ভাৰতৰ স্বৰ্ণিল এছিয়ান গেমছত এভূমুকি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, December 1, 2023

ভাৰতৰ স্বৰ্ণিল এছিয়ান গেমছত এভূমুকি



ভাৰতৰ স্বৰ্ণিল এছিয়ান গেমছত এভূমুকি


হৰিচৰণ পেগু


     ইবাৰ ১৯ত্বম এছিয়ান গেমছ খনি অনুষ্ঠিত হৈছিল ক্ৰীড়া বিশ্বৰ মহাশক্তিধৰ হিচাপে পৰিচিত চীন দেশৰ মনোৰম চহৰ হাংজৌত । প্ৰস্তাৱিত ১৯ত্বম এছিয়ান গেমছৰ আচল সময় আছিল ২০২২ চন । পিছে মহামাৰী কৰোনাৰ বিভীষিকাৰ বাবেই ২০২২ ৰ প্ৰস্তাৱিত ক্ৰীড়া অনুষ্ঠানটো ২০২৩ চনৰ চেপ্টেম্বৰ মাহলৈকে পিছুৱাই দিব লগীয়া হয়।  ১৯৫১ চনত আৰম্ভ হোৱা এই বিশ্বৰ দ্বিতীয় বৃহৎ ক্ৰীড়া প্ৰতিযোগিতা খনিৰ ১৯ ত্বম সংস্কৰণটোত মুঠ ৪৫ খন দেশৰ প্ৰায় ১২০০০ গৰাকী ক্ৰীড়াবিদে অংশগ্ৰহণ কৰিছিল। 

১৯৫১ চনত প্ৰথম এছিয়ান গেমছৰ শুভাৰম্ভ ঘটিছিল । সেই সময়ত ক্ৰীড়া ইভেন্টটোৰ নাম আছিল এছিয়াদ । আৰু ইয়াৰ পটভূমি তৈয়াৰ হৈছিল ভাৰতৰ বুকুতে। দিল্লীত অনুষ্ঠিত প্ৰথম এছিয়াদত ভাৰতে ৫১ টা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে উক্ত ক্ৰীড়ানুষ্ঠানত অংশগ্ৰহণকাৰী দেশৰ পৰিমানো নিচেই কম আছিল।

১৯৫১ চনত ভাৰতৰ নেতৃত্বত এছিয়ান গেমছ ফেডাৰেচন গঠন কৰা হৈছিল। যাৰ তত্বাৱধানত প্ৰথম এছিয়ান গেমছ অৰ্থাৎ ১ম এছিয়াদ আৰম্ভ কৰা হয় ভাৰতৰ দিল্লী চহৰত। ৪ মাৰ্চৰ পৰা ১১ মাৰ্চলৈ চলা ক্ৰীড়া মহোৎসৱটোত National Olympic Committee য়ে পৰিচালনা কৰিছিল আৰু তদানীন্তন এছিয়াৰ এঘাৰ খন স্বাধীন ৰাষ্ট্ৰৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। ভৌগোলিক কাৰণত ৰুচ মহাসংঘক এছিয়ান গেমছলৈ নিমন্ত্ৰণ কৰা নাছিল।

যিকি নহওক ১১ খন দেশৰে ৪৮৯ গৰাকী খেলুৱৈৰে ১ম এছিয়ান সম্পন্ন হৈছিল। জাপানে মুঠ ৬০ টা পদকেৰে (২০ স্বৰ্ণ সহিত) প্ৰথম স্থানত থকাৰ বিপৰীতে আয়োজক ভাৰতে ৫১ টা পদকেৰে য'ত ১৫ স্বৰ্ণ টা আছিল, দ্বিতীয় স্থান লাভ কৰিছিল। ইয়াৰ পাছত ১৯৮২ চনত পুনৰবাৰ ভাৰতত অনুষ্ঠিত হৈছিল এছিয়ান গেমছ।

এছিয়ান গেমছৰ ইতিহাসত এতিয়ালৈ ভাৰতে মুঠ ৭৫৩ পদক লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ মাজত আছে ১৮৩ টা সোণৰ পদক , ২৩৯ টা ৰূপৰ পদক আৰু ৩৫৭ টা ব্ৰঞ্জৰ পদক।

সামগ্ৰিকভাৱে এথলেটিকচত ভাৰতে সবাতোকৈ উত্তম প্ৰদৰ্শন কৰিছে আৰু মুঠ ২৫৪ টা পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এথলেটিকচৰ পৰা। তাৰে ৮৫ টাই স্বৰ্ণ পদক।

দ্বিতীয় আৰু তৃতীয় স্থানত আছে শ্চুটিং আৰু মল্লযুদ্ধ। শ্চুটিঙত ৮০ টা আৰু মল্লযুদ্ধত ৫৯ টা পদকেৰে ভাৰতে উৎকৃষ্ট স্থিতি বজাই ৰাখিছে।

এই বৰ্ষৰ এছিয়ান গেমছক বাদ দিলে এছিয়াদৰ শ্ৰেষ্ঠ আছিল ২০১৮ ত অনুষ্ঠিত জাকাৰ্টা এছিয়াত। কিন্তু এইবছৰ সেই সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনক অতিক্ৰম কৰি ভাৰতে লাভ কৰিলে ১০৭ টাকৈ পদক। আৰু এছিয়াদৰ ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে অংকিত কৰিবলৈ সক্ষম হয়।

ভাৰতবৰ্ষই এইবাৰ মুঠ ১০৭ পদকেৰে এছিয়ান গেমছত উজলি উঠাই নহয় সৰ্বকালৰ শ্ৰেষ্ঠতম প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ল । ২৮ স্বৰ্ণ, ৩৮ টা ৰূপ আৰু ৪১ টা ব্ৰঞ্জ পদকেৰে ভাৰতে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। পদকৰ লেখেৰে এয়া সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। অৱশ্যে স্থানৰ লেখেৰে ১৯৬২ চনত ৫৭ টা পদকেৰে সামগ্ৰিকভাৱে তৃতীয় স্থানত উপৱিষ্ট হৈ শ্ৰেষ্ঠ প্ৰদৰ্শন ডাঙি ধৰিবলৈ সক্ষম হৈছিল।

ক'বলৈ গ'লে এইবাৰ ভাৰতে ক্ৰীড়াৰ ক্ষেত্ৰত এছিয়াৰ মহাশক্তিধৰ সকলৰ মাজত এটা বুলি চিনাকী কৰাই দিবলৈ সক্ষম হৈছে।

ইয়াৰ পুৰ্বে ভাৰতৰ পদকৰ সৰ্বোচ্চ সংখ্যা আছিল ৭০ টা। আৰু ২০১৮ বৰ্ষত এই সংখ্যা স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল ভাৰত।

১৯৫১ চনৰ পৰা আৰম্ভ হোৱা এছিয়ান গেমছৰ প্ৰাৰম্ভিক বৰ্ষত ভাৰতে লাভ কৰা পদকৰ সংখ্যা আছিল ৫১ টা। তাৰ পাছৰে পৰা ভাৰতে এই অৰ্ধশতকৰ আশে-পাশেই পদক সীমাৱদ্ধ কৰি ৰাখিব লগীয়া হৈছিল। দেশত ক্ৰীড়াৰ বাবে পৰ্যাপ্ত সা-সুবিধা নোহোৱা বাবেই বিশ্বস্তৰীয় ক্ৰীড়াবিদ সকলৰ সৰ্বোচ্চ বিকাশ লাভ কৰা নাছিল যেন বোধ হয়।

কিন্তু এইবাৰ ভাৰত শেনৰ এজাত। ভাৰতৰ ক্ৰীড়া সম্প্ৰচাৰকাৰী গণমাধ্যমবোৰত " is baar sha paar " শ্লোগানেৰে ভাৰতৰ শ পদকৰ লক্ষ্য স্থিৰ কৰি দিছিল। দেশৰ নৌবাহিনী, বিমান বাহিনী, স্থল বাহিনীৰ সেনাধ্যক্ষ সকলে এই শ্লোগান আওৰাই দেশৰ ক্ৰীড়াবিদ সকলক উৎসাহিত কৰিছিল। কমেডিয়ান কপিল শৰ্মাৰ পৰা আৰম্ভ কৰি সুধা মুৰ্ত্তিৰ দৰে খ্যাতিসম্পন্ন লেখক-লেখিকা, অমিতাভ বচনৰ দৰে বিশিষ্ট অভিনেতা তথা আন আন খ্যাতিসম্পন্ন ৰাজ নেতা আদিয়েই সেই শ্লোগানৰ সম্প্ৰচাৰ কৰিছিল।

এইবাৰ ভাৰতে মুঠ ২৮ টাকৈ সোণৰ পদক লাভ কৰিছে। আৰ্চাৰীত মুঠ ৪ টা, ক্ৰিকেটত ২ টা, কাবাডীত ২ টা, হকীত ১ টা , বেডমিন্টনত ১ টা, স্কোৱাচত ২ টা, এথলেটিকচত ৬ টা, টেনিচত ১ টা, শ্চুটিঙত ৫ টা।

বেডমিন্টনত পুৰুষৰ ডাবোলত সাত্বিক চাই আৰু চিৰাগ শেট্টীৰ যুটিটোৱে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। স্কোৱাচত ভাৰতৰ মিশ্ৰ যুটিয়ে (মিক্স ডাবোলচ) স্বৰ্ণ জয় কৰাৰ লগতে পুৰুষৰ দলটোৱেও বিজয় সাব্যস্ত কৰে। আৰ্চাৰীত স্বৰ্ণ জয় কৰা ক্ৰীড়াবিদ সকল হৈছে - সংমিশ্ৰিত দল (Mixed team compound) , মহিলা সংমিশ্ৰিত দল, পুৰুষ সংমিশ্ৰিত দল, মহিলা সংমিশ্ৰিত ব্যক্তিগত শাখাত জ্যোতিৰেখা ভেনম, পুৰুষ সংমিশ্ৰিত ব্যক্তিগত শাখাত ওজাচ প্ৰবীন দেওতালে স্বৰ্ণ জয় কৰে। ক্ৰিকেটত পুৰুষ আৰু মহিলা দু্যোটা শাখাতে ভাৰতীয় ক্ৰিকেট দলে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে।

কাবাডীটো মহিলা আৰু পুৰুষ উভয় দলেই এছিয়াদৰ শ্ৰেষ্ঠ দল হিচাপে শেষ হাঁ‌হি মাৰি সোণৰ পদক দখল কৰিবলৈ সক্ষম হয়। মহিলা কাবাডী দলটোৱে চাইনীজ টাইপেৰ তীব্ৰ প্ৰত্যাহ্বানক ওফৰাই স্বৰ্ণ জয়ৰ সোৱাদ পোৱাৰ বিপৰীতে পুৰুষ কাবাডী দলে গত বৰ্ষৰ চেম্পিয়ন ইৰানৰ সৈতে বিবাদত লিপ্ত হ'ব লগা হয়। অৱশেষত ভাৰতৰ সপক্ষে ভাগ্যচক্ৰ সলনি হোৱাত ভাৰতে স্বৰ্ণ জয়েৰে অন্তিম হাঁ‌হিটো মাৰিবলৈ সক্ষম হয়।

হকীত পুৰুষৰ দলে জাপানক ৫-১ সহজ ব্যৱধানত পৰাজিত কৰি ন বছৰৰ স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয়। এথেলেটিকচত এইবাৰ ভাৰতীয় খেলুৱৈৰ দমনীয় প্ৰদৰ্শন দেখা পোৱা গ'ল। মুঠ ছয়টাকৈ সোণৰ পদক ভাৰতে এই শিতানত দখল কৰিবলৈ সক্ষম হয়।

পুৰুষৰ ৩০০০ মিঃ ষ্টিপলাচ দৌৰত অবিনাশ চাবলেই স্বৰ্ণ , মহিলাৰ ৫০০০ মিঃ দৌৰত পাৰুল চৌধুৰীয়ে স্বৰ্ণ জয় কৰে। শ্চটপুটত পুৰুষ শাখাত তাজিন্দৰ পাল সিঙে নিজৰ এছিয়াদৰ স্বৰ্ণিম দৌৰ অব্যাহত ৰাখি এইবাৰো স্বৰ্ণ পদক নিজৰ নাম কৰিবলৈ সক্ষম হয় । মহিলাৰ জেভলিন থ্ৰ'ত অনু ৰানীয়ে সোণৰ পদক অৰ্জণ কৰাৰ বিপৰীতে ভাৰতৰ গল্ডেন বয় নীৰজ চোপ্ৰাই নিজৰ অবিজিত ৰেকৰ্ড ৰক্ষা কৰি পুৰুষৰ জেভলিন থ্ৰ'ত পুনৰাই এছিয়াদৰ স্বৰ্ণ জয় কৰে।  ইয়াৰ উপৰিও এইবাৰ ভাৰতৰ পুৰুষ দলটিয়ে ৪×৪০০ মিঃ ৰীলে দৌৰত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয়। ল'ণ টেনিছত বৰিষ্ঠ টেনিছ চেম্পিয়ন ৰোহন বোপান্নাৰ যুটীয়ে মিক্স ডাবোলচত স্বৰ্ণ জয় কৰে।

একোৱাষ্ট্ৰিয়ানত ভাৰতে এইবাৰ দৰ্শনীয় প্ৰদৰ্শন আগবঢ়ালে। ভাৰতীয় পুৰুষ দলে দৰ্শনীয় আৰু দমনীয় খেল প্ৰদৰ্শন কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

শ্চুটিঙত ভাৰতীয় দলৰ প্ৰদৰ্শন আছিল অত্যন্ত চকুত লগা। ভাৰতে এই কেটেগৰীত মুঠ ২২ টা পদক লাভ কৰিবলৈ সক্ষম হয় । সবাতোকৈ অধিক পদক দখলেৰে এই শিতানটো দেশৰ অন্যতম প্ৰভাৱশালী ক্ৰীড়া মঞ্চ হিচাপে পৰিগণিত হৈ পৰিল। ইয়াৰে মুঠ ৮ টা সোণৰ পদক।

এই বৰ্ষৰ এছিয়াদৰ প্ৰথম দিনটোতে মহিলাৰ ১০ মিঃ এয়াৰ ৰাইফল শ্চুটিঙত মহিলা দলে স্বৰ্ণ জয় কৰাৰ পাছত পুৰুষ দলেও একে শিতানত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত মহিলাৰ ২৫ মিঃ পিষ্টল শ্চুটিঙত দলগত ভাৱে আৰু ১০ মিঃ এয়াৰ পিষ্টল শ্চুটিঙত পালক গুলিয়াৰ দ্বাৰা ভাৰতীয় মহিলা দলে দুটাকৈ সোণৰ পদক অৰ্জন কৰে। মহিলাৰ ৫০ মিঃ ৰাইফল শ্চুটিঙত শ্বিপ্ট কৌৰ শামৰাই স্বৰ্ণ জয় কৰে। পুৰুষ দলটোয়ে ক্ৰমে ১০ মিঃ এয়াৰ পিষ্টল আৰু ৫০ মিঃ ৰাইফল শ্চুটত স্বৰ্ণ জয় কৰে ডবল ধামাকাৰ সৃষ্টি কৰে।

পুৰুষৰ ট্ৰেপ শ্চুটিঙটো ভাৰতে দলগত ভাৱে স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয়।

এনেদৰেই এচিয়াৰ বুকুত নিজক স্বৰ্ণিল ইতিহাসেৰে ৰঞ্জিত কৰি আহিল ভাৰতীয় ক্ৰীড়াই। এই সময় ভাৰতীয় ক্ৰীড়াৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ সময়। সকলো ঠিকে ঠাকে থাকিলে অহা ২০৩৬ চনত ভাৰতত সৰ্বোচ্চ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিক খেল অনুষ্ঠিত হ'ব । উক্ত অনুষ্ঠানৰ বাবেই যেন ভাৰতৰ ক্ৰীড়াই এক নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে।

এছিয়ান গেমছৰ সাফল্যৰ পাছতে ভাৰতৰ চোকে কোনে খেল মহাৰণ নামেৰে এক বৰ্ণাঢ্য ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰি গাৱঁৰ প্ৰতিভাবোৰক চিনাক্ত কৰাৰ কাম চলাই থকা হৈছে।

স্থানীয় পৰ্যায়তো তেনে বহু প্ৰাৰম্ভিক প্ৰয়াস দেখা পোৱা গৈছে । অসম মুলুকৰ মিচিং অধ্যুষিত অঞ্চলতো জাতীয় মিচিং ছাত্ৰ সংগঠনৰ দ্বাৰা মিচিং অলিম্পিক নামেৰে এখনি বৰ্ণাঢ্য ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰা দেখা গৈছে। কাজেই চোকে কোনে সিঁ‌চৰিত হৈ থকা ক্ৰীড়া প্ৰতিভাবোৰ বাহিৰলৈ ওলাই অহাৰ পথ প্ৰসস্ত হৈ পৰিছে। তেনে পদক্ষেপে পৰৱৰ্তী সময়ত ভাৰতীয় ক্ৰীড়াক বিশ্বজগতলৈ সগৌৰৱে আগবঢ়াই লৈ যাব বুলি আমি প্ৰচণ্ড আশাবাদী।


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages