জুবিন গাৰ্গৰ কবিতা মেটামৰফ’ছিছ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, October 31, 2025

জুবিন গাৰ্গৰ কবিতা মেটামৰফ’ছিছ


 

জুবিন গাৰ্গৰ কবিতা মেটামৰফ’ছিছ


পৱন বৰ্মন 

পাখামাৰা, বাকসা 


মালোচক চেমুৱেল জনছনে (Samuel Johnson) তেওঁৰ “Lives of the Most Eminent English Poets ত ১৭ শতিকাৰ ইংৰাজ কবিসকলৰ এটা গোটৰ কবিতা বৰ্ণনা কৰিবলৈ “Metaphysical poetry /Metaphysical poet” শব্দৰ উদ্ভাৱন কৰিছিল। বিশেষকৈ জন ডনে (John Donne), জৰ্জ হাৰ্বাৰ্ট (George Herbert) ৰ জীৱন, মৃত্যু, ঈশ্বৰ, প্ৰেম, সময় আদিৰ গভীৰ দাৰ্শনিক  চিন্তাৰ কবিতাসমূহক জনছনে Metaphysical Poetry আখ্যা দিছিল।


  John Donne “A valediction: Forbidding mourning” কবিতাটিত লিখিছে

“If they be two, they are two so

As stiff twin compasses are two”


  আনহাতে; Metaphysical poetry ৰ ধাৰা ১৭ শতিকাত ইংলেণ্ডত প্ৰভাৱ বিস্তাৰ কৰিছিল যদিও অসমীয়া কবিতাত এনে গভীৰ দাৰ্শনিক, আধ্যাত্মিক চিন্তা গুৰুদুজনাৰ কবিতাত তাৰ আগৰ পৰাই প্ৰবাহিত হৈ আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ১৫ শতিকাতে লিখি থৈছে-

“মোৰ জীৱন দুঃখৰ সাগৰ। 

নামৰ নৌকাত পাৰ হওক আচৰ।।” (কীৰ্ত্তনঘোষা)

 মাধৱদেৱৰ নামঘোষা আৰু ভক্তিৰত্নাৱলীটো আধ্যাত্মিক, দাৰ্শনিক চিন্তা সাগৰ সম গভীৰ। তেওঁ জীৱন, আত্মা, ঈশ্বৰ, পাপ-পুণ্য, মোক্ষৰ দৰে বিষয়বোৰ কবিতাৰ সুৰেৰে প্ৰকাশ কৰিছে।

“প্ৰকৃত পুৰুষ দুইৰো নিয়ন্তা মাধৱ।

সমস্তৰে আত্মা হৰি পৰম বান্ধৱ।।” (১০৫, নামঘোষা - জ্যোতি প্ৰকাশন, পৃষ্ঠা নং ৮৯)


  ৰোমান্টিক যুগৰ কবি — হেমচন্দ্ৰ গোস্বামী, চন্দ্রকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আদিৰ কাব্যতো দাৰ্শনিক দিশ দেখা যায় , যদিও স্পষ্ট মেটাফিজিক্স ধাৰা তেতিয়া খুব বেছি বিকাশ হোৱা বুলি ক’ব পৰা নাযায়। বা দুই এক তেনে কবিতা লিখা হৈছে যদিও ই চকুত লগা হৈ নুঠিল। 


   বাংলা কাব্য সাহিত্যতো Metaphysical কাব্য দৰ্শন অতি পুৰণি। চৈতন্য মহাপ্রভু, বিদ্যাপতি, চণ্ডীদাস আদিৰ কবিতাত মানৱ প্রেমৰ বন্দনাৰে ঈশ্বৰ-প্ৰেমৰ সন্ধান কৰিছিল — এয়া  Metaphysical চিন্তাধাৰা ।আধুনিক বাংলা কবি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ কবিতা মানৱ আৰু বিশ্বচেতনাৰ ঐক্য “জীৱন-মৃত্যুৰ সীমা  অতিক্ৰম কৰা আত্মসন্ধান" মেটাফিজিক্স ধাৰাৰ  উদাহৰণ। বুদ্ধদেব বসু, সুধীন্দ্রনাথ দত্ত আৰু জীবনানন্দ দাস আদি কবি সকলৰ অধিবিদ্যা চিন্তাৰ পৰিসৰ বিশাল ।জীবনানন্দ দাসৰ কবিতাত অস্তিত্বৰ নিঃসঙ্গতা, সময়, জীৱন-ৰহস্য — আছিল গভীৰ দাৰ্শনিক ইঙ্গিত।


“হাজার বছর ধরে আমি পথ হাঁটিতেছি পৃথিবীর পথে” - (বনলতা সেন, জীবনানন্দ দাস) 

এই উক্তিটোৱেই  Metaphysics ৰ সবল স্থিতি ।

ইয়াত “আমি” মানে কেৱল মানৱ নহয়, অস্তিত্ব বা আত্মা; যি সময় আৰু জন্ম-মৃত্যুৰ সীমা অতিক্ৰম কৰি অনন্ত যাত্ৰালৈ গতি কৰিছে ।

ই “reincarnation”ৰ দাৰ্শনিক ইঙ্গিত।


  এই আলোচনাত জুবিন গাৰ্গৰ দাৰ্শনিক চিন্তা আৰু গভীৰ জীৱনবোধৰ এটা  কবিতাৰ উপলব্ধি উল্লেখনীয় ।কবিতাটি মুঠ আঠটা স্তৱকত শেষ কৰিছে ইয়ো কোনো কাকতলীয় সংযোগ বুলি ক’ব পৰা নাযায়। কবি গাৰ্গৰ প্রাচ্য-পাশ্চাত্য সংগীত তথা দৰ্শনৰ জ্ঞানৰ পৰিসৰ বিশাল। ভাৰতীয় দৰ্শনত “অষ্টচক্ৰ” শব্দৰ বিশেষ মহত্ব আছে। মানৱীয়  দৰ্শনেই কবিতাটিৰ কেন্দ্ৰীয় উপাদান। অতি সাধাৰণ পাঠকেও বিমুখ নোহোৱাকৈ যাতে মৰ্ম উপলব্ধি কৰিব পাৰে সেই কথা লক্ষ্য ৰাখিয়েই তেওঁ কৌশল প্ৰয়োগ কৰি ক’বলগীয়া খিনি ব্যক্ত কৰিছে। 


“ মই যদি ঈশ্বৰ হ’লোহেঁতেন

আজিৰ মানুহ সৃষ্টি কৰা বন্ধ কৰি দিলোহেঁতেন

নতুনকৈ সৃষ্টি কৰিলোহেঁতেন

আৰু এবিধ মানুহৰ দৰে জন্তু,

যি মাৰি কাটি

খাই বৈ শুই জীয়াই নাথাকি

আৰু বহুত কিবাকিবি

কৰিলেহেঁতেন…!” (মেটামৰফ’ছিছ) 


   এই উপলব্ধি কোনো সাধাৰণ উপলব্ধি নহয়, ই যুগতিক্ততাৰ অভিজ্ঞতা আৰু কালৰ প্ৰতি আহ্বান। সময় থাকোঁতে  এই ভণ্ডামি পৰিহাৰ কৰা হওঁক, নহ’লে মানুহ নামৰ যি চেতনা, এই চেতনা সৃষ্টিত কিবা ভুল থাকি গ’ল বুলি সৃষ্টিকৰ্তাইয়ো ভাবিবলৈ বাধ্য হৈ পৰিব! নিজেও মানুহ যদিও কবি গাৰ্গে মানুহৰ কপটতাত ইমানেই বিৰক্ত হৈছে যে তেওঁ beyond physics যদি কিবা শক্তি লাভ কৰে তেনেহ’লে আজিৰ মানুহৰ অস্তিত্ব নোহোৱা কৰি এনে এবিধৰ প্ৰাণী তেওঁ নিৰ্মাণ কৰিব যি মানুহৰ অবয়ব ল’ব কিন্তু মানুহতকৈ বহু উচ্চ যি হ’ব সাৰ্বজনীন। য’ত হিংসাৰ কোনো প্ৰশ্ৰয় নাথাকিব।


“দিলোহেঁতেন এটা মস্তিষ্ক,

যাৰ কাম চিন্তা কৰা শুদ্ধভাৱে

যি মস্তিষ্কত দৌৰিব অনুভূতি, আৱেগ, উচ্চাকাংক্ষা আৰু দূৰদৰ্শনৰ অনিৰ্বাণ

অশ্বমেধ ঘোঁৰা।

যি মস্তিষ্কত আস্ফালিত হ’ব পৰিৱৰ্তন, আৱৰ্তন আৰু নিয়ন্ত্ৰণৰ ন ন সূত্ৰ।” (মেটামৰফ’ছিছ) 


    কবি গাৰ্গ আছিল এগৰাকী প্ৰকৃত খনিকৰ, সেয়েহে তেওঁৰ সৃষ্টিশীলতা জীৱন দৰ্শনৰ এটা অংগ। তেওঁ চিন্তা কৰিছে এই নতুনকৈ সৃষ্টি কৰা জীৱ বিধকো এটা মস্তিষ্ক প্ৰদান কৰিব, যি মস্তিষ্কই সদায় শুদ্ধ চিন্তা কৰিব। আমি যদি কল্পনা কৰি চাও এনে এখন পৃথিৱী যাৰ প্ৰতিটো চিন্তা শুদ্ধ যাৰ প্ৰতিটো কাম কল্যাণময়ী, তেনে এখন পৃথিৱী? এনে নহয় ইয়াত আৱেগ, অনুভূতি নাথাকিব, থাকিব যি সদায় ভৱিষ্যতব্য দূৰদৰ্শী। ইয়াতেই কবিৰ আধ্যাত্মিক আৰু দৰ্শনীয় দৃষ্টিভংগী চমক লগা বুলিব পাৰি। কবি এনেই কল্প ৰাজ্যত ভ্ৰমি  ফুৰা নাই, ইয়াত ‘অশ্বমেধ’ আৰু ‘সূত্ৰ’ শব্দৰ প্ৰয়োগ আকৰ্ষণীয়। যি বৈদিক যুগৰ আধ্যাত্মিকতা লগতে বিজ্ঞানৰ আৱিস্কাৰক প্ৰতিনিধিত্ব কৰিছে ।


“দিলোহেঁতেন আৰু এযুৰি High-Power চকু

যাৰ মাজেদি সকলো

সঁচা বস্তু দৃশ্যমান

দিলোহেঁতেন দুখন Extra কাণ... 

শুনিবলৈ সকলো অস্ফুট শব্দ, উশাহ নিশাহ 

হুমুনিয়াহ, হতাশা আৰু সময়ৰ পদধ্বনি…”

(মেটামৰফ'ছিছ) 


  আমাৰ সকলোৰে এযোৰ চকু আছে কিন্তু আমি কিমানে এই চকুযুৰিৰ সত ব্যৱহাৰ কৰিছোঁ ? দিনে-নিশাই চলনা কৰি ফুৰিছোঁ। আমি যেন সঁচাবোৰ নেদেখা হৈ পৰিছোঁ। ক্ষমতাই আমাক অন্ধ কৰি পেলাইছে। প্ৰকৃতিৰ বুকুত কেৱল লুণ্ঠন কৰিছোঁ, কেতিয়াও গছবোৰৰ দুখ দেখা নাই, শুনা নাই নৈৰ কান্দোন। গতিকে কবিয়ে এনে এযোৰ দিব্য চকুৰ কল্পনা কৰিছে যি বিশ্বকল্যাণৰ বাবে সকলো চিনিব পাৰিব। আৰু থাকিব দুখন কাণ যি পাৰ্থিৱ, অপাৰ্থিৱ সকলোলোৰে আবেগ অনুভূতি শুনিব, যি শব্দৰে  ক’ব নোৱাৰে সেই ভাষা বুজিব, শুনিব প্ৰকৃতিৰ অকৃত্ৰিম মৰমৰ উশাহ যি আজিৰ মানুহে নুশুনে নুবুজে সেই ভাষা বুজিব। আচলতে কবি আজিৰ মানুহক জনাব বিচাৰিছে কেনেকৈ আমি চকু থাকি অন্ধ হৈ পৰিছোঁ কাণ থাকিও কলা হৈ পৰিছোঁ। মানৱীয় দৰ্শনতো কোনোকালে এনেকুৱা নাছিল।

“দিলোহেঁতেন এটা সুন্দৰ নিপোটল নাক

যাৰ কাম কেৱল উশাহ লোৱা নহয়,

যি শুঙিব পাৰে সকলো দুৰ্গন্ধ 

মানুহৰ গাৰ, মনৰ, দেশৰ, পৰিৱেশৰ” - (মেটামৰফ’ছিছ) 


আজিৰ মানুহৰ নাকটো কেৱেল উশাহ ল’ব বাবেই আছে, যাৰ বাবে মানু্হক নাকটো সৃষ্টিকৰ্তাই প্ৰদান কৰিছিল মানুহে যেন ইয়াৰ প্ৰয়োগ পাহৰি হৈছে। মানুহেই আচলতে চিন্তা কৰিব পাৰে কি শুদ্ধ কি অশুদ্ধ কিন্তু কবি আচৰিত হৈছে মানুহ কেনেকৈ ইমান নিষ্ঠুৰ হ’ব পাৰে? কবিয়ে কল্পনা কৰিছে এনে এটি প্ৰাণী যি দেশৰ, সমাজৰ, মানুহৰ, পৰিৱেশৰ সকলো দুৰ্গন্ধ নিকা কৰি ৰাখিব।


“দিলোহেঁতেন এখন মুখ আৰু এটা ডিঙি,

যাৰ শব্দই নমাব পাৰে ব্ৰহ্ম,

ভেদিব পাৰে সকলো মিথ্যা আৰু অমানৱীয়তা 

দিলোহেতেন এযোৰ বাহু

এহেজাৰ ভীমৰ শকতিৰে ভৰপূৰ 

যি আঁজুৰি আনিব পাৰে সকলো ভুল,

সকলো দুষ্কৃতি।” - (মেটামৰফ’ছিছ) 

  ব্ৰহ্ম উপনিষদীয় দৰ্শনৰ এক কেন্দ্ৰীয় ধাৰণা। ই এক চিৰন্তন চেতনা। কবিৰ দৰ্শনত মানুহৰ কন্ঠ চিৰন্তন সত্য হোৱা উচিত। য’ত মিছাৰ কোনো আশ্ৰয় থকা উচিত নহয়।কবিৰ দৃষ্টিত প্ৰতিজন মানুহেই ব্ৰহ্ম হোৱা উচিত। মানুহৰ সেই শক্তি আছে যি সকলো দুষ্কাৰ্য নোহোৱা কৰি দিব পাৰে কিন্তু পৰিতাপৰ কথা আজিৰ মানুহেই এই সুন্দৰ পৃথিৱীখনত দুষ্কাৰ্য সংঘটিত কৰি ফুৰিছে সেয়েহে কবি এনে কিছু মানুহৰ কল্পনা কৰিছে যি সকলো দুষ্কাৰ্য, সকলো ভুল অনুধাৱন কৰিব পাৰে। 


“দিলোহেঁতেন এখনি বুকু 

আকাশৰ দৰে উদাৰ

সাগৰৰ দৰে বিশাল...

য'ত নাথাকে কপটতা 

যিখন বুকুত আশ্ৰয় পাব হেজাৰ মানুহৰ 

দুখ, সুখ আৰু সপোনে।

দিলোহেঁতেন এটা পেট 

যি কেৱল খাবলৈ নিশিকি

এৰিবলৈও শিকিব আনৰ বাবে… (মেটামৰফ’ছিছ) 


   কবি গাৰ্গে জীৱন কালত অকল মানুহৰ বাবে, প্ৰকৃতিৰ বাবে কাম কৰিছিল। মানুহ, পশু, চৰাই-চিৰিকতি দুখ-যন্ত্ৰণা বুজিছিল। তেওঁ বিচাৰিছিল পৃথিৱীৰ প্ৰতিজন মানুহ মানুহৰ বাবে হওক প্ৰেৰণা, প্ৰেম আৰু প্ৰেমৰ সাগৰ ।অকল নিজৰ বাবে চিন্তা নকৰি প্ৰকৃতিৰ সকলোৰে বাবে চিন্তাশীল হওক। তেনে এখন বিশ্ব-সমাজ গঢ়িব বিচাৰিছিল। 


“দিলোহেঁতেন এটা যৌনাংগ য’ত 

কিলবিলাই থাকিব সহস্ৰ বুদ্ধৰ বীৰ্য

দিলোহেতেন দুখন ভৰি দৌৰিবলৈ

ভৱিষ্যতৰ বাবে, সুন্দৰ বসন্তলৈ 

যাৰ স’তে ধাৱমান হ’ব 

অলেখ অযুত সপোন, উদিত সূৰ্যৰ

ৰঙীন আভাৰ স’তে বিলীন হ’বলৈ” (মেটামৰফ’ছিছ) 


   এখন পৃথিৱী য’ত প্ৰতিজন মানুহ বুদ্ধ! প্ৰতিগৰাকী মানুহেই মানৱজীৱনৰ দুঃখ, দুখৰ কাৰণ আৰু মুক্তিৰ পথৰ বিষয়ে গভীৰ সত্যৰ অনুসন্ধান কৰিব। এৰাই চলিব হিংসা, বাচি ল’ব অহিংসা আৰু কৰুণাৰ পথ। নিজৰ জ্ঞান আৰু কৰ্মৰ দ্বাৰা আগবাঢ়িব মানৱীয় মুক্তি আৰু নৈতিক উন্নতিৰ পথত। কবি চিত্ৰাংকন কৰিছে এনে এখন সমাজৰ। সেয়েহে কৈছে যি সন্তান জন্ম হ’ব সকলো হ’ব বুদ্ধ। আমাৰ মনে ধৰে এনে চিন্তা কেৱল বুদ্ধইহে কৰিব পাৰে ।


“কিন্তু মই ঈশ্বৰ হ’ব নোৱাৰোঁ

মোৰ সময় নাই 

মই সীমাবদ্ধ

নিজৰ মাজত, জীৱনৰ দীনতাৰ মাজত 

মোক বেয়া নাপাবা।। “ (মেটামৰফ'ছিছ) 


  এয়া অসহায় স্বীকাৰোক্তি। আজিৰ মানুহ যেন কেৱল নিজৰ মাজত আৱদ্ধ। ভোগবাদী দুনিয়াত কেৱল নিজৰ সুখ আৰু সম্ভোগৰ বাহিৰে একো নিচিনে। 


   সংগীতৰ মহাৰথী জুবিন গাৰ্গ কাব্য সাহিত্যতো বিশেষ স্থানৰ অধিকাৰী আছিল। “শব্দ অনুভূতি” (২০০৯), “জুবিনৰ পদ্য” (২০১৮), “জুবিনৰ পদ্য” (২০২০, দ্বিতীয় সংস্কৰণ) আদি কবিতা পুথিৰে অসমীয়া কাব্য সাহিত্যৰ পথাৰ চহকী কৰি থৈছে। উল্লেখিত কবিতাটি শব্দ অনুভূতি কাব্যগ্রন্থ খনত সন্নিৱিষ্ট আছে। গাৰ্গৰ প্ৰায়বোৰ কবিতাতেই  দৰ্শন দেখিবলৈ পোৱা যায় যদিও কবিতাৰ প্ৰকাশভংগী সৰল। শব্দৰ খেলখনত পাকৈত কবি শিল্পী গাৰ্গে বহুকেইটা ভাষাৰ ওপৰত গভীৰ জ্ঞান ৰাখিছিল। দাৰ্শনিক চিন্তাবোৰ কৌশলেৰে সকলো শ্ৰেণীৰ পাঠকক মাজলৈ লৈ যাব পৰাটো জুবিন গাৰ্গৰ কবিতাৰ স্বকীয় বৈশিষ্ট্য।


    গণশিল্পী জুবিন গাৰ্গৰ বিষয়ে এষাৰ কোৱা এয়া ধৃষ্টতা মাথোঁ। জীৱিত কালত গাৰ্গে দেখুৱাই থৈ গৈছে প্ৰকৃতাৰ্থত মানুহ কি! সংগীতক সাৰথি কৰি ওৰে জীৱন জাত-পাত, ধৰ্ম-বৰ্ণ অবিহনে মানুহৰ বাবে, প্ৰকৃতিৰ বাবে, পৃথিৱীৰ অন্য জীৱ-জন্তুৰ বাবে কাম কৰি গৈছিল সেয়েহে তেখেতৰ সাম্ৰাজ্যৰ প্ৰতিজন মানুহৰ অন্তৰত বাস কৰি আহিছে।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages