কবি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, October 31, 2023

কবি



 কবি 


          পৱন বৰ্মন


গুণীয়ে কয় অসমৰ মাটি-পানী কবিৰ বাবে ভাল। কথাটো নোহোৱাও নহয়।


কবিৰ মূল্যহে বৰ কম। 

কবি সকলোৰে প্ৰিয় নহয়। ৰাজভোগত কবি প্ৰায় নিষিদ্ধ।কেতিয়াবাহে দুই-একৰ সৌভাগ্য হয়। 

কবিৰ আছে বহু উপকাৰী গুণ, কথাটি নজনা নহয়। কিছুলোকৰ বাবে কবি হেনো গেছৰো কাৰণ(?) 

অৱশ্যে কথাটো শুনিছোহে।


মূল্য কম, হ'লেও এই মাটি কবিৰ প্ৰিয়। লহ-পহকৈ বাঢ়ে। লালনৰ অভাৱত বহু কবি মৰহি যায়। বহু কবি পচি যায়। দুই-একে তাৰ মাজতো পথাৰ শুৱায়। 


এঠাইত পালোঁ কবিৰ মূল্য ক'ৰবাত ৩০০, ক'ৰবাত ২৫০ । বচা বচা কবিৰ, বাকী পেলনীয়া (?)

যা হওক চাউল পাঁচ কেজি পোৱা যাব। 


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages