সোণালী দিনবোৰ
নয়ন জ্যোতি পাংগিং
শিৱসাগৰ
শৰতৰ ৰাতি আমূল মূল শেৱালী গুন্ধত চেঁচা পৰি ৰৈ যোৱা বাটে তুমি আহিছা । তোমাৰ অহাৰ উমান পাই দুঃখ বেদনাৰ ক্ষণবোৰ পাহৰীয়ে পেলাইছো। আপোন মানুহবোৰ ক্ৰমে আঁতৰি গ'লগৈ সেউজীয়া বাতে, সেই বাত বৰ অসহনীয় তথাপিও মানুহে নিজৰ কৰ্ম কৰি কৰি ভাগৰি নপৰে। কিমান লাভ লোকচানৰ বোজা পিঠিত লৈ ফুৰিব; নালাগে দিয়ক , সকলো মানুহে জীৱনত কিবা নহয় কিবা হেৰুৱাইছে... ! প্ৰকৃতিৰ মনোমোহা ৰঙীন ছবিবোৰ কিয় এমান সহজে পাহৰিব খুজিছে.. নাইখোজা নহয়নে..? নহলেনো শ্বিলংৰ অপূৰ্ব নয়নাভিৰাম দৃশ্য চোৱাৰ হেঁপাহ জাগি উঠে...? আপুনি এইবাৰ পিছে ক'ত যোৱাৰ পৰিকল্পনা কৰিছে...? মনে মনে আমি সকলোৱেই নিজৰ সুবিধা অনুসৰি ঠাই থিক কৰিম, যাম আৰু জীৱনৰ মাদকতা উদয্যাপন কৰিম ।
উদয্যাপন কৰা সময়ত আকৌ এচাম মানুহে পাহৰি যায় যে মোৰ দৰে অন্য কোনোৱে এনেকৈ এই ঠাইলৈ প্ৰকৃতিক বিচাৰি আহিব !? সেয়া আমি সকলোৱে জানো চিন্তা কৰিব নালাগে নহয়নে ? তেন্তে আপোনাৰ আৰু মোৰ আপত্তি থাকিব নালাগে ঠাইখিনি ভালকৈ পৰিষ্কাৰ কৰি অন্য জনকো ভাল পাবলৈ সুযোগ দিয়াৰ...।
মানুহৰ জীৱনটো বৰ অনুপম। এই জীৱন প্রত্যেকেই আড়ম্বৰ পূৰ্ণকৈ পাৰ কৰিব বিচাৰে, যিদৰে মোৰ সপোন আছে, ভালপোৱা আছে , আত্মীয় কুটুম আছে ঠিক সেইদৰে অন্যজনৰো আছে ..। কাৰোবাৰ হাতত আজি বহুত আছে আৰু কাৰোবাৰ ঘৰত কম আছে সেই জানি কাৰোবাক নিচ বুলি জ্ঞান কৰাটো উচিত নহয় কিয়নো... লগত একোকে নিব নোৱাৰো। অসমীয়াত এষাৰ কথা আছে বাতি খালে আটি যায়।
সোণালী দিনবোৰ বুটলিবলৈ সকলোৰে মন যায়। এই সোণালী দিন বুটলিবলৈ আমি নিজৰ চিন্তা, নিজৰ কৰ্ম সঠিক কৰিব লাগিব। সপোন ভাঙি যোৱা কথা চিন্তা কৰি কৰ্ম নকৰিলে অনাগত দিনবোৰ আৰু বেয়া হ'ব গতিকে খুব সহজে পূৰণ কৰিব পৰা সপোন কিছুমান আমি আজি ঠিক কৰিম আৰু সেই সপোন পূৰণ কৰিম। মোৰ সপোনৰ কথাবোৰ সদায় মনত এবাৰ ভগৱানক ক'ম সেই ভগৱান মোৰ এইকেইটা সপোন মই পূৰণ কৰিম আৰু সদায় তেওঁক কম।
ধুমুহা সকলোৰে আহে এই ধুমুহা অতিক্ৰম কৰিম, মোৰ সপোনৰ সোণালী দিনবোৰ সদায় উদয্যাপণ কৰিম , আনন্দৰে দিনবোৰ অতিবাহিত কৰিম আৰু পৃথিৱী খনক ধুনীয়া কৰি ৰখাত ময়ো সহযোগ কৰিম বুলি আজিয়ে ঠিক কৰিম লগতে সোণালী দিনবোৰ মাদকতাৰে উপচাই দিয়াৰ কামনাৰে নৱ বৰ্ষৰ শুভ কামনা জনালোঁ।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:
Post a Comment