অসমৰ ৰাজ্যিক ফুলঃ কপৌ ফুল
চিন্ময় নাথ
মানিকপুৰ, বঙাইগাঁও
কপৌ ফুলৰ বৈজ্ঞানিক নাম এবিধ ভান্দা গোটৰ আকৰ্ষিক অৰ্কিড প্ৰজাতি । এই ফুলবোৰত এশতকৈয়ো অধিক বগা ৰংত গুলপীয়া ৰঙৰ ফুট দেখা যায়।
বিস্তৃতি
এই ফুলবিধ ভাৰত, বাংলাদেশ, চীন আদি দেখা যায়।
ভাৰতৰ এইবিধ ফুল ঘাইকৈ উত্তৰ পূৰ্বাঞ্চল, উৰিষ্যা, অন্ধ-প্ৰদেশত আছে। আৰু এই বিধ ফুল অসম আৰু অৰুণাচলৰ ৰাজ্যিক ফুল হিচাপে মান্যতা লাভ কৰিছে।
যত্ন
এই উদ্ভিদৰ বাবে সম পৰিমাণৰ পানী যোগান আৰু সাৰৰ প্ৰয়োজন। যদি ইয়াৰ পাতবোৰ বেছিকৈ তিতি থাকে তেন্তে ই মৰি যোৱাৰ সম্ভাৱনা থাকে। আৰু ই বসন্তৰ শেষতহে ফুলে।
ব্যৱহাৰ
এই ফুলবিধ খুব জনপ্ৰিয় আৰু বিহুৰ লগত ইয়াৰ ওতঃপোত সমন্ধ আছে। বিহুত নাচনী নাচীৰ বাবে খোপাত এই ফুলবিধ ব্যৱহাৰ কৰে। আৰু লগতে এই ফুলবিধক কিছুমানে বিবাহ অনুষ্ঠানতো ব্যৱহাৰ কৰা দেখা যায়।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:
Post a Comment