Nébíngké Lupénam - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 22, 2023

Nébíngké Lupénam



 Nébíngké Lupénam সম্পাদকীয়…



Doksirié la: Ngok Asin Méngkíko 

(দকচিৰি আৰু মোৰ কিছু অনুভৱ)


      Doksiri দকচিৰি হ'ল এটি মিচিং শব্দ। যাৰ অসমীয়া আক্ষৰিক অৰ্থ হ'ল ডিঙিত পিন্ধা এবিধ অলংকাৰ। অৰ্থাৎ কণ্ঠহাৰ। মিচিং আৰু অসমীয়া ভাষাক জীয়াই ৰখাৰ স্বাৰ্থত আৰু দুয়োটা ভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ২০২১ বৰ্ষৰ ২১ জুলাইত দকচিৰি দ্বিভাষিক ই আলোচনীখন জন্ম দিয়া হৈছিল। আজি দকচিৰিয়ে দুটা বছৰ সম্পূৰ্ণ কৰিলে। এই দুবছৰত দকচিৰিয়ে ৰ'দ বৰষুণক একাকাৰ কৰি মিচিং আৰু অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ ওপৰত নিৰলসভাৱে কাম কৰি আছে। কোনো দিন থমকি ৰ'বলৈ প্ৰয়াস কৰা নাই। আমাৰ শ্লোগানেৰেই আমি আগবাঢ়ি যাম - "Mising Agom Gomlab dírbí-dírlab unjerra du:monam léga:pé, Anu mé:lotki, Anu Lékorki Doksiri-é agerém geryarbomna gíyé".

   অসমৰ বহু প্ৰতিষ্ঠিত জনপ্ৰিয় কবি, সাহিত্যককে ধৰি প্ৰবীণ-নবীন সকলো লেখক লেখিকাই তেওঁলোকৰ মননশীল লেখা সম্ভাৰেৰে সমৃদ্ধ কৰে দকচিৰিৰ প্ৰতি মাহৰ প্ৰতিটো সংখ্যা। দকচিৰিয়ে ইতিমধ্যেই বহু নতুন লেখক/লেখিকাক উদগণি দি নতুন লেখক সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

    সাহিত্য কৰ্মত মনোনিৱেশ কৰাৰ সময়েৰে পৰা দকচিৰিয়ে মিচিং আৰু অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে। বিশেষকৈ মিচিং ভাষা এটা আঞ্চলিক ভাষা নহয় যদিও মিচিং ভাষা হ'ল মিচিং জনগোষ্ঠীৰ হৃদপিন্ধ আৰু জন্মগতভাৱে দেহৰ প্ৰতিটো শিৰা উপশিৰাত বৈ থকা এটা হেঁপাহৰ ভাষা। ইয়াক মিচিং জনগোষ্ঠীয়ে কোনো দিন কোনো কাৰণতে হেৰুৱাব নিবিচাৰে আৰু নেহেৰুৱাই।

   মিচিং সাহিত্য সভাই (Mising Agom Kébang) মিচিং ভাষাক জীয়াই ৰখাৰ স্বাৰ্থত বিশেষভাৱে কাম কৰি আছে। অসমীয়া ভাষাৰ তুলনাত মিচিং ভাষা এটা ক্ষুদ্ৰ ভাষা যদিও মিচিং ভাষা সাহিত্য সংস্কৃতিক বাদ দি অসমীয়া ভাষাৰ সাহিত্যৰ ভঁৰাল চহকী হ'ব নোৱাৰে। সেইবাবে অসমীয়া ভাষা বিকাশৰ সমান্তৰালকৈ মিচিং ভাষাকো আগুৱাই নিয়াৰ ক্ষেত্ৰত দকচিৰিয়ে ক্ষুদ্ৰ প্ৰয়াস কৰিছে। 

   বৰ্তমান যুগটো হৈছে গুগুল ইণ্টাৰনেটৰ যুগ। নিমিষতে সমগ্ৰ বিশ্বৰ খবৰ, তথ্য আদি গুগুল ইন্টাৰনেটৰ যোগেদি লাভ কৰিব পাৰে। ইন্টাৰনেটৰ প্ৰভাৱে সমগ্ৰ বিশ্বক কম্পিউটাৰ, মোবাইলৰ মাজত আৱদ্ধ কৰি ৰাখিছে। মোবাইল ইণ্টাৰনেটক বাদ দি আজিৰ বাস্তৱ জগতত এখোজো কোনেও আগবাঢ়ি যাব নোৱাৰে। আগৰ দৰে ঘৰত বহি এতিয়া কাকত আলোচনী পঢ়াৰ সময় উকলিল। সেয়ে সময়ৰ সেই আহ্বানক প্ৰত্যাহ্বান হিছাপে গ্ৰহণ কৰি দকচিৰিয়ে বিশ্বৰ কোণে কোণে থকা সকলো মানুহৰ হাতত পৰাকৈ দুয়োটা ভাৰজনত (Web version আৰু Book version) এখন সর্বাংগ সুন্দৰ ই আলোচনী তুলি দিবলৈ প্ৰয়াস কৰা হৈছে। যাতে প্ৰয়োজন অনুসাৰে কোনো এচুকত বহি এখন সুন্দৰ অনলাইন ই আলোচনী পঢ়িব পৰে। তাকো দুয়োটা ভাষাত (মিচিং আৰু অসমীয়া)।

    আমি জনাত দকচিৰিয়েই হৈছে মিচিং আৰু অসমীয়া ভাষাৰ প্ৰথমটো দ্বিভাষিক ই আলোচনী আৰু অসমৰ একমাত্ৰ আলোচনী য'ত একেটা সময়তে দুটা সংস্কৰণ একেলগে প্ৰকশ পাই আহিছে। দকচিৰিয়ে এই প্ৰচেষ্টা সদায় অব্যাহত ৰাখিব। আমি যতদূৰ সম্ভৱ চেষ্টা কৰিছোঁ যাতে দকচিৰিৰ যোগেদি সাহিত্যিৰ ভিন্ন শিতানেৰে দেশৰ শেহতীয়া আৰু সাম্প্ৰতিক ঘটনাপ্ৰৱাহ সমূহ লেখক/লেখিকাৰ দ্বাৰা কবিতা, গল্প আদিৰ ভাষাৰে সত্য তথ্য, খবৰ আদি দিব পাৰোঁ।

    সাম্প্ৰতিক সময়ত ছপা গ্ৰন্থ আলোচনী, বাতৰি কাকতৰ বিকল্প হিচাপে ই আলোচনী বা ই গ্ৰন্থ প্ৰকাশ পাব ধৰিছে। ইয়াৰে এটা ক্ষুদ্ৰ অঙ্গ হিচাপে দকচিৰি দ্বিভাষিক ই আলোচনীয়েও গুগুলত উপলব্ধ হোৱাকৈ মিচিং আৰু অসমীয়া ভাষাৰ ওপৰত সুন্দৰকৈ কাম কৰি আছে। 

     দকচিৰিৰ প্ৰতিজন লেখক/লেখিকাৰ নামো যাতে গুগুলত চাৰ্জ কৰাৰ লগে লগে উপলব্ধ হয় তাৰ বাবেও আমি কাম কৰি আছো। তাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰিলো। অতি কম দিনৰ ভিতৰতে দকচিৰিৰ লেখক/লেখিকাই Google Search ত নিজৰ নাম চাৰ্জ কৰাৰ লগে লগে তেওঁৰ সকলো লেখা উপলব্ধ হোৱাকৈ দকচিৰি টীমে কাম কৰি আছে। সেই সকলোবোৰ আপডেট দকচিৰিৰ চছিয়েল মিডিয়া ছাইটবোৰত উপলব্ধ হ'ব।

      লেখক/লেখিকাক, পঢ়ুৱৈ সমাজক বাদ দি কোনো এখন আলোচনী বৰ্তি থাকিব নোৱাৰে। সেয়ে আমি সকলোৱে সহযোগিতাৰে ভাষা সাহিত্যক জীয়াই ৰাখিবৰ কাৰণে কাম কৰিব লাগিব।

     সাহিত্য হ'ল সমাজৰ দাপোন। সাহিত্য নামৰ সেই দাপোনত প্ৰতিফলিত হয় ভাষা, কৃষ্টি-সংস্কৃতি। সাহিত্যৰ ভঁৰাল চহকী কৰিবলৈ হ'লে অন্য ভাষা সাহিত্যৰ গ্ৰন্থ বা লেখা অনুবাদ কৰাটোও অতি প্ৰয়োজন। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি দকচিৰি গোষ্ঠীয়ে অনুবাদ সাহিত্যৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰি "দেওবৰীয়া অনুবাদ সাহিত্য শিতান" নামেৰে প্ৰতিটো দেওবাৰে অসমীয়া কবিতাক মিচিং ভাষালৈ আৰু মিচিং কবিতাক অসমীয়া ভাষালৈ অনুবাদ কৰি দকচিৰিৰ অফিচিয়েল ফেচবুক গোটত প্ৰকাশ কৰি আছে। 

    দকচিৰি দ্বিভাষিক ই আলোচনীৰ বৰ্তমানৰ পঢ়ুৱৈৰ সংখ্যা প্ৰায় তিনি লাখ। দুটা বছৰত ইমান সংখ্যক পঢ়ুৱৈ গোটাব পৰাটো একপ্ৰকাৰ সফলতা বুলি মই এই কাৰণেই ক'ব খোজোঁ যে আমি (দকচিৰি) কৰা কাম কাজত (টেকনিকেল) বহুতেই সন্তুষ্টি প্ৰকাশ কৰি আমাক যোগাযোগ কৰি কয় যে " দকচিৰিয়ে ইমান সুন্দৰকৈ আৰু কষ্ট কৰি কামবোৰ কৰি আছে, আমি অতি আনন্দিত হৈছো। আমি সদায় দকচিৰিৰ কষ্টৰ আঁৰত থাকিম। মাথোঁ দকচিৰিক দকচিৰিৰ দৰে জিলিকি থাকিব দিব।" তেতিয়া কোনোবা লেখক/লেখিকা বা শুভাকাংক্ষীৰ পৰা এনেধৰণৰ বাৰ্তা পাওঁ, সম্পাদক হিছাপে তাতোকৈ অন্য সুখ থাকিব নোৱাৰে।

     দকচিৰিৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ প্ৰতি লক্ষ্য ৰাখি সদৌ অসম ভিত্তিত মিচিং আৰু অসমীয়া ভাষাৰ মুকলি কবিতা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। বহুতো লেখক লেখিকাই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দকচিৰিক আৰু এখোজ আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিলে। প্ৰতিযোগিতাৰ পুৰষ্কাৰ প্ৰাপ্ত কবিসকলক বিশিষ্ট সমাজ কৰ্মী ৰীণা প্ৰেমে আৰু শ্ৰীযুত খনিন্দ্ৰ মেদক ডাঙৰীয়াই পুৰষ্কাৰ দাতাৰ দায়িত্ব বহন কৰাত তেওঁলোক দুয়ো গৰাকীলৈ দকচিৰি গোষ্ঠীৰ জৰিয়তে বিশেষভাৱে কৃতজ্ঞতা জনালোঁ।

     দকচিৰিৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানটো সফলভাৱে উদযাপন কৰাত সহায় আগবঢ়োৱা মিচিং সাহিত্য সভাৰ সহকাৰী সাধাৰণ সম্পাদক তথা এন. চি. দি. চি. মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সূৰজিৎ দলে, সোৱণশিৰিপৰীয়াৰ জেষ্ঠ্য কবি টুনিৰাম মেদক, কবি সোমেশ্বৰ মেদক আৰু টি. এম. পি. কেৰ সহকাৰী সাধাৰণ সম্পাদক হৰিচন্দ্ৰ কামান ডাঙৰীয়াৰ লগতে দকচিৰিৰ সমূহ কৰ্মকৰ্তা, শ্ৰদ্ধাস্পদ পঢ়ুৱৈ সমাজ আৰু দকচিৰিৰ সমূহ শুভাকাংক্ষীলৈ আন্তৰিক ধন্যবাদ জনালোঁ।


তপন লাল

সম্পাদক, Doksiri দকচিৰি


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages