অন্ত:সত্ত্বা
মঞ্জুলা দেৱী
মাজুলী
পাগলী জনী অন্ত:সত্ত্বা হ'ল।
দিনৰ পোহৰত তাইৰ আপোন কোনো নাই।
ৰাতিৰ আন্ধাৰত আপোনবোৰৰ মুখবোৰ যে হেৰাই যায়
তথাপি তাই আন্ধাৰবোৰকে ভাল পায়
চহৰৰ মাজ মজিয়াত, অলিয়ে-গলিয়ে ঘূৰি ফুৰে - - -
কেৱল এমুঠি অন্নৰ কাৰণে।
চিনাাকি দোকানবোৰৰ সন্মুখত তাই থিয় হয় - - - আশাত!
" ঐ যা যা, নাহিবি এইফালে
চি : ইমান লেতেৰা ! "
তাই চিৎকাৰ কৰি উঠে -
আন্ধাৰ আৰু পোহৰৰ সংমিশ্ৰিত
প্ৰতিফলন তাৰ মুখ -
'কালি তই মোক খাবলৈ দিম বুলি কোৱা নাছিলি - - - ?
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:
Post a Comment