বিষয় - কণা গোঁসাই
গায়ত্ৰী দেৱী বৰঠাকুৰ
তেজপুৰ, শোণিতপুৰ
নঙলামুখত
তাঁত-বাতি কৰি থাকোতে
আউল লাগে
মূৰে-কপালে হাত থৈ
তিৰোতাবোৰে
কণা গোঁসাইক
জয়দেৱ কাকূতি কৰে
চকু মেলি চোৱা গোঁসাই
আমি অভাজন
গোঁসাইৰ খঙ উঠে
পানী-যুঁৱলিত জুমি চায়
ৰেটিনা
ক'তা
সকলতো ঠিকেই আছে
তথাপিও কিয় এই অভিধা
বিশেষণ
মোৰ ইচাৰাত
অন্ধই লঙ্ঘে পৰ্বত
মুকঃ ভৱতি ৱাচালঃ
আৰু এতিয়া মইহে কৰিবগৈ লাগে আইটেষ্ট!!!???
সেয়ে গোঁসায়ে কোনোদিনে
চকু মেলি নাচায়
তিৰোতাৰ জন্মকুণ্ডলী
আৰু আমি শ্লগান দিওঁ সম অধিকাৰৰ....
আমাৰ দাবী মানিবই লাগিব
লাগিবই লাগিব...???
ফোনঃ 8822943064


No comments:
Post a Comment