মধুৰতম স্মৃতি আমাৰ শৈশৱ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, December 31, 2023

মধুৰতম স্মৃতি আমাৰ শৈশৱ

 





মধুৰতম স্মৃতি আমাৰ শৈশৱ 

নৱজ্যোতি বৰা        


     য়তো আমাৰ মনৰ স্মৃতি টোপোলাত আজিও সযতনে মেৰিয়াই বান্ধি ৰাখিছো শেশৱৰ মধুৰ ক্ষণবোৰ ।মোক বা আপোনালোকক যদি কোনোবাই প্ৰশ্ন কৰে জীৱনৰ ভাল লগা সময় কোনখিনি আছিল বুলি তেনেহলে হয়তো আমি বিনাদ্বিধাই উওৰ দিম আমাৰ শৈশৱৰ সময় কন বুলি। শৈশৱৰ সময় কনতে আমি দেখি অহা আমাৰ আধাখোন্দাৰ বিশাল পথাৰ, সোনাই নৈ দুয়ো পাৰে থকা সেউজীয়া, বৰপুখুৰিৰ পাৰৰ আঁহতৰ তলৰ গাঁৱৰে ডেকা-গাভৰু, ককা-আইতাহতে বিহু নচা, ম'হৰৰ যুঁজ পতা, ব্ৰাক্ষনগাঁৱৰ নামঘৰৰ ভাওনা, বাৰিষাত শাওণৰ পথাৰ, আঘোণৰ ভৰ দুপৰীয়া ম'হৰ ডাৱৰ ওচৰতে থকা ৰবাব টেঙাৰ গোন্ধ লগতে পথাৰত নি কলপাতত খোৱাৰ দিনবোৰ আজিও বৰকৈ মনত পৰে। আধাখোন্দা পথাৰত ডৰাই-ডৰাই কৰি থোৱা কুঁহিয়াৰ খেতিৰ মাজত বহি বাচি বাচি পিয়জি কুঁহিয়াখোৱাৰ কথাবোৰে আজিও মনটোক বৰকৈ আমনি কৰে। এয়িই শৈশৱৰ এক মধুৰতম ছবি।


    গাঁৱৰ বোকা পানী গছকি, ধূলি বালিৰ সৈতে মিতিৰালি কৰি ধূলিয়ৰি বাটেৰে গৈ গৰু-মহ খেদি পথাৰলৈ নি কাছমাৰি বিলত গা ধোৱা, বিলত বৰশি বোৱা, পুখুৰিত কলৰভোৰ চলোৱা আজিও বৰকৈ মনত পৰে। আমি গাঁৱত বাস কৰো সেইবাবে  আমাৰ দেউতাহতে নাঙলৰ মুঠিতেই সপোন ৰচে। দেউতাৰ সপোনৰ কেনভাচতে মা'ৰ মূখত দেখা পাওঁ প্ৰাপ্তিৰ সুখবোৰ। দেউতাই ঢল পুৱাতেই বিছনা এৰি মূখ-হাত ধুই লাল চাহ এটুপি মূখত দিয়েই হাতত এচাৰিডাল লৈ আগত ৰঙি মূৰা গৰু কিতা খেদি নিয়াৰ সময়তে ময়ো দেউতাৰ পিছে পিছে বাট বুলিছিলো আধাখোন্দা পথাৰলৈ বুলি। দেউতাই মাটি ডৰা মৈ দিওতে মৈত উঠিবলৈ দেউতাক কিমান খাটনি ধৰিছিলো মই। তেতিয়া দেউতাই কৈছিল মৈ'ত উঠিব নাজান তই। মৈ'ত ভালডৰে উঠিব নোৱাৰিলে মৈ'ৰ পৰা উলাই বোকাত পৰিবি তই। দেউতাৰ এই কথাত কিমান যে অভিমান কৰিছিলো মই। দেউতাই উপায় নাপায় মৈ'য় দিওতে মোকো উঠাই লৈছিল মৈ'ত। মৈ উঠি মাটি মৈ দিওতে মাটিৰ গোন্ধে আমোলমোল মোৰ দেহ মন। হাল মোকলিৰ অন্তত পথাৰৰ গাতে লাগি থকা ৰাইজৰ পুখুৰি বৰ আঁহতৰ তলত বহি গৰৈ মাছৰ পিটিকা, কঠাল গুটি পুৰা, বেহুৱা, কলা মাহৰ গুৰাৰ লগতে কেছা পিয়াজে পঁইতা ভাত খোৱা গোন্ধ আজিও বৰকৈ আমনি কৰে মোক। আমাৰ শৈশৱৰ সময়ত আঘোণ মাহৰ কথা অলপ সুকিয়া আছিল। কিয়নো আঘোণৰ পথাৰে মোক বাৰুকৈয়ে আকৰ্ষিত কৰিছিল। আঘোণৰ পথাৰত দেউতাৰ সপোনবোৰ সোণোৱালী হৈ উজলি আছিল। মা, মালা-মনী, অংকি, প্ৰীতিৰেখা, গায়এী, জাহ্নৱী, আঘোনী, অনামীকা, নীলাৰঞ্জনা, মৌপ্ৰীয়াহতৰ কাঁচিৰ পৰশত সোণোৱালী ধানবোৰ খিলখিলাই হাঁহি উঠিছিল। পথাৰৰ পৰা ঘৰলৈ ডাঙৰি অনা সময়ত দেউতাৰ লগতে ৰুপম, ডিম্পুল, ৰাজীৱ, ভাইকন, তন্ময়, বাবাটিদা হতৰ লগত ময়ো অলপ সহায় কৰি দিছিলো। ধান চপোৱাৰ অন্তত আমি পৰিয়ালৰ আটায়ে মাছ-মঙহেৰে এসাঁজ তৃপ্তিৰে খাইছিলো আৰু সেই মিলা জুলি খোৱা সাজকে ন-খোৱি বুলি কয়।


     মোৰ শৈশৱৰ আটাইতকৈ প্ৰিয় আৰু আকৰ্ষন আছিল ভাওনা, ৰাস। আমাৰ বূাক্ষনগাওঁ নামঘৰত নাটক পৰিচালক নেএকমল বৰঠাকুৰ দেৱে ভাওনাৰ তথা ৰাসৰ চৰিএ বিলোৱা আৰু নাট মুকলি কৰা দিনৰ পৰা মই নিয়মীয়া ভাওনাৰ দৰ্শক হোৱাৰ লগতে ৰাসত গোপী ৰুপে অভিনয় কৰিছিলো। ভাওনাৰ দিনা ফুট গধুলিতে নামঘৰৰ নিদিষ্ট ঠাইত ঢাৰি পাৰি নিজৰ লগতে ঘৰৰ সকলোলৈকে ঠাই অধিকাৰ কৰি ৰাখিছিলো আৰু মা-দেউতাৰ কাষত বহি চকু নিটিপিয়াকৈ পুৱতি নিশালৈকে ভাওনা চাইছিলো। ভাউনাৰ পিছৰদিনা লগৰীয়া ৰাজীৱ, সমীল, ৰুপম, ডিম্পুল, তন্ময়, নাৰায়ন, ৰমনী, নীলাভহতৰ সৈতে আধাখোন্দা পথাৰৰ বৰআঁহতৰ তলত বৰ দুৰ্দান্তভিৱে ভাওনা মঞ্চস্থ কৰিছিলো। কেতিয়াও ঘূৰি নহাৰ প্ৰতিশ্ৰুতিৰে হেৰায় যোৱা শৈশৱৰ কিছুমান মধুৰ ঘটনাই আজিও মনত বৰকৈ সাঁচ বহুৱাই ৰাখিছে। শৈশৱে জীৱন জীৱলৈ শিকায়, শৈশৱে আমাক মানুহ হ'বলৈ শিকায়। এতিয়া সময় পৰিৱৰ্তন হ'ল পৰিৱৰ্তন হ'ল মানুহৰ মনবোৰ। সম্প্ৰতি বিশ্বায়নৰ প্ৰভাৱে মানুহ নামৰ প্ৰানীবিধক ক্ৰমশঃ যন্ত্ৰলৈ সলনি হোৱাৰ উপক্ৰম হৈছে। আজিৰ সময়ত শৈশৱ আৰম্ভ হয় মোৱাইলত শেষ হয় ব্যক্তিগত পাঠশালাৰ চাৰিবেৰৰ মাজত। পথাৰৰ নিভেজাল গোন্ধ লবলৈ আজি আহৰি নাই লৰা ছোৱালীবোৰৰ। এতিয়া গৰু নাইকিয়া হ'ল গোহালীত, তাই ঠাই ললে টেক্টৰে। ইয়াৰ বাবে জগৰিয়া কোন সময় নহয়নে ?  তথাপিও কওঁ আজিৰ যুৱ-প্ৰজন্মক --পাপজি, ইউটিউৱ, ফেছবুক, ৰিলছ, ইষ্টাগাম আদিৰ সলনি বুকা-পানীত খেলিবলৈ দিয়কছোন। নহলে এনে এটা দিন আহিব যে শৈশৱ মানে পথাৰ, নামঘৰ, ভাওনা, কু'কভা খেলি, ঢ'কুনা টনা, লোকাভাকু, টাং গোটি খেলা, লেচেৰি বুটলা নহয়ৈ– পাপজি, হোৱাটএপ, ইউটিউৱ, ইষ্টাগাম, ৰিলছ, ফেছবুক, ফি-ফায়াৰ হ'ব আৰু শৈশৱ নামৰ শব্দটো কিতাপৰ পাতত ডাঙৰ ডাঙৰ আখৰেৰে আমি পঢিবলৈহে পাম অতি শুনকালে।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages