চামপৰাঘাটৰ আবেলি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, August 6, 2023

চামপৰাঘাটৰ আবেলি



 চামপৰাঘাটৰ আবেলি



নৱজ্যোতি বৰা


    তাহানিতে এৰি থৈ আহা মোৰ শৈশৱ-কৈশোৰলৈ মনত পৰিছে । মনত পৰিছে মোৰ অতিতৰ গাঁওখনলৈ , কিলাকিলি সুঁতিৰ পাৰৰ সেই সৰু গাওঁ , ওপজা ঘৰখন , চামপৰাঘাট আৰু এই ঘাটৰ প্ৰিয়মলৈ মনত পৰিছে মোৰ ।মোৰ শৈশৱ-কৈশোৰৰ লগৰী প্ৰিয়ম ; কেনে আছে সি ? অকলেই আগবাঢ়িছোঁ মোৰ শৈশৱ বিচাৰি , মোৰ আপোন গাওঁখনলৈ , মোৰ ওপজা ঘৰখনলৈ ।  ভটিয়নী বেলিৰ লগে লগেই চামপৰা পালোঁহি । বৰ বেছি পৰিৱৰ্তন হোৱা নাই চামপৰাঘাট । ফটফটিয়া পানীৰ তলৰ বালিয়ে ভটিয়নী বেলিৰ লগত যেন ৰঙৰ মেলা পাতিছে । চিক্‌মিকাই আছে বালিবোৰ । এজাক কোকিলা মাছে পানীত উজান-ভাটি কৰিছে । পানী পৰুৱাৰ জাকটোৱে যেন পানীৰ ওপৰত কিছুমান শৃন্য অংকনৰ ব্যৰ্থ প্ৰয়াস কৰিছে । পথৰুৱা বতাহে এজনী গাভৰুৰ উন্মুক্ত চুলিটাৰিত ঢৌ খেলোৱাৰ দৰে নাওবন্ধা খুঁটিটোত লাগি থকা পানী শেলুৱৈয়ে সোঁতে সোঁতে ঢৌ খেলিছে । ঘাটৰ পৰা অলপ উজনিৰ ফালে কোনোবাই পাতি থোৱা দলঙাখনৰ ওপৰৰ জেং এডালত পানী কাউৰী এজনীয়ে তাইৰ পাখি ৰ'দাইছে । বহুদিন হ'ল , এই চামপৰাঘাট এৰা ।গাত চাদৰ নোলোৱা কালৰ পৰা দেখিছোঁ এই ঘাট । কঁকালত গাগৰি লৈ পানী নিয়া কালৰে পৰা পাইছোঁ এই ঘাটৰ চিনাকী গোন্ধ । পাৰত নাও লাগোঁতে লাগোঁতে সমান হোৱা বালিখিনিৰ ওপৰত গৰুৰ খোজ কিছুমান পৰি আছে । হয়তো দুপৰত পানী খাইছিল । প্ৰিয়মে সিপাৰে কাঠি-কামি কৰি আছিল ।মোক দেখি সি নাওখন খুঁটিৰ পৰা খুলি ইপাৰলৈ আহিবলৈ যো-জা কৰিলে ।                                           

মূল ৰাস্তাটোৰ পৰা এটা কেঁচা ৰাস্তাৰে আমাৰ ঘৰলৈ প্ৰায় ডেৰ মাইলমান সোমাব লাগে ।প্ৰথমতে এখন পথাৰ পাৰ হৈ তাৰ পিছত কিলাকিলিৰ চামপৰাঘাট ।চাকুলা নাৱৰীয়াই দিয়া নাম চামপৰাঘাট । এই পথৰুৱা ৰাস্তাছোৱাৰ দুয়োকাষে এজাৰ আৰু হিদলৰ গছ । কিলাকিলি পাৰ হৈয়েই আকৌ এডৰা গেজেপ মৰা বাঁহনি । বাঁহনিডৰাৰ মাজেদি এহাল গৰুৱে কান্ধত যুৱলি লৈ যাব পৰা বাট ।কোনোবাই বোলে বেলি মূৰত উঠাৰ সময়ত এই বাটছোৱাত অপদেৱতাও পায়। এই বাঁহনিডৰাৰ মূৰৰ পৰাই আৰম্ভ হৈছে আমাৰ গাঁওখন । এই ঘাটেৰেই পাৰ হয় এই গাঁৱৰ জনজীৱন ।                          বৰ্তমানে ইয়াৰ নাৱৰীয়াই সৰ্বময়কৰ্তা এই ঘাটৰ ।ঘাটৰ কাষতে প্ৰিয়মৰ ঘৰ । মানুহটোৰ দৰেই চিকুণ তাৰ সৰু জপুৰিটো , সৰু সংসাৰখন । সংসাৰ বুলিয়েই কয় সি তাৰ নাওখন , বঠাপাত আৰু তাৰ লাম-লাকটুবোৰক ।এই ঘাটেৰেই পাৰ হ'ল আমাৰ শৈশৱ-কৈশোৰ ।পাঠশালাৰ পদূলিৰ পৰা কলেজৰ পদূলি পাৰ কৰাই আনিলে এই চামপৰাঘাটে  আৰু এদিন এই    ঘাটেৰেই পাটৰ ওৰণিৰ তলত এখন নতুন ছবি আঁকি এৰি গ'লোঁ এই চামপৰাঘাট । আই-বোপাই নোহোৱা আপোন গাঁওখনলৈ , ওপজা ঘৰখনলৈ আহ-যাহো কমি আহিল ।এতিয়া বয়সো মাঘ-ফাগুনমহীয়া নদীখন হোৱাদি হ'লহি , লগতে মনো ।কিন্ত এই প্ৰিয়ম নাৱৰীয়া ,তাৰতো মই একো আগ-পিছ দেখা নাই । তাহানিও সি মোক পুতুলি বুলি মাতৃ , আজিও মাতিছে ।তেতিয়াও সি মোক নৈ পাৰ কৰাওঁতে মোৰ মূখলৈ চায় চায় বঠা মাৰে , আজিও মাৰিছে । কোনোবাটো সযয়ত  সি বঠা মাৰিবলৈ এৰি দি নাওখনক নিজা ছন্দত গতি কৰিবলৈ এৰি দিয়ে । আজিও দিছে ।আবেলিৰ সুৰুযৰ কিৰণে আগতেও তাৰ উদং বাহু দুটাক চিকমিকনি তোলে , আজিও তাৰ ব্যতিক্ৰম নহ'ল ।কিন্ত আগতকৈ তাৰ যেন ছালৰ চিকমিকনি কমি আহিছে ।তাহানিৰ সেই দিনবোৰত এনেকুৱা সময়ত তাৰ চকুত চকু থ'বলৈ মোৰ মনে নিবিচাৰে ।আঁৰ চকুৰে দেখা তাহানিৰ সেই ছবিখন আজি কিন্ত মোৰ পোনপটীয়াকৈ চাবলৈ সংকোচ নহ'ল । তেতিয়া সি আছিল আজিৰ চফল দুপৰীয়াটোৰ দৰেই চফল ডেকা আৰু আজি সি এতিয়াৰ আবেলিৰ বেলিৰ দৰেই•••।                                   

        নাওখনে এৰি থৈ অহা পানীত , সি মৰা বঠাৰ চাবত বেলিটোৱে যেন খৰীয়া মাছৰ দৰেই লুটিয়ালুটি কৰিছে ।ইয়াৰ লগতে মোৰ মনটোৱেও । সেইদিনা আছিল বুধবাৰ ।এক বিশেষ কাৰণত মই কলেজৰ পৰা ঘৰলৈ সোনকালেই উভতিছিলোঁ । আনদিনাৰ দৰেই সি মোক সিপাৰত দেখি ইপাৰৰ পৰা নাওখন লৈ গৈছিল আৰু ওচৰ পাই সুধিছিল --' পুতুলি আজি দেখোন বেলি নাযাওঁতে আহিলি ?' তাৰ প্ৰশ্নৰ যথাযথ উওৰ পাই সি সন্তুষ্ট হোৱা যেনেই লাগিছিল যদিও তাৰ মনটো যেন কিছু অশান্ত আছিল ।মই নাৱত উঠি বহু সময় বহি থাকোঁতে সি নাও চলোৱা নাছিল । পিছত মই দেৰি হৈছে ব'ল বুলি কোৱাতহে সি নাৱৰ মূৰ ঘূৰাইছিল । নাওখনো যেন আনদিনাতকৈ কিছু চঞ্চল হৈ উঠিছিল । সেইদিনা তাৰ চাৱনিত মোৰ বুকুৰ চাদৰখন সযতনে ল'বলৈ হাতখনে কেইবাবাৰো আগবাঢ়িছিল ।ৰুমালেৰে ঘনে ঘনে মুখ মচিছিলোঁ । সি হয়তো মোৰ ভাব-ভঙ্গিমা ধৰিব পাৰিছিল , সেইবাবেই সি আকৌ আগৰ দৰেই সহজ হৈ পৰিছিল আৰু মই•••••।

নাওখন পাৰত লাগিছিল । মই নাৱৰ পৰা নামিব খোজোঁতেই সি মোক ' পুতুলি ' বুলি মাতিছিল । 'ওঁ ' বুলি মই সহাঁৰি দিছিলোঁ । নাওখনে এটা হেন্দোলনি তুলিছিল ।সেইদিনা তাৰ কিবা এটা হৈছিল ।তাৰ পিছত সি এটাও শব্দ কৰা নাছিল ।ময়ো গুচি আহিলোঁ ।মানোহটো বোলে নগাঁৱৰ ফালৰ ।এইফালৰ বাসুদেৱ বাটচ'ৰা গাঁৱৰ কেও কিছু নাইকিয়া ছোৱালী এজনী বিয়া কৰাই এই ঘাটতে নাৱৰীয়া হৈছিলহি ।ঘাটৰ কাষতে তাৰ ঘৰ ।নাম তাৰ চাকুলা ।চাকুলা নাৱৰীয়া । সেই চাকুলা নাৱৰীয়াৰে পুতেক প্ৰিয়ম । মাক সি সৰু থাকোঁতেই ঢুকাল । সি বুজন হোৱাৰে পিছত দেউতাকো ঢুকাল । চাকুলাৰ হাতৰ বঠাপাত প্ৰিয়মে তুলি ল'লে । প্ৰিয়ম নাৱৰীয়া । তাৰ বয়স হোৱাত গাঁৱৰ সকলোৱে ক'লে --' প্ৰিয়ম , ঘৰখন পাত ।' এদিন আমাৰ ঘৰলৈ সি আহোঁতে আমাৰ পিতায়ে তাক কোৱা শুনিলোঁ---' প্ৰিয়ম , তোৰ বয়স হৈছে , এতিয়া বিয়াখন পাত , যি লাগে সহায় মই কৰিম ।সকলো দিম ।' সি একো নামাতিলে , মাথোঁ চালে , যেন ' আপুনি একো দিব নোৱাৰে ।' পিতায়ে ঠিক কৰা অনুভৱৰ লগত মোৰ বিয়া হৈ গ'ল। অনুভৱৰ ঘৰ নগাওঁ চহৰত ।প্ৰিয়মে নাৱেৰেই ওৰণিৰ তলত মুখ লুকুৱাই চামপৰাঘাট পাৰ হৈ নগাঁও পালোঁহি ।এতিয়া পো-জীয়ে ভৰা মোৰ এখন সুখৰ ঘৰ। তথাপি কিয় জানো, আজি এই মুহূৰ্তত মোৰ তাক সুধিবলৈ বৰকৈ মন গৈছে-- প্ৰিয়ম, তই যে মোক সেইদিনা কিবা এটা ক'ম বুলি ভাবি ক'ব  পৰা নাছিলি, এতিয়া ক'বিনে ? মোৰ শুনিবলৈ বৰ মন গৈছে।                            

    ঃ 'পুতুলি, নাৱৰ পৰা নানাম নেকি ? কি ভাবি আছ অত সময় ?'  তাৰ মাতত মই উচপ খাই উঠিলোঁ। একো ভবা নাই বুলি তাক মিছাকে কৈ খৰ ধৰ কৰি নাৱৰ পৰা নামি গাৱৰ ফালে খোজ দিলো।


Doksiri দকচিৰি, আগষ্ট, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages