কবিতা : কিয় তুমি এনেকুৱা ? - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, October 31, 2023

কবিতা : কিয় তুমি এনেকুৱা ?

 


কবিতা : কিয় তুমি এনেকুৱা ? 


পাপু মজুমদাৰ

নগাঁও


তোমাৰ আৱৰণ ক'ত

তাই ক'লে- মই নিলাজ

কিয় তুমি এনেকুৱা? 

তাই ক'লে- তোমালোকেই মোক এনেকুৱা বনাইছা ! 

কোন তোমাৰ প্ৰিয়তম ? 

তাই হাঁহি ক'লে-

যোনে মোক বিবস্ত্র কৰে, 

আকৌ পুৱাতে মোক লৈ কয়-

তাই এজনী নষ্টা ! 

নাৰীৰ লজ্জাই তাৰ অলংকাৰ

কিন্তু

সমাজৰ কলুষিত চাৱনিয়ে

সদায় নাৰীক নিৰ্যাতন কৰে ৷

নাৰীয়ে আজিও

এমুঠি সন্মান ভিক্ষা কৰে, 

নাৰীৰ চিঞৰত ধ্বনিত হয়-

কোমল বুকুৰ আৰ্তনাদ! 



Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages