শৰতৰ শেৱালি
সীমা প্ৰধান
শৰত আহিছে...
শেৱালিৰ সুৱাসে বুকুত আলোড়ন তুলিছে...
গছে-বনে সৰি পৰা নিয়ৰৰ টোপালবোৰে
আইৰ পদুলিলৈ ৰিঙিয়াই মাতিছে৷
সোঁৱৰণিৰ পৰা শৈশৱো হুহুৰি বজাই উঠি আহিছে৷
চাৰিওফালে উছৱৰ গান
শৰত আমাৰ প্ৰাণ...
চেঁচা বতাহজাকে গালে মুখে সানি দিছে কিছু নোকোৱা আৱেগ
ওৰে ৰাতি আমোলমোল শেৱালিৰ সুৱাসে ঋতু এটাক
নিচুকাই আছে৷
পূজাৰ ৰঙীন বেলুনবোৰ আকৌ আকাশত উৰিব
সৰি পৰা শেৱালিবোৰে
ন ন কাহিনী ৰচিব...
পদুলি মুখত দোকমোকালি মুঠি মুঠি শুভ্ৰ শেৱালি
শেৱালি অ’ শৰতৰ শেৱালি
মোৰ বুকুজুৰি এতিয়া
উচৱৰ গীত সুমধুৰ
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩
No comments:
Post a Comment