সূৰ্যই গা-ধুৱা আবেলি
সত্যজিৎ গগৈ
নাহৰকটীয়া, ডিব্ৰুগড়
শিমালয় পৰ্বতৰ সমান ওখ
তাইৰ দুচকুৰ মণি
কেতিয়াও নেদেখা
এখন সেউজীয়া ছবি
জলকেলি কৰি নামি অহা
কমলা ৰঙীণ এখন নদী।
ভাৱৰ দোমোজাত থিয় হয়
সোণোৱালী-ৰূপোৱালী ঢৌ
কোমল সেউজীয়া কবিতাত
হেমকোষৰ বগা-কলা শব্দই
শাৰী পাতে একান্ত বাধ্যতাৰে।
এখন নৈ আছে নিগাজিকৈ
য'ত সদায় আবেলি
সূৰ্যটো আহে-গা ধুবলৈ
ঠেটুৱৈ ধৰা জাৰৰ দিনৰ
গোটেই নিশাটো ঘঁহি ঘঁহি গা ধুৱে
আৰু আঁতৰাই পেলাই আৱৰ্জনা
ধলপুৱাতে পুনৰ ৰাঙলী আভাৰে
উদ্ভাসিত হয় সূৰ্য উঠা দেশত।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:
Post a Comment