বিচাৰ
ববিতা দাস
তামুলপুৰ
মালতী বিছনাত বাগৰি হুকহুকাই কান্দি আছে,পিছে তেওঁক সান্তনা দিবলৈ আজি কাষত কোনো নাই,বাহিৰত ৰৈ আছে বৃদ্ধা আশ্ৰমৰ চাৰি চকীয়া গাড়ীখন, সৰু পুতেক আৰু বোৱাৰীয়েক। সচাকে সময় কেতিয়াও একে নাযায় আজিৰ পৰা ঠিক দহ বছৰৰ আগত এনেকুৱা এটা দিনতে তেওঁ তেওঁৰ ডাঙৰ বোৱাৰীক সন্তানহীনা, সাতবেমাৰী কুলক্ষিণী আৰু যে কিমান কি গালি শপনি দি ঘৰৰ পৰা উলিয়াই দিছিল,পিছে পিছে ওলাই গৈছিল ডাঙৰ পুতেক।কিন্তু মুখেৰে এটা শব্দও মতা নাছিল দুয়োজনে। আৰু আজি "মা সোনকাল কৰা গাড়ীখন ইমান সময় ৰৈ থাকিব নোৱাৰে নহয়, আৰু আমাৰো অফিচ আছে,তোমাৰ বাবে ৰৈ থাকিলে নহব নহয়।"
মালতীয়ে দৰ্জা খুলি ওলাই আহিল আপোন ঘৰ খনৰ পৰা গীৰিয়েকৰ ফটো এখন আৰু সময়ে কৰা বিচাৰৰ প্ৰতি দান লগত লৈ -
"সঁচাকে এয়া মই কৰা কৰ্মৰ ফল,সৰু পুত্ৰৰ মৰমৰত অন্ধহৈ এসময়ত ডাঙৰ পুত্ৰক কৰা অন্যায়ৰ কুফল এয়া।ডাঙৰ বোৱাৰী মোক ক্ষমা কৰিবা নে তুমি" মনৰ মাজতে কথাবোৰ কৈ গাড়ীৰ চিটত বহি পৰিল মালতী।
ফোনঃ ৯৮৫৯৭৪৪২৭২
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment