পৰিবৰ্তন
ৰূপা ৰাজখোৱা হাজৰিকা
যোৰহাট
মানস আৰু ৰুবীৰ পাঁচবছৰীয়া প্ৰেম ভালপোৱাই তেওঁলোকক পতি পত্নীলৈ ৰূপান্তৰিত কৰিলে।দুটি সন্তানৰ পিতৃ-মাতৃ মানস আৰু ৰুবীৰ মাজত সুন্দৰ বুজাবুজি ,মিলা-প্ৰীতিৰ বাবে তেওঁলোকৰ সংসাৰ খন খুব সুখৰ হৈ পৰিল।প্ৰতিটো কথা ইজনে সিজনক নোকোৱাকৈ কোনো কামেই নকৰিছিল।কাষৰ ঘৰটোলৈ অহা বৰানীহঁতৰও চকুত তেওঁলোকৰ মিলা-প্ৰীতি ধৰা নপৰাকৈ থকা নাছিল।সাংসাৰিক জীৱনৰ কুৰিতা বছৰ পাৰ নৌহওঁতেই তেওঁলোকৰ সুখৰ সংসাৰখনত কেৰোণ লাগিল।মানস আৰু ৰুবীৰ মাজত দাঁতত ভাত লাগিলেও গম পোৱা সময়বোৰ এতিয়া ডিঙিত কাঁইট লাগিলেও গম নোপোৱা সময়লৈ পৰিবৰ্তন হ'ল।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment