ভাৰত নে ভাতৰ আগুন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, October 31, 2023

ভাৰত নে ভাতৰ আগুন

 


ভাৰত নে ভাতৰ আগুন


                                        ৰিপুঞ্জয় বৰুৱা ঋমন


খাবলৈ নোপোৱা দেশ এখনত পোকতকৈয়ো বেছি মানুহ

খাবলৈ নোপোৱা দেশ এখনত বিশ্বৰেকৰ্ড মানুহ

খাবলৈ নোপোৱা দেশ এখনত কাপোৰতো নগ্ন মানুহ 

খাবলৈ নোপোৱা দেশ এখনত হাগি উভতি চোৱা মানুহ 

খাবলৈ নোপোৱা দেশ এখনত মানুহে মাৰে মানুহ 


খাবলৈ নোপোৱা দেশখনৰ ৰহা টোল গেটত টেক্স দি থাকোঁতে,

কোলাত কেঁচুৱা এটা লৈ গৰ্ভৱতী সৰস্বতীয়ে হাত মেলি ক'লে 

দাদা, কিবা এটা দিয়ক !

দুদিন ধৰি ভাত খাবলৈ পোৱা নাই 


এই কিবাটো কি ?


নিমখ-ভাত, ৰুটি-ভাজি, 

পুলাও, বিৰিয়ানী

প্ৰ'টিন, নিক'টিন 

এমুঠি বান্দৰ বিড়ি, গুটকা 

পাঁচ টকা, দহ টকা ?


ভোকক ভাতেৰে হৰণ কৰিলে ভাগফল যিমান থাকে

সিমানখিনি ভোকত ভাৰতে ভাতৰ মুখলৈ চাই !

খাবলৈ নাই 

নিৰোধক বিৰোধ কৰি 

ৰাতিয়ে-দিনে মদন-মালতীৰ বদমাছি ! 


ভাত নহ'লেও 

ভুলে শুদ্ধই পেটভৰ্তি ভ্ৰুণ 

পেটত এথাল ভাৰত নে ভাতৰ আগুন 


বাৰিষা আমাৰ ঘৰবোৰত পানী উঠে 

চিন্তাত আমাৰ মন কি বাত মনতেই মৰহে 


যেতিয়া পানী শুকাই যায় ঘৰবোৰত একোৱেই নাথাকে

কেতিয়াবা ঘৰটো

কেতিয়াবা মাটিখিনিও !


বাৰিষা অহাৰ দৰেই ইলেক্‌চন আহে 

পৃথকে পৃথকে নেতা আহে 

ইলেক্‌চনৰ সময়ত এভেক্‌চনৰ কথা নাহে 


গাওঁ উন্নয়নৰ কথা ক'বলৈ 

চিগা মথাউৰিত ৰাজনৈতিক মেলা বহে 


মেলা মানেই 'হবে খেলা'

খেলাত দিয়ে অমৃত-গোল্লা

গোল্লাৰামে জানে বেপাৰৰ কায়দা 


ঘৰ চৰকাৰে ভাঙি পেলালে ক'লৈ যাম ?

ঘৰ পানীয়ে উটুৱাই নিলে ক'লৈ যাম ?


ঘৰৰ চিন্তা কৰিম নে পেটৰ ?

কণমানিজনীয়ে ভোকত চিঞৰিছে কি খোৱাম ?

ভাৰতৰ চিন্তা কৰিম নে ভাতৰ !


ৰাম ৰাম দেশত এতিয়া নাথুৰাম

গান্ধীৰ কথা পাতি আমি কি পাম 


ঐ নাথুৰাম

এইবাৰৰ গুলীটোত কাৰ নাম ?



Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages