আঘোণ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, December 31, 2023

আঘোণ

 




আঘোণ


              প্ৰিয়ংকা টায়েং


কুঁৱলীৰ ওৰণি টানি

আঘোণ নামিছে

বুকুত বিজুলী খেলি বিৰিঙিছে

এধানি প্ৰাপ্তিৰ হাঁহি।

সপোনৰ শইচবোৰ সেন্দুৰীয়া হৈ

ধৰা দিলেহি চকুত

নিয়ৰৰ বৰষুণত তিতি বুৰি

জুৰুলি জুপুৰি আঘোণৰ মলয়াৰ শীতল স্পৰ্শত

জুৰ পৰিছে হৃদয়খন।

পকা ধাননিৰ বুকুয়েদি বৈ অহা

ৰিব ৰিব মলয়াৰ স্পৰ্শত

সিচঁৰিত হৈছে,

সোণালী ধানৰ সুগন্ধ। 

জোনাক নিশাৰ তৰাফুল আৰু শুভ্ৰ জোনাকে 

প্লাবিত কৰিছে সোণালী পথাৰখন।

অলেখ ভাৱ আৱেগৰ বোজা লৈ, আঘোণ আহিছে....

আহি থাকিব

অনন্ত কাললৈ...।


ঠিকনাঃ প্ৰিয়ংকা টায়েং

শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়, নগাঁও

অসমীয়া বিভাগ


Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages