিছত সোৱনশিৰি নাম লৈছে। সেই বাটেৰে আজিৰ অৰুনাচল ৰ কামেং অঞ্চলৰ ভূখণ্ডত আহি সোমায়হি। অকাঁ, মিজি, আপাতানি, নিচি(ডফলা)বগুম, চুলুং ইত্যাদি প্ৰজাতিৰ লোক।এসময়ৰ মিয়াও সকলৰে আন এটা ফাল উজনি ইৰাৱতী পাৰ হৈ চিন্দ উইন উপত্যকাৰ কাচিন(ব্ৰম্মদেশ)অঞ্চলত সোমায় বসবাস কৰেহি আৰু আন গোষ্ঠীবোৰতকৈ কিছু পলমকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰে। সেই সকলেই চিংফৌ আৰু খামতি(ব্ৰক্ষদেশত থকা সময়ত এই সকল(বৌদ্ধধৰ্মৰ প্ৰভাৱত পৰে) আজিৰ অৰুনাচল প্ৰদেশৰ,উক্ত সকলোবোৰ জাতি জনগোষ্ঠীৰ পূৰ্বপুৰুষ একে। এই সকল এসময়ৰ হোৱাংহে আৰু য়াংজে নদী উপত্যকাৰ আদিতম বাসিন্দা মিয়াও বা মংঙ(Hmong)সকলৰ বংশধৰ। এই সকলোবোৰ ৰ মাজত কেৱল মিচিং জনগোষ্ঠীসকলেই য়াংজে নৈক উৎস পৰ্যন্ত অনুসৰন কৰি গৈ গৈ দুৰ্গম গিৰিপথ ডাংলা গিৰিপথেৰে উওৰ পশ্চিম তিব্বত সোমায় গৈ আৰু কাল ক্রমত মানস সৰোবৰ আৰু কৈলাশৰ অঞলৰ উৎসৰে পৰা (ব্ৰক্ষপুত্র)চাংপো নৈক পম খেদি খেদি পশ্চিমৰ পৰা আহি আহি আজিৰ অৰুনাচল প্ৰদেশৰ ছিয়াং উপত্যকাত সোমাইছিলহি। বাকী সকলোবোৰ জাতি প্ৰজাতি উওৰ,পূৱ আৰু দক্ষিন দিশৰ পৰা বিভিন্ন পথেৰে আহি আহি আজিৰ অৰুনাচল প্ৰদেশৰ ভূ খণ্ডত প্ৰৱেশ কৰিছিল। ৰিমা লোহিত নৈৰ উৰ্দ্বাংশৰ পাৰত প্ৰায় পাঁচ হেজাৰ ফুট উচ্চতাৰ কেইবাখনো গাঁৱৰ এই অঞ্চল। ৰিমাৰ পৰা মাথো এক/ডেৰ কিলোমিটাৰ মান উওৰে ৰংথোচু আৰু জায়ুলচু। এই দুই নৈৰ সংগমস্হলী, তাৰ পৰাই আৰম্ভনি লোহিত নৈ আৰু ঠেক উপত্যকাৰ পটভূমিকা।
No comments:
Post a Comment