আৰু মিচিঙৰ অস্তিত্ব
খগেন পেগু
আলিঃ আঃয় লৃগাঙৰ চৰকাৰী বন্ধ এইবছৰো নহ'ল৷ এয়া বৰ পৰিতাপৰ বিষয়, অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতীয় জনগোষ্ঠী হ'লেও মিচিংসকলৰ আগৰ গৰিমা বহুখিনি মলিন হৈ পৰিল৷ সেই হৃত গৌৰৱ পুনৰোদ্ধাৰ কৰাটো বৰ্তমানৰ চৰকাৰৰ দিনত যেন একপ্ৰকাৰ কল্পনাৰ বাহিৰত; কিয়নো এইখন চৰকাৰৰ দিনত মিচিংসকলৰ সপক্ষে আজিলৈকে যেন একোৱে হোৱা নাই৷ তাৰ প্ৰমাণ, এই চৰকাৰৰ প্ৰথম কেবিনেট বৈঠকতে ঢকুৱাখনাৰ ম'হঘূলি চাৰিকড়িয়া অঞ্চলত ট্ৰাইবেল বেল্ট এণ্ড ব্ল'ক এলেকা শিথিল কৰি দিয়াটো৷ তাত ঘোষণা কৰা হ'ল, এতিয়াৰ পৰা উপৰিউক্ত অঞ্চলত জনজাতিৰ বাদেও অন্য মানুহে মাটি-বাৰীৰ লেনদেন কৰিব পাৰিব৷ তেনেকৈ জোনাই বজাৰ এলেকাতো ট্ৰাইবেল বেল্ট এণ্ড ব্ল'ক এলেকা শিথিল কৰি দিয়া হ'ল; আৰু ঘোষণা কৰা হ'লযে ইয়াত অন্যান্য সকলেও মাটি-বাৰীৰ লেনদেন কৰিব পাৰিব৷
দ্বিতীয়তে, সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ সময়ত লক্ষীমপুৰ লোকসভা সমষ্টিৰ ভিতৰত থকা মাজুলী বিধানসভা সমষ্টি ব্ৰহ্মপুত্ৰৰ সিপাৰ কৰি দিয়া হ'ল; আৰু চামিল কৰা হ'ল যোৰহাট লোকসভা সমষ্টিত৷ সিফালে ট্ৰাইবেল বেল্ট এণ্ড ব্ল'ক এলেকাৰ জোনাই বিধানসভা সমষ্টিৰ ভিতৰত চিচি বৰগাঁও অসংৰক্ষিত বিধানসভা সমষ্টি সৃষ্টি কৰা হ'ল৷ ফলত লক্ষীমপুৰ লোকসভা সমষ্টিৰ মিচিংসকল ৰাজনৈতিকভাৱে বহুপ্ৰকাৰে ছেদেলি-ভেদেলি হৈ পৰিল৷ ঢকুৱাখনা বিধানসভা সমষ্টিৰ ভোটাৰ নাওবৈচা বিধানসভা সমষ্টিলৈ আৰু গহপুৰ বিধানসভা সমষ্টিৰ ভোটাৰ বিহালী বিধানসভা সমষ্টিলৈ স্থানান্তৰ কৰাটোও কম ক্ষতিকাৰক হোৱা নাই৷
উপৰিউক্ত সকলোখিনিৰ বাদেও আলিয়াই লৃগাঙৰ চৰকাৰী বন্ধ নাইকীয়া কৰাটো এইখন চৰকাৰৰ আশ্চৰ্যকৰ এটা পদক্ষেপ৷ তাৰ বিপৰীতে, বহিৰাগত বিহাৰীসকলৰ ষঠ্ পূজা, মিচিংসকলৰ জনসংখ্যাতকৈ কম জনসংখ্যাৰ নেপালীসকলৰ ভাতৃ দ্বিতীয়ানে ভাইদোজা, আদিবাসী আৰু চাহমজদুৰসকলৰ তুচু পূজা আৰু কৰম পূজা, চুতীয়াসকলৰ সতী সাধিনী দিৱস আদি চৰকাৰী বন্ধৰ তালিকাত স্থান পাইছে৷ পিছে মিচিংসকলে কি জগৰ লগালেযে তেওঁলোক অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতীয় জনগোষ্ঠী হোৱা স্বত্বেও আলিঃ আঃয় লৃগাঙৰ চৰকাৰী বন্ধৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে? যিটো আগতে আছিলে তাক কিয় নাইকীয়া কৰিব লাগে?
যোৱা বছৰ আলিয়াই লৃগাঙৰ বন্ধ চৰকাৰী বন্ধ তালিকাৰ পৰা বাদ পেলোৱাৰ সময়ত মিচিঙৰ কোনো দল-সংগঠনে প্ৰতিবাদ নকৰিলে৷ দেৰিকৈ লক্ষীমপুৰত আলিয়াই লৃগাঙৰ বন্ধ বিচাৰি আন্দোলন কৰিছিল যদিও সেয়া আছিল তাত আলিয়াই লৃগাঙৰ সোণালী জয়ন্তী পতাৰ উদ্দেশ্যেহে৷ সেয়া সংগঠনবিলাকৰ কোনো কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত বা কাৰ্যসূচী নাছিল৷ সেয়ে 2023 চনত আলিয়াই লৃগাঙৰ চৰকাৰী বন্ধ নহ'ল৷ আৰু এইবাৰো 2024 চনত চৰকাৰী বন্ধৰ তালিকাত মিচিঙৰ আলিয়াই লৃগাঙৰ নাম-গুণ নাইকীয়া হ'ল৷
শেহতীয়াকৈ মিচিং অধ্যুষিত দহখন জিলাত আলিয়াই লৃগাঙৰ বন্ধ দিয়া বুলি অসম চৰকাৰৰ কোনোবা মন্ত্ৰীয়ে ঘোষণা কৰিলেও তাত মিচিং জনগণ সন্তুষ্ট নহয়; কিয়নো গুৱাহাটীকে ধৰি অসমৰ প্ৰায় প্ৰতিখন জিলাতে এতিয়া মিচিং মানুহৰ বসতি আছে৷ তাৰ উপৰি অসম চৰকাৰৰ প্ৰতিটো বিভাগৰ ডালে-পাতেই এতিয়া মিচিং চাকৰিয়াল বৰ্তমান৷
সিফালে দহখন জিলাত স্কুল বা কলেজ বন্ধ হ'ব, আৰু বাকীবিলাকত ক্লাছ চলি থাকিব৷ সেইটো কেনেকুৱা অন্যায়? দহখন জিলাৰ ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীৰ শিক্ষা গ্ৰহণত পিছ পৰি যাব; আৰু বাকী জিলাবিলাকৰ আগবাঢ়ি যাব৷ গতিকে গুৱাহাটীকে ধৰি বাকী সমগ্ৰ অসমতে বন্ধ দি ন্যায় কৰিব লাগিছিল৷ সেয়ে চৰকাৰী বন্ধ সমগ্ৰ অসমৰ বাবেই হ'ব লাগে৷
এইক্ষেত্ৰত এটা কথা উল্লেখযোগ্য৷ সেয়া হ'ল, মিচিংসকলক কিবা এটা দিব লাগে বুলি তথাকথিত নামধাৰী সংগঠনবিলাকে বহুদিনৰ পৰাই(প্ৰায় সাত-আঠ বছৰৰ পৰাই) দাবী নকৰা হ'ল৷ কিবা এটা ন্যায্যপ্ৰাপ্য চৰকাৰে নাইকীয়া কৰিলে বা বঞ্চিত কৰিলেও চৰকাৰৰ লগত মিত্ৰতা স্থাপন কৰা বুলি জাহিৰ কৰা তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে মুঠেও প্ৰতিবাদ সাব্যস্ত নকৰা হ'ল৷
উল্লেখযোগ্য, অতি পৰিতাপৰ বিষয় এইযে সিদিনা নামনি সোৱণশিৰি বহৎ নদীবান্ধ প্ৰকল্পৰ টানেলত পাহাৰৰ মাটি খহি নৈখনৰ সোঁত বন্ধ হৈ গৈছিল৷ প্ৰায় ডেৰ দিনৰ বাবে শোৱণশিৰি নৈ শুকাই গৈছিল৷ পানী শুকাই যোৱাত নদীখনৰ বুকুত থকা মৎস্যকুল, অৰ্থাৎ মাছ-কাছবিলাক এফালৰ পৰা মৰি খাস্তাং হ'ল৷
দ্বিতীয়তে, বৃহৎ নদীবান্ধ ভাঙি নদীৰ নামনি পাৰ্শ্বৱৰ্তী অঞ্চলত মহাপ্ৰলয় সৃষ্টি হোৱাৰ আশংকাই দেখা দিছিল৷ (যেনিবা খৰালিৰ বতৰ হোৱা বাবে সেয়া হ'বলৈ নাপালে৷) তেতিয়া অসমৰ জাতীয় সংগঠন সদৌ অসম ছাত্ৰসন্থা, সদৌ অসম যুৱছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি আদিয়ে নদীবান্ধ বন্ধ কৰি দিবলৈ জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰি নিজৰ জাতীয় সংগঠন হোৱাৰ দায়িত্ব পালন কৰিলে; কিন্তু মিচিং সমাজৰ নামধাৰী সংগঠনবিলাকে সেইটো সময়ত একো মাত-বোলেই নকৰিলে৷ তেতিয়া তেওঁলোক হয়তো উৎসৱ পতাত নিমগ্ন হৈ আছিল৷
এটা কথা ক'বলৈ গ'লে, সোৱণশিৰি বৃহৎ নদীবান্ধ প্ৰকল্প মিচিংসকলৰ বাবেহে বেছি বিপদজনক; কিন্তু নদীবান্ধ প্ৰকল্পৰ টানেল পাহাৰ খহি বন্ধ হৈ যোৱাৰ সময়তে মিচিং সংগঠনবিলাক গভীৰ নিদ্ৰাত মগ্ন হৈ থাকিল৷ সেয়া হিতে বিপৰীত আৰু অতি পৰিতাপৰ বিষয় নহয়নে? প্ৰয়োজনীয় সময়ত ওলাই নহা বা কৰ্মবিমুখ হোৱা এইবোৰ দায়ৱদ্ধতাহীন আৰু দায়িত্বজ্ঞানহীন গভীৰ নিদ্ৰাৰ পৰিণাম অদূৰ ভৱিষ্যতে হয়তো বহুত বিষময় হ'ব৷
তাৰ মানে তেওঁলোক "আছে গৰু নাবায় হাল; থকাতকৈ নথকাই ভাল৷" গতিকে মিচিঙৰ কি আছে? সকলো সুবিধাবাদী৷ সেয়ে মিচিং উপাধি থকা এগৰাকী মানুহৰ হতুৱাই আলিয়াই লৃগাঙৰ চৰকাৰী বন্ধটোকে নাইকীয়া কৰি পেলোৱা হ'ল৷ কিয়নো মিচিং নামৰ জাতিসত্তা এটা থাকিলেও এতিয়াৰ চৰকাৰে তাক পাত্তা নিদিয়ে৷ এতিয়া মিচিং মানুহৰ কান্ধত বন্দুক থৈয়ে কোনোবা চকেৰান্তকাৰীয়ে মিচিং সমাজক গুলিয়াই আছে৷
এতিয়া মিচিং এটা নাপাত্তা জাতি; ইয়াৰ কি মান-সন্মান আছে? যি আছিলে, ইয়াৰ স্বাৰ্থপৰ সন্তানসকলে সকলো খাই শেষ কৰিলে; এতিয়া আৰু একো বাকী নাই৷ এনেই নাচ-গান দেখুৱাই ফূৰ্তি-ফাৰ্তা কৰিলেও চাৰিওফালৰ পৰা মিচিং জাতি শোষিত, লাঞ্চিত আৰু বঞ্চিত হৈ এই পৃথিৱীত জীয়াই আছে৷
ক'বলৈ গ'লে, সকলো ফালৰ পৰা শোষিত আৰু বঞ্চিত হোৱা সত্বেও অসমৰ অন্যান্য জনগোষ্ঠীৰ দৰে দাবী, ধৰ্ণা, আন্দোলন, প্ৰতিবাদ আদি নকৰোঁতে নকৰোঁতে এতিয়া মিচিংসকলৰ একপ্ৰকাৰ সকলো পথেই অৱৰুদ্ধ৷ কোনোবাই মিচিংসকলক Six Schedule নালাগে বুলি কোৱাৰ পিছত এতিয়া ছিক্স ছিদুল সুদূৰ পৰাহত৷ সেই একেজনেই ক'লেযে মিচিংসকলৰ চাকৰিয়াল বহুত তাকৰ; সেয়ে আলিঃ আঃয় লৃগাঙৰ বন্ধ দিবলৈ অসুবিধা৷ তেতিয়াই, অৰ্থাৎ 2022-23 বৰ্ষৰ ভিতৰতে তথাকথিতসকলে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰা হ'লে হয়তো চৰকাৰে কিবা এটা পুনৰ বিবেচনা কৰিলেহেঁতেন; কিন্তু একো নোকোৱাকৈ বা নকৰাকৈ থকাত লগে লগে গুণোৎসৱ পাতি আলিয়াই লৃগাঙৰ উদযাপন 2023 বৰ্ষত একেবাৰে কোঙা কৰিয়ে দিলে৷ তাৰ পৰৱৰ্তী পদক্ষেপ হিচাপে এইবাৰো, অৰ্থাৎ 2024 চনৰ চৰকাৰী বন্ধৰ তালিকাটো আলিয়াই লৃগাঙৰ নাম নুঠিল৷
ইয়াতে আৰু এটা কথা বিশেষভাৱে উল্লেখযোগ্য যে মিচিং আগম কৌবাঙৰ সোণালী জয়ন্তী অধিবেশনত মিচিং ভাষাৰ ক্ষেত্ৰত ঢেৰ কিবাকিবি নাটক কৰিলে যদিও মিচিং ভাষা Medium of instruction হৈ নুঠিল৷ সিদিনা ঘূণাসুঁতিত আগম মিগাং টাবুৰাম টাইদৰ মূৰ্তি অনাৱৰণ কৰোঁতে শিক্ষামন্ত্ৰীয়ে প্ৰাক্ প্ৰাথমিকত মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰিছে যদিও সেয়া অঙ্গনবাড়ী পৰ্যায়তহে, যিটো একেবাৰে আনুষ্ঠানিক বুলি ক'ব নোৱাৰি৷
এতিয়াৰ সময়ত মিচিংসকলে চৰকাৰৰ পৰা পাবলগীয়া সাংবিধানিক ন্যায্যপ্ৰাপ্য এটাও নতুনকৈ পোৱা নাই; বৰঞ্চ আগতে যিবোৰ আছিলে সেইখিনিও এপদ এপদকৈ নাইকীয়া হৈ গৈ আছে৷ যিটো আলিয়াই লৃগাঙৰ বন্ধ কংগ্ৰেছ চৰকাৰে দিছিল এতিয়া সেই বন্ধ নাইকীয়া কৰা হ'ল৷ অগপ চৰকাৰৰ দিনত 230 খন প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষা-শিক্ষকৰ নিযুক্তি দিয়া হৈছিল৷ এতিয়া সেইখিনিও নাইকীয়া হৈ গ'ল৷ আগতে Tribal Belt & Block Area সুৰক্ষিত হৈ আছিল; এতিয়া সেইখিনিও শিথিল কৰি দিলে৷ তাৰ উপৰি সমষ্টি পুনৰ নিৰ্দ্ধাৰণে বহুখিনি ফালৰ পৰাই ৰাজনৈতিকভাৱে মিচিং সমাজক ছেদেলি ভেদেলি কৰি দিলে৷
আকৌ দোহাৰিছোঁ, সিফালে মিচিংসকলৰ বাবে ছিক্স ছিদুলৰ সম্ভাৱনাও বহুতখিনি ম্লান পৰি গ'ল৷ তাতে তথাকথিতসকলে মাত নামাতি কেৱল নাচ-গান আৰু সুবিধা লোৱাতে ব্যস্ত থাকিল৷ ফলত ভৱিষ্যতে জাতিটো একেবাৰে অসুৰক্ষিত হ'ল৷ মুঠতে মিচিং নামৰ জনগোষ্ঠীটো এতিয়া মৰি মৰি জীয়াই আছে৷ কিছুদিনৰ পিছত হয়তো ইয়াৰ অস্তিত্বই বিপন্ন হ'ব৷
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment