কি খৱৰ দিওঁ অ তোক হীৰুদা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, August 4, 2023

কি খৱৰ দিওঁ অ তোক হীৰুদা

 



কি খৱৰ দিওঁ অ তোক হীৰুদা 

অমল দাৱ 

ত্ৰিকণ্যা কুটীৰ, বোকাখাত


জোন বেলি তৰা নাই এন্ধাৰ হৈ আহিছে কবিতাৰ  চুবুৰি 

উৰি উৰি চৰাইবোৰে দিগভ্ৰান্ত হৈ আপোন বাঁহ বিচাৰি সাবাথুৰি খাইছে 


চৰাই পোৱালিবোৰৰ চিঁঃ চিঁঃ অৰ্নগল কোৰ্হালত গগন ফাটিছে কাঠনী বাঁহনীৰআগ

ধূলি উৰুৱা সন্ধিয়া বেলা গৰুজাকৰ গোহালিলৈ  উভতনি বাটত আউল লাগি যেনিতেনি ঢপলিয়াইছে

 

কাব্যমেলাৰ মঞ্চত কবিতাৰ সলনি সাজপাৰৰ অকল্পনীয় চমক

কিমান চাবা সম্বৰ্দ্ধণা , প্ৰসংসাৰ জোৱাৰ 


হীৰুদা তুমি নাই 

যি হ"ল ভালেই হল 

তুমি নোহোৱা দিন ধৰিআকাশত তৰাবোোৰ নাই -নাই নীলাকাশৰ ডাৱৰ বোৰ 

গৰখীয়া দুপৰত উৰিফুৰা গঙাচিলনীবোৰ নাই 

নাই কিচিৰ মিচিৰ ঘন

চিৰিকাবোৰ 


চৰাই চুবুৰি বুলি একো নাই- নাই গছবোৰত  চৰাই বাঁহ 

কাৰপুমপুলি ৰাতিবোৰ নাই - নাই প্ৰথম কুকুৰা ডাকত ডেকাচাঙৰ  বাঁহীৰ মাত

 

কেনেকৈ কওঁ

গছবোৰ মৰি মৰি জীয়াই আছে 

কেনেকৈ কওঁ আপোন নদীখনত উজনী ভাটি পালতৰা নাওবোৰ নাই 


আকাশখন গোমা 

বৰষুন নাই কেৱল শিলাবৃষ্টি


কেৰুমণিৰ সলনি  সাউদৰ নাৱত  এতিয়া কেৱল কবিতাৰ বেহা 


তাইক এতিয়া পতিতা সজোঁৱা হৈছে

উজাইছে ভটিয়াইছে সাউদৰ ডিঙা 


নৈ পাৰত জংকীৰ বাঁহীৰ মাত নাই -চিফুং বাঁহীৰ সুৰ নাই - নাই লৃগাং নাই চমাংকান 


বিষ্ণুৰাভা জ্যোতিপ্ৰসাদ নীলমণি ফুকন আজি কোনো নাই - 


গল গল বুলি কবলৈ অম্বিকাগিৰিও নাই  নলিনীৱালা নাই  লক্ষ্মীনাথ নাই 


আজিৰ পৃথিবীত সৱেই জাতি সৱেই জনজাতি 

 

চিহঃ কি নিলৰ্জ্জ ভাবে

সৱেই জ্যোতিপ্ৰসাদ সৱেই জয়মতী

গুৰু নাই শিষ্য নাই সৱেই শংকৰ সৱেই আজান 


কি কবা অ--- হীৰুদা 

জোন বেলি তৰা নাই এই পৃথিৱীত 

ক্ৰমে এন্ধাৰ হৈ আহিছে  কবিতাৰ চুবুৰি 


ফোনঃ ৯১০১৯৬১১১৮


Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages