কবি
পৱন বৰ্মন
গুণীয়ে কয় অসমৰ মাটি-পানী কবিৰ বাবে ভাল। কথাটো নোহোৱাও নহয়।
কবিৰ মূল্যহে বৰ কম।
কবি সকলোৰে প্ৰিয় নহয়। ৰাজভোগত কবি প্ৰায় নিষিদ্ধ।কেতিয়াবাহে দুই-একৰ সৌভাগ্য হয়।
কবিৰ আছে বহু উপকাৰী গুণ, কথাটি নজনা নহয়। কিছুলোকৰ বাবে কবি হেনো গেছৰো কাৰণ(?)
অৱশ্যে কথাটো শুনিছোহে।
মূল্য কম, হ'লেও এই মাটি কবিৰ প্ৰিয়। লহ-পহকৈ বাঢ়ে। লালনৰ অভাৱত বহু কবি মৰহি যায়। বহু কবি পচি যায়। দুই-একে তাৰ মাজতো পথাৰ শুৱায়।
এঠাইত পালোঁ কবিৰ মূল্য ক'ৰবাত ৩০০, ক'ৰবাত ২৫০ । বচা বচা কবিৰ, বাকী পেলনীয়া (?)
যা হওক চাউল পাঁচ কেজি পোৱা যাব।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:
Post a Comment