চৰকাৰী শিক্ষা আৰু ব্যক্তিগত খণ্ডৰ শিক্ষাৰ কিছু তুলনা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, October 1, 2023

চৰকাৰী শিক্ষা আৰু ব্যক্তিগত খণ্ডৰ শিক্ষাৰ কিছু তুলনা


 

চৰকাৰী শিক্ষা আৰু ব্যক্তিগত খণ্ডৰ শিক্ষাৰ কিছু তুলনাঃ


বাহাৰুল ইছলাম

শিক্ষক

বালিজান, মৰিগাঁও


    সাম্প্রতিক সময়ত  নিজৰ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰিব নে চৰকাৰী বিদ্যালয়ত নাম ভৰ্তি কৰিব সেয়া লৈ বহুত চিন্তা বিশেষকৈ সচেতন অভিভাৱক- অভিভাবিকা সকলৰ। ক'ত শিক্ষা ব্যবস্থা ভাল ক'ত বেয়া এই সকলোবোৰ চিন্তা চৰ্চা কৰি হয়তো সন্তানক নামভৰ্তি কৰে। অৱশ্যে সেয়া বিচাৰ্য বিষয় কিয়নো আজিৰ প্ৰতিযোগিতাৰ যুগত সকলোৱে বিচাৰে আপোন সন্তানক কেনেকৈ প্ৰতিষ্ঠিত কৰিব। চৰকাৰী বিদ্যালয় আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাজত পাৰ্থক্যবোৰ সকলোৱে অৱগত, তাৰে কিছু পার্থক্য তলত উল্লেখ কৰা হ'ল- 

১) ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত যিকোনো বিষয়ত ক্ষীপ্ৰ সিদ্ধান্ত গ্রহণ কৰিব পাৰে যিটো চৰকাৰী খণ্ডত নোৱাৰি।

 ২) ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ছাত্ৰ অনুপাতে শিক্ষকৰ ব্যৱস্থাও আছে যিটো অধিকাংশ চৰকাৰী বিদ্যালয়ত নাই ৷ বিশেষকৈ প্ৰাথমিক বিদ্যালয়বোৰত এজন বা দুজন শিক্ষকেই আটাইকেইটা বিষয়ৰ পাঠদান কৰিবলগীয়া হয় ৷ শিক্ষকৰ সংখ্যাৰ ওপৰতো গুণগত শিক্ষা নিৰ্ভৰ কৰে। 

৩) শিক্ষাৰ সফলতা নিৰ্ভৰ কৰে শিক্ষাৰ্থী,শিক্ষক আৰু অভিভাৱক তথা অভিভাৱিকাৰ ওপৰত। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলৰ লগতে অভিভাৱক সকলেও বিদ্যালয়ৰ নিয়মানুৱৰ্তিতা আৰু কঠোৰ অনুশাসন মানি চলে যিটো চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ক্ষেত্ৰত একেবাৰেই দেখা নাযায় ৷  অভিভাৱকৰ অসচেতনতা আৰু অমনোযোগিতাৰ বাবে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলৰ উপস্থিতিৰ হাৰ যথেষ্ট কম ৷ ইফালে নিজৰ সন্তান কি পঢ়িছে, কি শিকাইছে, পঢ়িছে নে নাই অধিক সংখ্যক অভিভাৱকে সেয়া খবৰ নাৰাখে আনকি নিজৰ সন্তানে পঢ়ি থকা শ্ৰেণীৰ নাম নজনা অনেক অভিভাৱক নথকা নহয়। 

৪) অনুশাসন বিশেষকৈ শিক্ষাৰ নামত কিছু হ'লেও শাস্তিৰ প্ৰয়োজন নথকা নহয়,সেয়াও চৰকাৰী খণ্ডত একেবাৰেই নাইকিয়া হ'ল । পৰীক্ষাত অনুৰ্ত্তীণৰ নীতি সম্পূর্ণভাবে উঠোৱাৰ বাবে চৰকাৰী বিদ্যালয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা পিছ পৰি থকাটো এটা কাৰক বুলি ক'ব পাৰি। 

৫) বছৰৰ সম্পূৰ্ণ দিন পাঠদান কৰিবলৈ সুবিধা পোৱা ব্যক্তিগত বিদ্যালয়ৰ শিক্ষকসকলে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ শিক্ষকসকলৰ দৰে বিভিন্ন চৰকাৰী কামকাজত জড়িত হ'বলগীয়া নহয় ৷ লোকপিয়ল, নিৰ্বাচন, এন, আৰ, চি, আধাৰ কাৰ্ড, ভেকচিনকে, জৰুৰীকালীন সেৱা আদি কৰি বিভিন্ন চৰকাৰী কামত নিয়োগ কৰে, ফলত চৰকাৰী কৰ্মচাৰীৰ বছৰৰ ভালেমান শৈক্ষিক দিনৰ অৱনতি হয়। 

৬) ইংৰাজী ভাষাৰ প্ৰতি থকা বিশেষ দৃষ্টিয়েও চৰকাৰী খণ্ডত কিছু প্ৰভাৱ পেলাইছে। বিশেষকৈ অসমৰ দৰে ৰাজ্যখনত চৰকাৰী খণ্ডত ইংৰাজী ভাষাৰ বিদ্যালয়ৰ সংখ্যা অতি তাকৰ। 

৭) আর্থিকভাৱে অতি স্বচ্চল বা অর্থৱান অভিভাৱকে গাঁও, চহৰ সকলোতে নিজ নিজ ল’ৰা-ছোৱালীক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ুওৱাৰ হাবিয়াস৷ ইয়াক উপেক্ষা বা উলাই কৰিব নোৱাৰি৷ হয়তো বহুতে দুখীয়া ছাত্র-ছাত্ৰীৰ লগত একেলগে পঢ়ুৱাৰ ফলত নিম্নগামী শিক্ষা হোৱাৰ সন্দেহ পোষণ কৰে। তেওঁলোকে নিজৰ সন্তানক চৰকাৰী বিদ্যালয়তকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত দি টিউচনৰ ব্যৱস্থা কৰি উন্নত ফলাফলৰ আশা পোষণ কৰে। 

৮) চৰকাৰী বিদ্যালয়ৰ ক্ষেত্রত বন্ধ দিনৰ সংখ্যা  ব্যক্তিগত খণ্ডৰ বিদ্যালয়তকৈ কিছু হলেও বেছি। 

৯) আন্ত:গাঁথনি কিছুমান চৰকাৰী বিদ্যালয়ত কম যিটোৱে শৈক্ষিক দিশত প্ৰভাৱ পেলায়। মধ্যাহ্ন ভোজন যদিও দুখীয়া ছাত্র-ছাত্ৰীৰ বাবে ভাল কিন্তু ইয়াতো যথেষ্ট সময় নষ্ট হয়। 

১০) বয়সৰ স্পষ্ট বাধা নথকাৰ হেতুকে পঢ়াৰ ঘাটি কিছু থাকি যায় চৰকাৰী বিদ্যালয়ৰ কিছু শিক্ষাৰ্থীৰ যিটোৱে পিছৰ পৰ্যায়তো মেধাৰ ক্ষেত্রত বাধা হয়। 


     বৰ্তমান যদিও ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শৈক্ষিক ফলাফল চৰকাৰী বিদ্যালয়তকৈ কিছু বেছি হ'লেও এই ব্যৱস্থা সম্পূর্ণ ক্ৰটিপূৰ্ণ নহয়। ব্যক্তিগত শিক্ষা ব্যবস্থাৰ কিছু অসুবিধা উল্লেখ কৰা হ'ল -


১) ব্যক্তিগত শিক্ষাই গুণগত শিক্ষা প্ৰদান কৰা বুলি নিশ্চিত কৰিব নোৱাৰে কিয়নো এই ব্যৱস্থাত শিক্ষাৰ্থীক

পৰীক্ষাত ভাল ফলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হয় জ্ঞান অর্জনেৰ ওপৰত গুৰুত্ব কম দি হলেও। (অৱশ্যে সকলো বিদ্যালয় নহয়) 

২) ৰাজহুৱা খণ্ডই সমাজৰ দূৰ্বল শ্ৰেণী যেনে: অনুসূচীত জাতি/জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আদিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে। কিন্তু, ব্যক্তিগত শিক্ষাই সমাজৰ দূৰ্বল শ্ৰেণীৰ শিশুৰ ক্ষেত্ৰত নিশ্চয়তা প্ৰদান কৰিব নোৱাৰে। 

৩) ব্যক্তিগতকৰণ শিক্ষাৰ ক্ষেত্ৰত কোনো মাচুলৰ সীমাৱদ্ধতা নাই। অভিভাৱক-অভিভাৱিকা সকলৰ আৰ্থিক বাবে জুৰুলা কৰি দিয়ে অন্যহাতে চৰকাৰী শিক্ষা খণ্ডত সম্পূর্ণ বিনামূলীয়াকৈ শিক্ষা গ্রহণৰ সুবিধা লাভ কৰে। 

৪) ব্যক্তিগত শিক্ষাৰ ক্ষেত্ৰত শিক্ষক বা দক্ষ ব্যক্তিসকলৰ কোনো ধৰাবন্ধা আদৰ্শ বা প্ৰশিক্ষণ নাই আনহাতে চৰকাৰী খণ্ডত বাধ্যতামূলক প্ৰশিক্ষণৰ ব্যবস্থা আছে যিটো খুবেই জৰুৰী। 

৫) ব্যক্তিগত শিক্ষাই কেৱল ডিগ্ৰী/ডিপ্লমাৰ বাবেহে যেন শিক্ষা প্ৰদান কৰে। ইয়াত বাস্তৱ জীৱনৰ লগত সঙ্গতি ৰাখি কামৰ ব্যৱস্থা কৰাটো খুব কম পৰিলক্ষিত হয়। 

৬) চৰকাৰী বিদ্যালয়ৰ বেছিভাগ শিক্ষক ব্যক্তিগত খণ্ডৰ শিক্ষকৰ তুলনাত অধিক ডিগ্রীধাৰী আৰু বেছি প্ৰশিক্ষণ প্ৰাপ্ত। 


মানসিকতাঃ


    চৰকাৰী শিক্ষা ব্যবস্থাৰ কিছু কিছু ক্ষেত্রত কিছু দুৰ্বলতা দেখা পায়ে ইয়াৰ সঠিক সমাধান নিবিচাৰি ব্যক্তিগত শিক্ষা ব্যবস্থাৰ প্ৰতি সহজতে ঢাপলি মেলা, যিটো হয়তো হ'ব নালাগিছিল,হৈ গ'ল। সচেতন মহলৰ অমনোযোগিতা, কিছু শিক্ষকৰ গাফিলতি আৰু চৰকাৰৰ সদিচ্ছাৰ অভাৱেই ইয়াৰ মুল কাৰণ বুলি ক'ব পাৰি। বিভিন্ন দিশত চালি জাৰি চালে দেখা পাও যে, যদি চৰকাৰে কিম্বা বৌদ্ধিক মহলে ব্যক্তিগত খণ্ডৰ পাৰ্দুভাৱৰ প্ৰাৰম্ভিক ক্ষণত চৰকাৰী খণ্ডৰ আসোঁৱাহ নাইকিয়া কৰিবলৈ আপ্রাণ প্ৰয়াস কৰিলেহেতেন হয়তো আজি  শিক্ষাৰ ব্যক্তিগত কৰণৰ প্ৰক্ৰিয়া নিম্নমুখী হ'লহেতেন। শিক্ষাৰ্থী অনুপাতে শিক্ষক, জনসাধাৰণৰ সজাগতা, শিক্ষকৰ কৰ্তব্য সুচাৰুৰূপে পালন আদি কৰিলে নিশ্চয় চৰকাৰী বিদ্যালয়ৰ শৈক্ষিক দিশ বহুত উন্নত আশা কৰিব পাৰি। 

      শিক্ষাৰ মূল ভেটি প্ৰাথমিক স্তৰৰ শিক্ষাত বেছি গুৰুত্ব দিয়া উচিত। শ্ৰেণী অনুপাতে শিক্ষক, অতিৰিক্ত প্ৰধান শিক্ষক আৰু এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ সু-ব্যৱস্থা কৰা। যিমান পাৰি আন্ত:গাঁথনি উন্নত কৰাৰ লগতে জোতা, টাই, বেল্ট আদি সমসাজৰ লগত দিয়াৰ ব্যৱস্থা কৰা উচিত। কিয়নো এইবোৰে ব্যক্তিগত বিদ্যালয়ৰ সৈতে তুলনা কৰাত সুবিধা কৰে। তাৰোপৰি শিক্ষকৰ মাজত থকা  শ্ৰেণীবিভাজন যেনে REGULAR,  SSA CONTRACTUAL,  STATE POOL, TUTOR আদি বন্ধ কৰা। শিক্ষকক শিক্ষক হিচাপে সম মৰ্যাদা প্ৰদান কৰি,একে কামৰ একে পাৰিশ্ৰমিকৰ ব্যবস্থা কৰা। পাৰিলে 30:1 ৰ ঠাইত 20:1 কৰি শিক্ষকৰ সু-ব্যৱস্থা কৰাৰ লগতে শিক্ষকক অন্যান্য কামৰ বোজা হ্রাস কৰি বিশেষকৈ শৈক্ষিক দিশত এক বলিষ্ঠ পদক্ষেপ গ্রহণ কৰিলেহে প্ৰকৃত সুফল পাব পাৰি। 

            

       এনে অভিভাৱকো নথকা নহয়, নিজৰ মেধাসম্পন্ন সন্তানক ব্যক্তিগত খণ্ডত আৰু মেধা কম থকা জনক চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰাও দেখা যায়। মেধা জনক অনা-নিয়া, টিউচন, টিফিন, প্ৰতিমুহূৰ্তত খবৰ ৰখা, কিন্তু চৰকাৰী বিদ্যালয়ত পঢ়া জনৰ প্ৰতি কম গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। অৰ্থাৎ চৰকাৰী ব্যৱস্থাৰ প্ৰতি ক'ৰবাত নহয় ক'ৰবাত সন্দেহ পোষণ কৰে। এনে মনোভাৱ ত্যাগ কৰি চৰকাৰী বিদ্যালয়ৰ সৈতে সেই একেই ভাৱ পোষণ কৰিলে নিশ্চয় উন্নত ফলাফলৰ আশা কৰিব পাৰি। 


       উপৰোক্ত আলোচনাৰ পৰা ক'ব পাৰি যে, বিভিন্ন দিশত চৰকাৰী খণ্ডতকৈ ব্যক্তিগত খণ্ডত শৈক্ষিক ফলাফল কিছু উন্নত। অৱশ্যে সকলো চৰকাৰী বিদ্যালয়ৰ নহয়। কিছুমান চৰকাৰী বিদ্যালয়ৰ ফলাফল ব্যক্তিগত খণ্ডতকৈ কোনো গুণে কম নহয়। চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ফলাফল কিছু নিন্মগামী হোৱাৰ বাবে কেৱল শিক্ষকসকলৰ গাত দোষ জাপি দিয়াৰ আগতে এইবোৰ দিশৰো পৰ্যালোচনা হোৱা উচিত ৷ গোটেই ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব নোৱাৰিলে কেৱল শিক্ষকৰ গাত দোষ জাপি দিলেই সমস্যাৰ সমাধান নহয় ৷ বিদ্যালয় এখনৰ ফলাফল ভাল কৰিবলৈ শিক্ষকসকলৰ সমানে শিক্ষাৰ্থী, অভিভাৱকৰো যথেষ্ট কৰণীয় আছে ৷ বিদ্যালয়ৰ চাৰিফালৰ পাৰিপাৰ্শ্বিক অৱস্থায়ো শৈক্ষিক দিশত যথেষ্ট প্ৰভাৱ পেলায় ৷ কেৱল শিক্ষকৰ একক প্ৰচেষ্টাই কেতিয়াও ছাত্ৰছাত্ৰীৰ শৈক্ষিক মানদণ্ড উন্নত কৰিব নোৱাৰে ৷ উল্লেখ খনীয় যে,সকলো ছাত্ৰছাত্ৰী সমান মেধাসম্পন্ন নহয়, আই, কিউ সকলোৰে সমান নাথাকে। আনহাতে সকলো শিক্ষকেই সমান দায়িত্বশীল নহয় ৷ নিজৰ দায়িত্ব পালন নকৰা অথবা কৰ্তব্যত গাফিলতি কৰা কিছু শিক্ষক নথকা নহয়, সেইসকলক চিনাক্ত কৰি শাস্তি প্রদান কৰাৰ আমি পক্ষপাতী, গোটেই সমাজ পক্ষপাতী। কিন্তু দুই চাৰি জনৰ বাবে গোটেই শিক্ষক সমাজ কেতিয়াও দায়ী নহয়। শিক্ষকৰ নামত কলংক সেইসকলক। যদিও চৰকাৰে শিক্ষক নিযুক্তি দিছে সেয়া কিন্তু পৰ্যাপ্ত নহয় কিয়নো প্ৰতিবছৰে যিহেতু এক বুজন সংখ্যক শিক্ষক অৱসৰোঁ হৈছে। 

        অনাগত দিনত বিশেষকৈ নতুন শিক্ষা নীতি প্ৰচলন সুকলমে হ'লে চৰকাৰী বিদ্যালয়ৰ শৈক্ষিক দিশ কেতিয়াও নিম্নগামী নহয় বুলি আশা কৰিব পাৰি। অৱশ্যে এই মহান কামত আগতকৈ দুগুণ প্ৰেৰণাৰে চৰকাৰ, শিক্ষক সমাজ ও সচেতন মহলে কাম কৰিব লাগিব। এক ঐক্যবদ্ধ প্ৰচেষ্টাৰে আগুৱাই গ'লে চৰকাৰী শিক্ষা ব্যৱস্থাও আশা জনক হ'ব বুলি ক'ব পাৰি। 


Doksiri দকচিৰি, অক্টোবৰ, ২০২৩

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages