সোণতৰা, আজি মাঘীৰ উৰুকা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, December 31, 2023

সোণতৰা, আজি মাঘীৰ উৰুকা

 


সোণতৰা, আজি মাঘীৰ উৰুকা


অংকুৰণ আৰ্ফ    


আই  ঐ  দেহি মাতষাৰে সোণতৰা তই বৰ   ধুনীয়া আমাৰ গাওঁৰে তই সৰল ছোৱালী তোৰ কথায়ে সুকীয়া


ঐ সোণতৰা আজি মাঘীৰ উৰুকা

শেষ হ'লনে তোৰ বিহুৰ আয়োজনৰ ব্যস্ততা 


সোণতৰা, বুটলি আন লাই- পালেং - ধনীয়াআছেই নহয় গৰাঁলত মতা পাতীহাঁহ আৰু চালৰ পৰা পাৰি থোৱা কোমোৰাঢেঁকীশাল কঁপাই কলহ ভৰাই 

খুন্দিলিনে সান্দহ আৰু চিৰা সোণতৰা, মই খাই বৰ ভালপাওঁ আকৌ তেলপিঠা,তিলপিঠা, ভাপত দিয়া পিঠা 


মাটি দাইল আছেই নহয় ময়ে খান্দি দিম বাৰু বাৰীৰ কাঠ আলু কেই টুকুৰা সোণতৰা, নগৰৰ বজাৰলৈ চকুকে নিদিবি

তাত বস্তুৰ দাম বৰ বেছি 


বস্তৰ দামতকৈও ভয়লগা

তোৰ দৰে ধুনীয়া ছোৱালীবোৰলৈ অহা-যোৱা কৰা লেতেৰা চকুবোৰৰ কথা 


সোণতৰা, দিন কাল হ'ল বেয়া বাৰীৰ পৰাই বুটলি আন লাই-পালেং-ধনীয়াএনেকৈ হ'ব দে আমাৰ ভোগালীৰ আয়োজন  চহামানুহআমি  বৰ সৰল আমাৰ মন নগৰীয়া বজাৰৰ ৰঙীনতা কিনি আনিব পৰাকৈ 

 নাই আমাৰ ইমান ধন প্ৰতি বছৰে বানত উছন হয়েই গোটেই গাওঁখন হ'বদে সোণতৰা আজিমাঘীৰ উৰুকা 

মাৰি দে হাঁহি এটা ধুনীয়া বহিব জানিলে মাটিয়ে পীৰাখাব জানিলে চাউলেই চিৰা সোণতৰা, কুঠাৰ খন দে 

ফালি দিওঁ আৰু কেইডালমান খৰি 

দপদপাই ডাঙৰকৈ জ্বলিব তেতিয়া মেজিৰ জুইকুৰা।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages