সৃজন
অংকুৰণ আৰ্ফ
চম্পাৱতীৰ মাক
সোনকালে চাহপানীটোপা বাক
দেওলগা বতৰ
গোমা হৈ আহিছে আকাশ
পুৱাতেই পেলাই থৈ আহো
বেলিমুখীয়া পথাৰৰ চাপৰিত
ভাটৌ চৰাইৰ পাখি যেন সেউজীয়া কোমল
কঠীয়াৰ জোনাক
এইকেইদিন একেলেথাৰিয়ে
দিনে-ৰাতিয়ে চলি আছে
বৰষুণৰ ৰূপালী নৃত্য
বৰষুণ কুঁৱৰীৰ নৃত্যৰ ছন্দত ছিগি পৰা
মণিবোৰ কোমল মাটিত মিলি হৈ পৰিছে সুদৃশ্য
মাজে মাজে শুনো মেঘ মৃদংগৰ মাত
মাজে মাজে দেখো চিকমিকাই জ্বলি উঠা বিজুলী শলিতা অকস্মাত
গাঁৱৰ বাটত এতিয়া বোকাময় পুৱা গধূলি
বতাহত বিয়পি পৰিছে ঔ- ফুলৰ আমোলমোল গোন্ধ এটি
পথাৰত এতিয়া মাটি মানুহৰ জীৱন উদ্যাপনৰ মহা
মহোৎসৱৰ ৰাগি
কঠীয়াৰ শিপাত জীৱন গোন্ধোৱা মাটি
এদিন এই পথাৰখন আছিল ককাদেউতাৰ
এদিন এই পথাৰখন আছিল পিতাৰ
এদিন এই পথাৰখন আমাৰ
এদিন এই পথাৰখন হৈ পৰিব ল'ৰাৰ
এই পথাৰখনেই একমাত্ৰ দলিল আমাৰ
সাতপুৰুষৰ জীৱন-জীৱিকাৰ
কিন্তু আজি এই আপোন পথাৰখনত আৱৰি ধৰিছে
অচিন গোন্ধৰ আন্ধাৰ সময় থাকোতেই ওলাই আহ সকলোঁ ৰক্ষা কৰোঁ শিপা ককাদেউতাৰ!
চম্পাৱতীৰ মাক
সোনকালে চাহপানীটোপা বাক
পকা-কঁঠাল কেইফুটামানো দে
বতৰৰ ফল
খালে ভাল
দেৰি কিন্তু নকৰ
কালিকা লগা বতৰ
গোমা আকাশ
আহিব লাগিলে বলিয়া বান
জীৱনত হ'ব আকাল
সাৱধান হোৱা ভাল।
Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:
Post a Comment