কল্পনা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, October 31, 2023

কল্পনা

 


কল্পনা


             দীপ্তি ঠাকুৰ গোস্বামী

     দাদৰা আৰু নগৰ হাভেলি


মোৰ হৃদয়ৰ গোপন কক্ষৰ

জীৱনৰ সাঁচতীয়া সপোন

মধুৰ আলিংগনৰ উমাল পৰশ

শান্তিৰ পৃথিৱীত

অবুজ ভাষাৰ

এটি ছায়া

পাহাৰ ভৈয়ামেৰে বৈ অহা স্ৰোতস্বিনী

পলাশৰ সাৰুৱা ভূমিত

ঠন ধৰি উঠে‌ মোৰ কঠীয়াডৰা

ৰঙীন মনৰ ৰঙীন চোলাৰে

জাক জাক শিশুৰ মিঠা হাঁহিবোৰ

পবিত্ৰ সৰোবৰৰ এখন পদুমৰ বাগিছা

উদিত সূয্যৰ কোমল ৰেঙনিত উজ্বলি উঠে

ধৰ্ম কৰ্মৰ সুন্দৰ প্ৰতিচ্ছবি

হিয়াৰ মণিকোঠাত

জীৱন নদীৰ সোঁতে সোঁতে 

সমন্বয়ৰ চিত্ৰ অংকন কৰি

আই অসমীৰ হিয়া জুৰাম

বালুকাত ঘৰ সাজি

সপোন সাগৰৰ কল্লোল

নৈৰাশ্যৰ দৃশ্যৰ ঋণাত্মক দিশৰ শেষ বিদায়

দিবাস্বপ্ন মোৰ মানসপটত

দীপাধাৰাৰ ওপৰত এগছি শান্তিৰ বন্তি দীপ্যমান

মায়াময় পৃথিৱীত প্ৰেমৰ খোজ

মোৰ সুকোমল সেউজী দলিচাত

কেনভাচত মোৰ নতুন দিনৰ নতুন চিত্ৰ

বটবৃক্ষৰ তলত একত্ৰিত হোৱাৰ

বাস্তৱত কল্পনা মোৰ ওৰেটো জীৱন।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages