নীলা খামৰ চিঠি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, October 1, 2023

নীলা খামৰ চিঠি


 

নীলা খামৰ চিঠি 

নাজমিনা মজিদ

ধুবুৰী


প্ৰতি,

    গোলাপ ভালপোৱা ল'ৰাজন। তোমালৈ চিঠি লিখো বুলি কলমটো হাতত ল'লোঁ। ঈশ্বৰৰ কৃপাত কুশলে আছা নিশ্চয়। মোৰো বহুত ভাল।  শৰতৰ আগমনত শেৱালিয়ে শাৰদীয় মেখেলা-চাদৰ পিন্ধি আৱেগত আত্মাহাৰা। যেন শৰতক দেখা পাই শেৱালীৰ আনন্দ দ্বি-গুণে বাঢ়িছে । দুয়োৰে দ্বৈত কণ্ঠত যেন শুনা পোৱা গ'ল অপেক্ষাৰ যে মাদকতা কিমান ! জানা ব্যস্ত জীৱন। এইশাৰী বাক্য তোমাৰ বাবে । হ'লেওঁ মন যায় জানা কহুৱাৰ লাহী কঁকালৰ নাচনৰ তালে-তালে সুন্দৰ এফাকি শৰতৰ গীত গাবলৈ । আচ্ছা… কোৱাচোন শৰৎ কাল তোমাৰ প্ৰিয় নে….? হা: হা: জানিওঁ নজনাৰ ভাওঁ জুৰি কেতিয়াবা ভাল লাগে দিয়া । এইটো কথালৈ অভিমান নকৰিবা আকৌ..! 

    তোমাৰ ভাল লগা-বেয়া লগা তালিকাখন মই নাজানিম নে !! পিছে মোৰ ভাললগা বস্তুবোৰৰ তালিকাখন তুমি চাগৈ নাজানা কেতিয়াওঁ দেখাওঁ নাই তুমি । দীঘলকৈ থকা ভাললগা বস্তুবোৰৰ তালিকা খনৰ পৰা কেইপদমান বস্তু কমালো আজি-কালি। জীৱন আৰু সংগ্ৰাম এটা মূদ্ৰাৰ ইপিঠি-সিপিঠি তুমিয়েই চোন সুন্দৰ এটা বাৰ্তা দিয়া যুৱ সমাজক । সৎ পথত সঠিক ভাৱে চলা ঈশ্বৰে সকল মনোবাঞ্ছা পূৰণ কৰিব তোমাৰ। কেতিয়াবা লগ পাম নিশ্চয় গ্ৰন্থ মেলাত নতুবা কোনো এখন বিপনিত কলম কিনোতে। কবিতা লিখিবলৈ কলমটোয়েই প্ৰেৰণাৰ উৎস নহয় জানো…..!!!!


        আজিলৈ ইমানেই দেই । ভালে থাকা ঈশ্বৰে সকল মনোবাঞ্ছা পূৰণ কৰক তোমাৰ। প্ৰিয় ডাকোৱালে চিঠিখন তোমাৰ ঠিকনাত দি থৈ আহিব ।    

                  ইতি,

শুভাকাংক্ষী  দুৱৰা                      

ঠিকনা : চিনাকি কলেজ ৰোড

সময় : এটি মায়াৱী সন্ধিয়া


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages