ৰক্তস্নান
সবিতা বেগম
বৰপেটা
দা খনেৰে ঘপিয়াই ঘপিয়াই হত্যা কৰিলে জন্মদাতা পিতৃক। চৰিত্ৰহীন পৰকীয়া দস্যু মদাহী পিতৃৰ প্ৰতিবাদ কৰিবলৈ গৈ প্ৰান হেৰুৱাবলগীয়া হয় মাতৃৰ।
কেইমাহ ধৰি ১৫ বছৰীয়া কন্যা ৰিমঝিমৰ ওপৰত কুদৃষ্টি,কু আচৰণ... । প্ৰতিবাদ কৰিলেই বেয়া আচৰণ, অশ্লীল আৰু কটু বাক্য ... মানসিক নিৰ্যাতনত উপায়হীন ৰিমঝিম । উত্তৰ নাপাই শিতানত প্ৰতিদিন দা লৈ টোপনি যোৱাৰ ভাওঁ জুৰি থাকে কাৰণ দৰ্জাখনতো বন্ধ কৰিব নিদিয়েই.... আজি গল্পৰ শেষ দিন..... নিজৰ সতিত্ব ৰক্ষা কৰিবলৈ গৈ প্ৰান ল'ব লগা হ'ল পিতৃৰ।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৩


No comments:
Post a Comment