আঘোণ
দেবিকা দত্ত
মঙ্গলদৈ
শেষৰাতিৰ কুঁৱলীৰ চকুপানী তেতিয়াও শুকোৱা নাছিল ।
তিতি থকা বাদামী নৰানিৰ মাজত
উদঙত দিয়া দুপৰীয়াটো বিচাৰি আছিলোঁ
আৰু ঠিক তেতিয়াই থতমত খাই ৰৈ গৈছিলোঁ ।
ধমনীত তেজৰ বাঢ়ি অহা সোঁত ।
জৰাটেঙাৰ মঙহহাল বুকুত
আঘোণৰ মসৃণ গাল ।
এটা এ'ৰটিক সপোন দেখাৰ পিছত ঘামি অহা ।
খপজপাই আঁতৰি আহোঁ ।
নখোৱাৰ উচ্ছিষ্টত উজুতি খোৱা আঙুলি ।
তেজ লাগি অহা ।
হালধী আৰু তেল লাগি থকা কলপটুৱাবোৰৰ ভিৰত দিনটো চটফটাই থাকিল ।
এই দিনটো আন দিনবোৰৰ দৰেই আছিল ।
ডিচেম্বৰৰ দিন । আঠ ডিচেম্বৰ ।
বাতৰিকাকতখন পঢ়ি উঠাৰ পিছতো বিশেষ যেন লাগি অহা নাছিল ।
কেৱল পঞ্চৰতনৰ কেলেন্দাৰখনে পুহলৈ যোৱাৰ যোজা কৰি আছিল ।
ধানৰ ডাঙৰিবোৰেই বুকুত কঢ়িয়াই আছিলোঁ।
সঁচাকৈয়ে আঘোণ যাবৰ হোৱা নাই এথোন ।
অথচ খবৰবোৰ অহাৰ পৰা
এটাৰ পিছত এটাকৈ অহা খবৰবোৰ যে
আমাৰ কাৰণে আঘোণ এক মাহ হৈ থাকিল ।
অকল এটা মাহ
তেনেই সহজ ।
চুঙাপিঠাৰ গুৰিবোৰ সৰকি যোৱাকৈ মোকাল বাঁহবোৰে হাওঁফাওঁৰ অসুখত ভুগিছে ।
আৰু যিসময়ত পকি অহা জৰাটেঙাত আঘোণ পিছলি থাকে
মেধিপুখুৰীৰ পাৰত শিশুটোৱে মাটিৰ চৰুটো ভাঙি পুৰুষ হোৱাৰ আখৰা কৰে ।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩
No comments:
Post a Comment