ৰেল যাত্ৰা
তৰা বৰুৱা
গোলাঘাট
এটা ৰাতিৰ বাবে ৰেলখন মোৰ হ'ল
ৰেলখনত প্ৰৱেশ কৰিয়েই মই মোৰ নাম্বৰৰ চিতটোত বহি পৰিলোঁ....
মোৰ আশে-পাশে বহি আছিল যাত্ৰীসকল...
দবাটোৰ চাৰিও দিশে চকু যোৰ এপাক ফুৰাই আনিলোঁ....
কোনোৱে ভৰি দুটা চিতটোত উঠাই আৰামত বহি আছে আৰু আনকোনোবাই খিড়িকীৰে বাহিৰলৈ চাই আছে...
কোনোবাই বুটৰ চানা খাইছে, আন কোনোৱে মুড়ী খাইছে আৰু আন এজনে তামোল...
উকি দুটামান মাৰি ৰেলখনে
গতি ল'লে..
কিছুসময়ৰ পাছত ৰেলখন তীব্ৰ বেগেৰে চলিবলৈ ধৰিলে...
মোৰ সমস্ত দুখ-ভাগৰ ৰেলখনৰ বুকুত এৰি দিলোঁ...
মোৰ ভাগৰুৱা শৰীৰটোৱে অকণমান জিৰণি বিচাৰিছিল আৰু সেই জিৰণি দিছিল ৰেলখনে...
ৰেলখনে মোক ঝুলাই ঝুলাই শুৱাবলৈ চেষ্টা কৰিছিল...
আৰু মোৰ কৱ নোৱাৰাকৈয়ে চকু দুটা জাপ খাই পৰিছিল...
এদিনৰ বাবেৰেলখন মোৰ বিচনা হৈছিল....
বাৰে- বাৰে মোক নিদ্ৰা দেৱীয়ে স্পর্শ কৰিছিল...
তেওঁ আহে আৰু যায়...
তেওঁ আহে আৰু যায়...
বাৰে-বাৰে মোক ঝুলাই ঝুলাই
শুৱাব খুজিছিল...
মোৰ সপোন নদীয়েদি মনটো ঘৰৰ বিচনালৈ উৰা মাৰিছিল...
মোৰ কাষৰ বিচনাখনত শুই থকা শিশুটোৰ কান্দোনত মোৰ সপোন ভাগিছিল...
ঝ্ ক - ঝ্ ককৈ গৈ থকা ৰেলখনে মোক ঝুলাইয়ে থাকিল...
দূৰণিৰ পৰা ভাহি অহা শংঙ্খ ধ্বনিৰ মাতটোৱে পুৱাৰ বাতৰি দিলে...
পুণৰ ৰেলখন মোৰ মা হ'ল..
মই মাৰ কোলাত নিজক এৰি দিলোঁ
বহু সময় মাৰ কোলাতে মূৰ থৈ শুই পৰিলোঁ...
মায়ে দীঘলকৈ উকি এটা মাৰি জগাই দিলে
পুনৰ জোকাৰ এটা মাৰি নামিবলৈ ক'লে...
য'ত মোৰ গন্তব্যৰ শেষ স্হান আছিল...
মোৰ দুইকাণত বাজি উঠিছিল... অনুগ্ৰহ কৰি যাত্ৰীসকলে মন কৰিব
ডিব্ৰুগড়ৰৰ পৰা ৰঙীয়ালৈ যোৱা ৰেলগাড়ীখন চাৰি নম্বৰ প্লে'টফর্মত ৰৈ আছে....৷
Doksiri দকচিৰি, আগষ্ট, ২০২৩
No comments:
Post a Comment