কৃষ্ণচূড়া নগৰীৰ আজন্ম প্ৰেমিক
✍️চেনিমাই পলেং
আমিবোৰ প্ৰেমিক চৰাই কৃষ্ণচূড়াৰ দেশৰ
যাৰ ৰঙীন আঁভাই দি যায় মনত এটি ৰং
যাৰ চৌপাশে বিয়পাই আনে এজাক হিম শীতল বতাহ
যাৰ তৰুণী দুচকুত জাগে ৰক্তিম আঁভা
যাৰ পৰিচয় দি যায় লুইত বিশাল।
সেইখন নগৰীৰ আমিবোৰ এটি এটি প্ৰেমিক
যাৰ প্ৰেমে বোৱাই যায় শোণিতৰ আঁভা
যাৰ প্ৰেমে দি যায় প্ৰতিটো আশা
হোষ্টেলৰ সেই মধুৰ সময়বোৰ
নলিনীবালা দেৱীৰ বুকুৰ আৱেগবোৰ
হোষ্টেলৰ কোঠাৰ মানিপ্লেনৰ পুলিটো
সকলো যেন আমাৰ আপোন।
অথচ আমি জানো যে আমি তাত দুটা বছৰৰ আলহী
তথাপি আমি ইজনৰ দুখত কান্ধো, আন জনৰ সুখত হাঁহো।
ইজনে বেজাৰ পালে দুচকুৰে নিগৰে অশ্ৰুৰ টোপাল।
এবাৰ প্ৰেমত পৰিবচোন কৃষ্ণচূড়াৰ দেশৰ
আপুনিও বুজি উঠিব আচলতে প্ৰেম কি ??
আপুনিও শুনিব প্ৰেমৰ পদ্য কি ?
এবাৰ জালুকবাৰীলৈ যাব
তাতেই ৰৈ থাকিব কৃষ্ণচূড়াৰ গছবোৰ
বসন্তৰ সময়ত এবাৰ গৈ সুধিব
এনেকৈ আদৰণি জনাইনে প্ৰেমিকবোৰক
তোৰ ৰঙেৰে ৰাঙলী হৈ
কৃষ্ণচূড়াৰ দেশৰ প্ৰেমৰ পদ্য ৰচিবলৈ।
এবাৰ ভাল পাই চাব, মাত্ৰ এবাৰ
জালুকবাৰীৰ কৃষ্ণচূড়াৰ নগৰখন
আপুনিও অনুভৱ কৰিব
প্ৰণৱ কুমাৰ বৰ্মনে এনেই লিখি থৈ গৈছিল নে কবিতা
যে জালুকবাৰীলৈ আহিলে এবাৰ মোক লগ কৰি যাবা
ইয়াত প্ৰেমিক চৰাইজনী থাকে
সঁচাকৈ অতুলনীয়, ৰূপৰ সমাহাৰ
জালুকবাৰীৰ কৃষ্ণচূড়াৰ নগৰীখন।
No comments:
Post a Comment