অসমৰ শিক্ষা ব্যৱস্থা আৰু জনজাতীয় শিক্ষা নীতি
জাতিৰাম কামান
এইবাৰৰ উচ্চ মাধ্যমিক শেষান্ত পৰীক্ষাৰ ফলাফলে এইটো প্ৰতীয়মান কৰিলে যে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী কোনো গুণে কম নহয় ভাল ফলাফল অনাত।ইংৰাজী মাধ্যমৰ বেচৰকাৰী স্কুলত পঢ়া লৰা ছোৱালীহে বেছি ভাল ৰিজাল্ট কৰে বোলা কথাষাৰ আকৌ এবাৰ ভুল প্ৰমাণিত কৰিলে।আৰু এখোপ ওপৰলৈ গৈ ভৈয়াম জনজাতীয় ছাত্ৰ ছাত্ৰীৰ সফলতাৰ হাৰ সাধাৰন শ্ৰেনীৰ ছাত্ৰ ছাত্ৰীতকৈ কিছু বেছিহে দেখা গল।
জনজাতীয় অধ্যুষিত অঞ্চলৰ এল পি স্কুল সমূহত নিজা নিজা মাতৃভাষাত পঞ্চম শ্ৰেনীলৈকে পাঠদান কৰা কথাটো চলিয়েই আছে কিন্তু চৰকাৰীভাৱে কাৰ্য কৰী হৈছেনে নাই সেয়াহে জানিব পৰা হোৱা নাই।
প্ৰাক্ প্ৰাথমিক পৰ্য্যায়ত তথা পঞ্চম শ্ৰেনীলৈকে মিচিং ভাষা শিক্ষাৰে পাঠদান কৰা হব বুলি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা ৩০ তাৰিখে গোগামুখত অনুষ্ঠিত হোৱা মিচিং আগম কৗবাং(মিচিং সাহিত্য সভা)ৰ অধিৱেশনত ঘোষণা কৰি থৈ গল তাত অতিমাত্ৰা আহ্লাদিত হোৱাৰ কাৰণ একো নাই কিয়নো,এয়া কেন্দ্ৰীয় শিক্ষানীতি ২০২০ ক বিভিন্ন ৰাজ্যৰ প্ৰাথমিক শিক্ষানুষ্ঠান সমূহত কাৰ্য্যকৰী কৰাৰ এটা ধাৰাবাহিক পৰিক্ৰমা মাথোঁ।অসম চৰকাৰে মিচিং ভাষা শিক্ষাৰ বাবে কি কি নীতি লৈছে আৰু কেতিয়া কাৰ্যকৰী কৰিব তাতহে বেছি গুৰুত্ব দিব লাগে।চৰকাৰে লোৱা মিচিং ভাষা নীতি মানে__এই ধৰক(ক)কিমানখন মিচিং অধ্যুষিত প্ৰাথমিক বিদ্যালয়ত পাঠদান কৰিব প্ৰথম পৰ্য্যায়ত(খ)পাঠদান কৰিবলৈ কিমান শিক্ষক পদৰ সৃষ্টি কৰিব আৰু নিযুক্তি দিব(গ)শিক্ষাৰ মাধ্যমৰ বাবে স্থায়ী শিক্ষক পদ নিযুক্তি দিব লাগিব যিহেতু আগৰ নিযুক্তিপ্ৰাপ্ত মিচিং ভাষাৰ বিষয় শিক্ষক পদ সমূহ সাধাৰণ শিক্ষক পদলৈ ৰূপান্তৰ কৰা হল।
NCERT ৰ আৰ্হিত অসম চৰকাৰৰ অধীনত SCERT য়ে বিদ্যাতনিক গৱেষণা,প্ৰচাৰ তথা প্ৰসাৰণৰ বাবে বিভিন্ন প্ৰশিক্ষণৰ দিহা পৰামৰ্শ দি আহিছে শিক্ষাৰ ক্ষেত্ৰত।অসম চৰকাৰৰ শিক্ষা ব্যৱস্থাক সহায় সহযোগিতা কৰাৰ লগতে বুনিয়াদী শিক্ষাৰ নীতি নিৰ্ধাৰণৰ বাবে পৰামৰ্শ দি আহিছে SCERT য়ে।
SCERT য়ে অসমৰ বাবে প্ৰস্তুত কৰা পাঠদানৰ আৰ্হিটো (MOI,medium of instruction) চাৰি খলপীয়া।যেনে L1,L2,L3 আৰু L4.
ইয়াত L1 হল MOI,মাতৃভাষাত পাঠদান,L2 হল ইংৰাজী মাধ্যম,L3 হল(হিন্দী,অসমীয়া,বেংগলী,বড়ো )L4 ত MIL50 marks+MOI(মিচিং,ৰাভা,টিৱা ইত্যাদি) 50 Marks=100.
মিচিং ভাষাটোৰ উত্তৰণ যদি কৰিবলৈ হয় তেন্তে L3 পলিচীৰ ভিতৰতহে থাকিব লাগিব।L4 ৰ আউতিলৈ আহিলেই ৫০+৫০=১০০,অৰ্থাৎ ব্ৰিজিং লেংগুৱেজত সোমাই পৰিব।স্থানাভাৱত ইয়াত বিতংলৈ আলোচনা কৰাৰ পৰা বিৰত থাকিলোঁ।যিকিনহওঁক,MOI আৰু Mising subject teacher ৰ বিষয়টো বেলেগে ৰাখিব লাগিব।সানমিহলি কৰাতো ঠিক নহব।
অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আগম কৗবাং মিটিঙত অংশ গ্ৰহন কৰি মিচিং বুৰঞ্জী পাঠ কৰি গল।অৱশ্যে মুখ্যমন্ত্ৰীয়ে অত্যধিক ব্যস্ততাৰ মাজতো মিচিং ইতিহাস পাঠ কৰি প্ৰাথমিক স্কুলত মিচিং ভাষাৰে পাঠদান হব বুলি ভাষণৰ শেষত ঘোষণা কৰি মিচিং ৰাইজক আশ্বস্ত কৰি গল।
আমি স্বাধীনোত্তৰ কালৰে পৰা বহু শিক্ষামন্ত্ৰী পাই আহিছোঁ।হৰেন্দ্ৰ নাথ তালুকদাৰ,মুকুত শৰ্মা,শৰত বৰকটকী,বৃন্দাবন গোস্বামী,
থানেশ্বৰ বড়ো,ড০ হিমন্ত বিশ্ব শৰ্মা,সিদ্ধাৰ্থ ভট্টাচাৰ্য্য তথা একেবাৰে শেহতীয়াকৈ ডা০ ৰনোজ পেগু।কিন্তু ইয়াতে লক্ষ্য কৰিব লগীয়া কথাটো হল যে প্ৰাথমিক পৰ্য্যায়ত নিজৰ কথিত মাতৃভাষাত(বিশেষকৈ অসমৰ জনজাতীয় সকলৰ বাবে)পাঠদান কৰাৰ প্ৰস্তাৱটো সেই আশীৰ দশকৰ বৃন্দাবন গোস্বামী শিক্ষামন্ত্ৰী হোৱা দিনৰে পৰা।পৰৱৰ্তী কালত অসম চৰকাৰৰ সিদ্ধান্ত মৰ্মে ১৯৮৬-৮৮ চন মানৰ পৰা ২০০০-০৪ চনলৈ আৰু তাৰো পাছত ২০০৮ চন মানলৈকে মিচিং বিষয় শিক্ষকৰ নিযুক্তি অব্যাহত থাকিল।পিছৰ পৰ্য্যায়ত সেই দুই শতাধিক নিযুক্তিপ্ৰাপ্ত বিষয় শিক্ষক সকলক শিক্ষা বিভাগৰ এক নিৰ্দেশ মৰ্মে বিষয় শিক্ষকৰ পৰা সাধাৰণ শিক্ষক পদলৈ পদোন্নতি কৰা হল।ঠিক পদোন্নতি নুবুলি বিলয়(merged)কৰা হল বুলিলেহে সমীচিন হব।
সেই শিক্ষক সকলৰ বহুতৰ পদ খালী হৈছে আৰু দুই এক বছৰত বহুতেই অৱসৰপ্ৰাপ্ত হব পাইকাৰী হাৰত।ইতিমধ্যেই মিচিং ভাষা শিক্ষাৰ বাবে বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত নিবনুৱা যুৱক যুৱতী আছে,সেই খালি হোৱা পদ সমূহ চৰকাৰে ইচ্ছা কৰিলে প্ৰশিক্ষণ প্ৰাপ্ত নিবনুৱা যুৱক যুৱতী সকলৰ ফালৰ পৰা মেধাৰ ভিত্তিত মকৰল কৰি খালী ঠাই পূৰণ কৰিব পাৰে।
নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰাৰ লগে লগে শিক্ষকৰ কথা আহিল আৰু শিক্ষকৰ কথা আহিল যেতিয়া শিক্ষক পদ সৃষ্টিৰ কথাও আহিল।
এতিয়া প্ৰশ্নটো হল_ মাতৃভাষাৰে কৰা পাঠদানটো সেই বিষয় শিক্ষক সকলৰ দ্বাৰা কৰোৱাব?নে মেডিয়াম অফ ইন্ষ্ট্ৰাক্শ্যনৰ বাবে ভাষা শিক্ষকৰ পদ সৃষ্টি কৰিব?
আমাৰ বোধেৰে আগেয়ে সৃষ্টি কৰা ভাষা শিক্ষকৰ পদবোৰ একেদৰেই থাকক আৰু প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ বাবে নতুনকৈ প্ৰয়োজন সাপেক্ষে ভাষা শিক্ষকৰ পদ সৃষ্টি কৰি চৰকাৰে নিযুক্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰিব পাৰে।ইয়াৰ বাবে ভাষা শিক্ষকৰ প্ৰয়োজনীয় TET পৰীক্ষা বেলেগে সমূহীয়াভাৱে(মিচিং,তিৱা,কাৰ্বি,
ৰাভা,দেউৰী আদি)পাতি নিযুক্তি প্ৰদান কৰাৰ ব্যৱস্থা হাতত লব পাৰে চৰকাৰে।
NEP, 20,অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষানীতি ২০,ৰাজ্যত প্ৰৱৰ্তন হব যেতিয়া চৰকাৰে বিলম্ব নকৰি implement কৰাহে কথা।
সকলো ব্যৱস্থা তৎকালে কাৰ্য্যকৰী কৰাতো চৰকাৰৰ সদিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে যেতিয়া আমি চৰকাৰৰ নিৰ্দেশনালৈ আগ্ৰহেৰে ৰৈ থকা বাদে গত্যন্তৰ নাই।আশা ৰাখিছোঁ মাননীয় মুখ্যমন্ত্ৰী সমন্বিতে শিক্ষামন্ত্ৰী মহোদয়ে অনতি পলমে কাৰ্য্যকৰী কৰিব নিশ্চয়।
আগম কৗবাঙৰ নতুন সভাপতি হৰিনাৰায়ণ পেগু আৰু সম্পাদক সোনেশ্বৰ কপ্তাক বুলি শুনিছোঁ।অৱশ্যে কথাটো আনঅফিচিয়েলী আগতেই গম পাইছিলোঁ।মিচিং সংগঠন সমূহত কিবা হাই পাৱাৰ কমিতি নে,হাই কমাণ্ড কিবা এটা আছে বুলি অহু কাণে পহু কাণে শুনা পাওঁ;তেওঁবিলাকেহে শেষ খেলাটো খেলে হেনো? কিন্তু এয়া সঁচানে মিছা নাজানো!কিয়নো আমি বৃত্তৰ বাহিৰত থকা মানুহ!ভিতৰুৱা কথাবোৰ গম নাপাওঁ!ইযিকিনহওঁক, শ্ৰীযুত হৰিনাৰায়ণ পেগুলৈ আমাৰ শুভেচ্ছা থাকিল।যুৱাৱস্থাত তেওঁ TMPK ত অধিক কাল থাকি ছাত্ৰ সংগঠনটো গতি দিয়া কাৰ্য্যকৰ্তা।লগতে সাৱলীল ভাৱে মিচিং ভাষাৰে বক্তৃতা দিব পৰা নেতা।মিচিঙপৗ লুপৗমৃল__
তৃলাগদানমা:পৗ মিচিং আগম লুনৗক।সম্পাদক সোনেশ্বৰ কপ্তাক হয়তু উদ্যমী যুৱক হব।নিশ্চয় অাগম কৗবাঙত আত্মনিয়োগ কৰিব পাৰিব।তেওঁলৈয়ো শুভেচ্ছা জনাইছোঁ।সংগঠনৰ কামবোৰৰ বাবে পাৰিশ্ৰমিক নাথাকে।কাজেই,সেই বিষয়বাব বোৰ প্ৰফিট আৰ্নিং বা লাভজনক পদ নহয়।গতিকে A B C D X Y Z যিয়েই নিৰ্বাচিত নহওঁক,তাত ৰাইজৰ কব লগা একো নাই।মাত্ৰ মিচিং সমাজৰ সৰ্বাংগীন উন্নতি কল্পে কাম কৰি গলেই মিচিঙৰ উত্তৰোত্তৰ হব অনাগত দিনত।ৰাইজে তাকেহে কামনা কৰে।
পুনচ্ছ:- মিচিং সকলৰ ছয়টি জাতীয় সংগঠন আছে আৰু প্ৰত্যেকৰে বেলেগে বেলেগে সংবিধান(উপবিধি/নিয়মাৱলী)
আছে নিশ্চয়!নিজা নিজা বিধি বিধানমতে কাৰ্য্য নিৰ্বাহক গঠন কৰাতো উচিত।ছাত্ৰ সংগঠন বেলেগ বস্তু,ভাষা সাহিত্য বেলেগ বিষয় তথা সংস্কৃতি বেলেগ বিষয়।সকলোটি সমূহীয়া মঞ্চত অৱস্থান কৰিব পাৰি কিন্তু সনা পিটিকা কৰিলেই বিপদ জানিব।
প্ৰত্যেক জাতীয় সংগঠনে নিজৰ নীতি নিয়মেৰে নিজা ভাগে কাৰ্য্য নিৰ্বাহক গঠন কৰি নিজা লক্ষ্য উদ্দেশ্যৰে সুন্দৰকৈ আগ বাঢ়ি গলে সমাজখন বিশৃংখল নহব,সুন্দৰ ভাৱে চলি যাব।সেই কথাবোৰ আজিৰ যুৱ প্ৰজন্মই হাড়ে হিমজুৱে উপলব্ধি কৰি আগ বাঢ়িলেহে এখন সুন্দৰ সমাজ গঢ়িব পাৰিব।অন্যথা লক্ষ্যভ্ৰষ্ট হৈয়েই থাকিব আৰু উদ্দেশ্য সাধনত ব্যাঘাত জন্মিয়েই থাকিব অনাগত দিনত।
No comments:
Post a Comment