শেৱালি নুফুলিল এইবেলিও
ৰুমী দেৱী
ডিব্ৰুগড়
শেৱালি নুফুলিল
এইবেলিও
তলভৰা শেৱালি
বুটলিবলৈ
সযতনে ৰাখিছিলো
কৰণি ।
গোটাই থৈছিলো
বহল এখনি দলিছা
বহুত হেঁপাহ
আৰু আশাৰে
বাট চাইছিলো
শেৱালি জুপিলৈ ।
ফুল নুফুলিল ডালত ।
আহিল ধুমুহা
ধুমুহাই তচ নচ কৰা
শেৱালি জুপি
এৰি থৈ আহিলো
দুখৰ কৰণি ভৰাই।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩
No comments:
Post a Comment