এটি অনুৰাগ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, August 5, 2023

এটি অনুৰাগ



 এটি অনুৰাগ

জ্যোৎস্না ৰানী বেগম


যদি তুমি আহিলা হেঁতেন

বিষ হৈ জাহ যোৱা 

মোৰ যাতনা নেওচিবলৈ

নীলকণ্ঠী অনুৰাগ এটি হৈ

আহিলা হেঁতেন যদি

বুকুখন সহি পৰা দুখবোৰ

তুলি  ধৰা

আঁচল পাতি ল'বলৈ

আৰু যদি আহিলাহেঁতেন

এচাতি মলয়াৰ সʼতে

ছাই হৈ পুৰি যোৱা কলিজাখন

শাত পেলাবলৈ

তুমি অহাৰ খবৰ পালে

মাধৈ-মালতী ফুলে 

চৌপাশ গোন্ধে আমোল মোলাই

তুমি অহিবা বুলি জনাহেতেঁন

চিঙি যোৱা হৃদয়খন জোৰা মাৰিবলৈ 

উজাই  গʼলো হেতেন এটি মিঠা সুঁহুৰি হৈ

আহিবা বুলি জনাহেতেঁন তুমি

লঘোণীয়া উদৰ মোৰ

খালোহেতেঁন ফুলৰ মৌ কোহ বিচাৰি 

তুমি অহাৰ বাতৰি পালে

বাৰ মাহে কপৌ ফুলে 

এটি ব'হাগ ব'হাগ লগা অনুৰাগ হৈ


Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages