এন্দুৰ
ববিতা দাস
তামুলপুৰ
এটা প্ৰকাণ্ড এন্দুৰে কুটি কুটি খাইছে
সপোন
টোপনি
ঘৰৰ চাল
বিচনাৰ মলিন চাদৰ
চকুপানীৰ দাগ লগা কম্বল খনৰ কমি হাড় বোৰ।।
নিয়ৰত সেমেকা কৰাত
ফুৱাই ফুৱাই উঠাবো পৰা নাই উত্তাপ
খেতিয়ক পিতাকৰ মই বাঢ়ি অহা এটি দউঃস্বপ্ন
জুইয়ে পোৰা সোনৰ দৰে তেওঁৰ চকু দুটা
এতিয়া শেঁতা পৰিছে উৱলি যোৱা সপোনৰ ভিৰত
বুকুৰ কামিহাড় গনিব পাৰি,গনিব নোৱাৰি ভোকৰ অংক
প্ৰকাণ্ড এন্দুৰ জাকে তেওঁৰ হেপাঁহৰ বজাৰ খনত সোমাই
কুটি কুটি খাইছে তেওঁৰ তেজৰ প্ৰাপ্য বোৰ
কপালৰ ঘামৰ প্ৰাপ্য বোৰ
ক্ৰমান্বয়ে বাঢ়ি গৈ আছে এন্দুৰটোৰ আকাৰ ।।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:
Post a Comment