উদ্ৰেক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, August 5, 2023

উদ্ৰেক

 


উদ্ৰেক

ৱাহিদ আহমেদ

কাটাৰ, ডোহা


হৃদয়ৰ সাগৰখনত কথাবোৰ

এনেকৈয়ে বৈ থাকে... 

কেতিয়াবা হৃদয়খনে কোৱা কথাবোৰ

গান হৈ যায় 

কেতিয়াবা কবিতা হৈ তোমাৰ বুকুত সোমায় 

কলমৰ চিয়াঁহীত তোমাৰ সৌন্দৰ্যবোৰ ফুটি উঠে 

কিয় জানা ? 


তোমাৰ অনুভৱী হৃদয়খনে মোকো অনুভৱ কৰিবলৈ শিকাইছে... 

মোৰ বুকুত জ্বলি থকা আগ্নেয়গিৰিবোৰ

এতিয়া কিছু শান্ত 

তোমাৰ মৰমৰ সান্নিধ্যত 


হৃদয়ৰ উপকূলত নিৰিবিলি বতাহজাকে দিয়ে

যৌৱনৰ ৰিব্ ৰিব্ মলয়া.. 

তোমাক লৈ যাম বৰফৰ চহৰখনলৈ

তুমি আবেগবোৰ সানি দিবা 

মই লিখি যাম ভালপোৱাৰ কবিতা,

অনুৰাগী হৃদয়ত বাজিব সুৰৰ মালিতা 


Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages