সংগ্ৰাম জীৱনৰ সংগী
প্ৰাণ প্ৰতিমা বড়া
গুৱাহাটী
“এই এলেহুৱা মানুহজনৰ লগত বিয়াহৈ যোৱা ১০ বছৰে নৰকৰ যন্ত্ৰণা ভুগিছোঁ । মোৰ বাবে নহলেও আমাৰ ছোৱালীজনীৰ কথা ভাবিব লাগে! দুবেলা-দুসাঁজ পেট ভৰাই খোৱাব নোৱাৰে ৷ মানুহটোৰ এলেহুৱা স্বভাৱটোৰ বাবে কোনো এটা কামতেই থিতাপি লব নোৱাৰে ৷বন্ধন বেংকৰপৰা ধাৰলৈ যেনেতেনে ৰিস্কা এখন যোগাৰ কৰি দিলোঁ সেইখন চলাবলৈও মানুহটোৰ বৰ এলাহ । এই মানুহটোৰ লগত সংসাৰ কৰি বৰ কষ্ট ভুগিবলগীয়া হৈছে আমাৰ।"
মনৰ আক্ষেপবোৰ বিনাদ্বিধাই মুখেৰে ওলিয়াই দি মালতীয়ে ৰিস্কাখন লৈ ঘৰৰপৰা ওলাই গ’ল গধূলি সাঁজৰ উপাৰ্জনৰ বাবে ।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:
Post a Comment